WORLD TEACHERS DAY 2025: গোগামুখত আন্তৰ্জাতিক শিক্ষক দিৱস উদ্যাপনঃ ১৪০গৰাকী অৱসৰী শিক্ষকক সম্বৰ্ধনা
গোগামুখত আন্তৰ্জাতিক শিক্ষক দিৱস উদ্যাপনঃ ১৪০ গৰাকী অৱসৰী শিক্ষকক সম্বৰ্ধনা
DD TIMES, গোগামুখ, ৫ অক্টোবৰঃ আজি আন্তৰ্জাতিক শিক্ষক দিৱস ৷ সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি ধেমাজি জিলাৰ গোগামুখতো আন্তৰ্জাতিক শিক্ষক দিৱস উদ্যাপন কৰা হয় ৷

মিচিং শিক্ষক সমাজৰ গোগামুখ জিলা সমিতিৰ উদ্যোগত ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত অনুষ্ঠিত হোৱা উক্ত শিক্ষক দিৱসত সৰ্বমুঠ ১৪০ গৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক সম্বৰ্ধনা জনোৱা হয় ৷
কাৰ্যসূচী অনুযায়ী আজি পুৱা ৭ বজাত পতাকা উত্তোলন কৰে সদৌ মিচিং শিক্ষক সমাজৰ গোগামুখ জিলা সমিতিৰ সভাপতি পদ্মলোচন দলেয়ে ৷ ৮ বজাত গছপুলি ৰোপন কৰে গোগামুখ নগৰ হাইস্কুলৰ সহকাৰী শিক্ষক ৰবীন কামানে ৷

তেওঁক সহযোগ কৰে শিক্ষক দিলীপ পেগু. তিলেশ্বৰ পেগু, ৰাইচিং দলে, নন্দেশ্বৰ কামান আৰু প্ৰধান শিক্ষক ডিম্বেশ্বৰ পেগুৱে ৷ ৯-৩০ জাতীয় সংগীত পৰিৱেশনেৰে মূল মঞ্চ মুকলি কৰা হয় ৷ ১১ বজাত অৱসৰী শিক্ষকসকলক চিনাকি দিয়াৰ লগতে সম্বৰ্ধনা জনোৱা হয় ৷ বিয়লি ২ বজাত সমবেত সংগীতেৰে মুকলি শুভাৰম্ভ কৰা হয় ৷
মুকলি সভাত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলপ কুমাৰ ঝা, সদৌ মিচিং শিক্ষক সমাজৰ কেন্দ্ৰীয় সভাপতি ভগীৰথ মিলি, সম্পাদক পংকজ মিলিয়ে ৷
দুই শতাধিক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকা উক্ত সম্বৰ্ধনা সভাত সভাপতিত্ব সদৌ মিচিং শিক্ষক সমাজৰ গোগামুখ জিলা সমিতিৰ সভাপতি পদ্মলোচন দলেয়ে ৷ উদ্দেশ্য ব্যখ্যা কৰে সদৌ মিচিং শিক্ষক সমাজৰ সাধাৰণ সম্পাদক নৱ কুমাৰ পেগুৱে ৷