অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Yoga Practice Centre: গোগামুখত অত্যাধুনিক যোগভ্যাস কেন্দ্ৰৰ শুভাৰম্ভণি, চলিব চিকিৎসা পদ্ধতি

Spread the love

গোগামুখত অত্যাধুনিক যোগভ্যাস কেন্দ্ৰৰ শুভাৰম্ভণিঃ চলিব চিকিৎসা পদ্ধতি

DD TIMES গোগামুখ, ২ মাৰ্চঃ পৌৰাণিক কালৰ পৰাই যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি হিচাপে গ্ৰহণ কৰি আহিছে আৰু এই যোগভ্যাসে মানুহৰ শৰীৰক সুস্থ-সবল আৰু শক্তিশালী কৰি ৰখাত সহায় কৰি আহিছে ৷

সম্প্ৰতি সময়ৰ পৰিৱৰ্তনত যোগভ্যাসত নিত্য নতুন কাৰিকৰী কৌশল, পদ্ধতি অত্যাধুনিক সামগ্ৰীৰ সমাহাৰ ঘটিছে আৰু ইয়ে যোগভ্যাসক অত্যাধুনিক চিকিৎসা পদ্ধতিলৈ  উন্নীত কৰিছে ৷ এনে অত্যাধুনিক সামগ্ৰী, কলা-কৌশল আৰু অত্যাধুনিক পদ্ধতিৰে গঢ় লৈ উঠা যোগভ্যাস কেন্দ্ৰ (Yoga Practice Centre) হৈছে গোগামুখ ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ ৷

উল্লেখ্য, গোগামুখ (GOGAMUKH) ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ ২০১৫  চনত ভানুমতী পাৱ পেৰ্মেৰ একান্ত প্ৰচেষ্টাত প্ৰতিষ্ঠা হৈছিল ৷ পূৰ্বে ৰুদ্ৰাক্ষ  যোগ কেন্দ্ৰ গোগামুখ মিচিং কৃষ্টি ভৱন (Mising Culture Building), গোগামুখ মহাবিদ্যালয়তৰ চৌহদত চালুকীয়া অৱস্থাত আছিল আৰু কোনো নিৰ্দিষ্ট যোগব্যায়াম কেন্দ্ৰ অবিহনে এক জটিল পৰিস্থিতিৰ মাজত পৰিচালিত হৈ আছিল ৷

এই জটিল পৰিস্থিতিৰ মাজতে ৰুদাক্ষ যোগকেন্দ্ৰই ব্যায়ামৰ জৰিয়তে বহু দুৰাৰোগ্য ৰোগীক আৰোগ্য কৰাৰ লগতে বহু সন্তানহীন দম্পতীক সন্তান লাভৰ ক্ষেত্ৰত সহায় কৰি আহিছিল। এই ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰ  স্থানীয় ৰাইজৰ বিপুল দাবী আৰু সুবিধালৈ চাই বৰ্তমান গোগামুখ আবতানি লত্তাস্থিত অত্যাধুনিক বহুমুখী প্ৰকল্পলৈ স্থানান্তৰ কৰা হৈছে ৷ 

বৰ্তমান  আবতানি লত্তাত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ ন সাজত, নতুন ৰূপত সজোৱা হৈছে আৰু পুৱা-গধুলি পূৰ্ণ্যোদ্যমে ভিন্ন বয়সৰ লোকে যোগভ্যাস কৰিবলৈ আৰম্ভ কৰিছে ৷ দেওবাৰে ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামনি পেৰ্মে পেগুৱে ৷ 

তেওঁ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি ইয়াৰ উন্নত আন্তঃগাঁথনিত সন্তুষ্টি প্ৰকাশ কৰে আৰু যোগভ্যাসে মানুহৰ শাৰিৰীক, মানসিক উৎকৰ্ষ সাধনত বহুলভাৱে সহায় কৰে বুলি দোহাৰে ৷ তেওঁ লগতে কয়- এখন সুস্থ-সবল, শান্তিপূৰ্ণ সমাজ গঢ়াত যোগব্যায়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যোগব্যায়াম পূৰ্বে ভাৰতবৰ্ষতে সীমাবদ্ধ আছিল ৷

কিন্তু যোগভ্যাসৰ গুৰুত্ব বৰ্তমান  সমগ্ৰ বিশ্বলৈ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে ৷ মই গোগামুখ যোগভ্যাস কেন্দ্ৰত জন্মলগ্নৰে পৰা জৰিত আছিলোঁ ৷ কিন্তু মোৰ কৰ্ম ব্যস্ততাৰ বাবে মই বাস্তৱিকভাৱে ইয়াত উপস্থিত থাকিব পৰা নাছিলো যদিও ইয়াৰ আন্তগাঁথনি উন্নয়নত মই সকলোপ্ৰকাৰে সহায় কৰি আহিছোঁ ৷ আগন্তুক দিনবোৰতো ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰলৈ তেওঁ সহায় কৰি যাব বুলি দোহৰাৰ লগতে যোগভ্যাস কেন্দ্ৰত জৰিত সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷

অনুষ্ঠানটো আঁত ধৰে গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ অনিল কুমাৰ পেগুৱে ৷ অনুষ্ঠানত উপস্থিত থাকে ৰুদ্ৰাক্ষ যোগকেন্দ্ৰৰ যোগ গুৰু য়াদৱ পখৰেলে ৷ ৰুদ্ৰাক্ষ যোগকেন্দ্ৰৰ জৰিয়তে ইতিমধ্যে বহুকেইজন পৰীক্ষাৰ্থীয়ে ডিপ্ল’মা ডিগ্ৰীও লাভ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!