Z GARG: গর্গ ঋষিৰ গোত্র হ’ল গর্গ বা গাৰ্গ্যঃ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
গর্গ ঋষিৰ গোত্র হ’ল গর্গ বা গাৰ্গ্য আৰু এই গৰ্গ ঋষিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই সৃষ্টি হ’ল গাৰ্গ অৰ্থাৎ আমাৰ সকলোৰে মৰমৰ #জুবিন_গাৰ্গ …

সম্প্ৰতি এটি চৰ্চিত বিষয় হৈছে জুবিন গাৰ্গৰ কোনো জাতি নাই কোনো ধৰ্ম নাই। যিটো গোকাট মিছা কথা, এয়া নাস্তিক শ্ৰেণীয়ে উদ্দেশ্যপ্ৰণোদিত ভাৱে সমাজত সৃষ্টি কৰা ভুল ধাৰণাহে। যাতে জুবিন অনুৰাগীয়ে সেয়া আকোঁৱালি লয়।

তাৰ আগতে আমি জানিব লাগিব গোত্ৰ কি ? আমাৰ সনাতন ধৰ্মত কেইবাসহস্ৰাধিক ঋষি বা মুনি আছিল আৰু আমি সনাতনীসকল তেওঁলোকৰেই বশোৎদ্ভৱ। এই ঋষিসকলৰ বশোৎদ্ভৱসকলক ঋষি গৰাকীৰ নামৰ গোত্ৰৰ ভিতৰতে ধৰা হয়। উদাহৰণস্বৰূপে কাশ্যপ মুনিৰ বশোৎদ্ভৱসকল কাশ্যপ গোত্ৰ। ঠিক তেনেদৰে গৰ্গ মুনিৰ বশোৎদ্ভৱসকল গৰ্গ গোত্ৰৰ ভিতৰত পৰে। উল্লেখনীয় কথাটো হ’ল এই গৰ্গ মুনি আমাৰ পৰম আৰাধ্য প্ৰভু শ্ৰীকৃষ্ণৰ বংশধৰ যাদৱসকলৰ কুলগুৰু আছিল আৰু ‘শ্ৰীকৃষ্ণ’ নামটো তেওঁৱেই নামাকৰণ কৰিছিল বুলি উল্লেখ আছে।

এইগৰাকী গৰ্গ ঋষিৰ বশোৎদ্ভৱসকলেই গৰ্গ গোত্ৰৰ হয়। আৰু আপোনালোকে জানি আচৰিত হ’ব যে আমাৰ প্ৰিয় জুবিন গাৰ্গো এই গৰ্গ গোত্ৰৰে আছিল। ‘গাৰ্গ’ উপাধিটো আছলতে তেওঁৰ গোত্ৰহে। আমাৰ বহুতে যেনেকৈ কাশ্যপ গোত্ৰক উপাধি হিচাবে লিখে ঠিক তেনেকৈ জুবিনেও গৰ্গ উপাধিটোক ইংৰাজীত গাৰ্গ বুলি লিখিছিল।

বহুলোকে যেনেকৈ প্ৰচাৰ কৰি আছে কথাবোৰ তেনেকুৱা নহয়। জুবিন আমাতকৈ বেছি সনাতনী আছিল বা ধাৰ্মিক আছিল। দেৱাদিদেৱ মহাদেৱৰ প্ৰতি জুবিনৰ আছিল অগাধ ভক্তি যিটো তেওঁ ‘কাঞ্চনজংঘা’ গীতটোৰ লগতে বহুবাৰ উল্লেখ কৰি গৈছে। ভোলেনাথৰ দৰেই জুবিনো আছিল বৌমভোলা মনৰ। জুবিনৰ জাতিও আছে আৰু ধৰ্মও আছে। সেয়েহে জুবিনৰ অন্তেষ্টিক্ৰিয়াও সম্পূৰ্ণ বৈদিক পদ্ধতিৰে বেদবাক্য উচ্চাৰণ কৰি নাম-কীৰ্ত্তনেৰে কৰা হৈছে।

আৰু এইযে ‘মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই’ এইটো ‘কাঞ্চনজংঘা’ চিনেমা খনৰ এটা জনপ্ৰিয় সংলাপ বা ডাইলগ আছিল। কাঞ্চনজংঘা হৈছে পৰ্বত আৰু পৰ্বত-পাহাৰ, নদ-নদী এইবোৰৰ জাতি-ধৰ্ম থাকে জানো ? এইবোৰটো মুক্ত নহয় জানো। জুবিনেও তাকেই কৈছিল। গতিকে মোৰ সকলোলৈকে এটাই আহ্বান এইবোৰ অনাহক কথাৰ পৰা আঁতৰি জুবিন গাৰ্গ নামৰ বিশাল সত্তাটোৰ অগণন সৃষ্টিৰাজি, সমাজৰ হকে কৰা ভাল কামবোৰৰ প্ৰচাৰ হওক। নতুন প্ৰজন্মই বিশ্বশিল্পী ৰূপে জুবিনক আগুৱাই নিয়ক এয়াহে প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’ব।

বজালীৰ পাঠশালাত প্ৰায় ৪ কঠা মাটিত বিশ্বশিল্পী ‘জুবিন গাৰ্গ’ৰ নামত এখন উদ্যান আৰু এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মোৰ বিধায়কৰ আনটাইড ফাণ্ডৰ আছুতীয়া পুঁজিৰ পৰা ২৫ লাখ টকাৰ অনুমোদন জনাইছোঁ। কিন্তু সৰ্বাঙ্গসুন্দৰ হ’বলৈ হ’লে ২৫ লাখ টকাৰে নহ’ব গতিকে সদাশয় ৰাইজকো মই সহায়-সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনাইছোঁ।

‘অসম সৌৰভ’ তথা আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক শ্ৰী কৃষ্ণ ৰয়, কহিনুৰ থিয়েটাৰ প্ৰযোজক শ্ৰী তপন লহকৰ, জিলা আয়ুক্ত শ্ৰী মৃদূল দাস, আৰক্ষী অধীক্ষক শ্ৰী সুমন চক্ৰৱৰ্তী, ৰাজহ চক্ৰ বিষয়া শ্ৰী চন্দন বেজবৰুৱা, জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী মীনাক্ষী দাস, পাঠশালা পৌৰসভাৰ পৌৰনেত্ৰী শ্ৰীমতী ডলী চৌধুৰী, পাটাছাৰকুছি পৌৰসভাৰ সভাপতি শ্ৰী জয়ন্ত তহবিলদাৰ, জুবিন গাৰ্গ ফেন ক্লাৱৰ সভাপতি শ্ৰী মৃন্ময় পাঠককে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ব্যক্তিসকলৰ উপস্থিতিত আজি ‘বিশ্বশিল্পী জুবিন গাৰ্গ স্মাৰক সমিতি’ এখন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰথমতেই উদ্যানৰ বাবে মাটিখিনি আবণ্টন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰোঁ।

