বিশ্ব ফটোগ্ৰাফী দিৱসত ভাল ফটো তোলাৰ সংকল্প ল’লে আলোক চিত্ৰশিল্পী নলিনী বৰুৱাই
অসমত যিগৰাকী ব্যক্তিক একাষৰীয়া কৰি বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপনৰ কথা ভাবিব নোৱাৰি সেইগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী তেজপুৰৰ নলিনী বৰুৱাৰ বাসগৃহত কালি পুৱাই প্ৰতিকুল বতৰকো নেওচি উপস্থিত হ’ল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভা আৰু শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ বিষয়ববীয়া। ৯৬ বছৰীয়া দুৰন্ত তৰুণ নলিনী বৰুৱাক কালি বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে বাণ থিয়েটাৰৰ উপ-সভাপতি ভৱানন্দ দাস, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী আৰু কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ মহন্তৰ লগতে তেজপুৰ সাহিত্য সভাৰ উপ-সভাপতি দ্বীজেন নাথ আৰু শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই একোখনকৈ গামোচাৰে সম্ভাষণ জনায়। বাসগৃহৰ এই অনুষ্ঠানতে বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে নলিনী বৰুৱাক বাদ দি অসমত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপনৰ কথা ভাৱিবই নোৱাৰি বুলি কৈ নলিনী বৰুৱা অকল তেজপুৰৰে নহয় সমগ্ৰ অসমৰ সম্পদ বুলি মন্তব্য কৰি ওৰেটো জীৱন আলোকচিত্ৰক প্ৰকৃত অৰ্থত এক শিল্পলৈ পৰ্যৱসিত কৰি সংস্কৃতিৰ নগৰী তেজপুৰক আজিও সেই একেই শিল্পকৰ্মেৰে সমৃদ্ধ কৰি ৰাখিছে বুলি কয়।
বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু নলিনী বৰুৱাৰ পুত্ৰ মাধুৰ্য্য বৰুৱা, বোৱাৰী দীপা বৰুৱাৰ লগতে একাংশ লোক উপস্থিত থকা অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ উপ-সভাপতি দ্বীজেন নাথেও চমু ভাষণ প্ৰদান কৰি বিগত সময়ত তেজপুৰ সাহিত্য সভাই বৰেণ্য আলোকচিত্ৰ শিল্পীগৰাকীৰ ওপজা দিন আন অনুষ্ঠানসমূহৰ সহযোগত উদযাপন কৰি আলোকচিত্ৰ শিল্পৰ গুৰুত্ব আৰু মহত্ব প্ৰতিপন্ন কৰি অহাৰ লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী গৰাকীৰ জীৱন-দৰ্শন উঠি অহা প্ৰজন্মৰ পাথেয় কৰিবলৈ প্ৰয়াস চলাই আহিছে বুলি মন্তব্য কৰে। অনুষ্ঠানটিত নলিনী বৰুৱাই নিজৰ অনুভৱ সদৰি কৰি এশ বছৰ জীয়াই থাকি ভাল ফটোৰ সন্ধান কৰি থাকিম বুলি কৈ ফটোগ্ৰাফী জীৱনৰ আৰম্ভণিৰ কথা উল্লেখ কৰি এতিয়ালৈকে প্ৰায় দুই লাখ ফটো দেশ বিদেশত তুলিলে বুলি মন্তব্য কৰে। আনহাতে, অসমৰ বাহিৰৰ বহিঃৰাজ্যৰ লগতে বিদেশৰ মাটিত আলোকচিত্ৰ শিল্পক তেওঁৰ ফটোৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰৰ চেষ্টা কৰা বিভিন্ন মুহূৰ্তৰ স্মৃতিও সদৰি কৰে ৯৬ বছৰীয়া দুৰন্ত তৰুণগৰাকীয়ে। আনহাতে, সাংবাদিক সংস্থা “জাফা”ৰ শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰাও সভাপতি প্ৰশান্ত মহন্ত আৰু সম্পাদক হেমন্ত কুমাৰ নাথৰ নেতৃত্বত যোৱা সাংবাদিকসকলে শিল্পীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সন্ধিয়া শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্ত আনন্দ কুমাৰ দাস বাসগৃহত উপস্থিত হৈ অশীতিপৰ অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক নলিনী বৰুৱাক গামোচা, ফুলৰ টোৰা আৰু অংগ বস্ত্ৰেৰে বিশ্ব ফটোগ্ৰাফী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। শুভেচ্ছা জ্ঞাপন কৰি বৰেণ্য শিল্পীগৰাকীয়ে নিজৰ “ইমেজ” শীৰ্ষক গ্ৰন্থৰ লগতে তেওঁৰ জীৱন -দৰ্শনৰ ওপৰত ৰচনা কৰা আন এখন গ্ৰন্থ জিলা আয়ুক্তগৰাকীৰ হাতত অৰ্পণ কৰে। উল্লেখ্য, সম্প্ৰতি আলোকচিত্ৰ এক বিশেষ কলা হিচাপে সমগ্ৰ বিশ্বতে বন্দিত হৈছে। এখন ফটোৰ অন্তৰালত নিহিত হৈ থকা কলাত্মক দিশসমূহ আজি সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে। ফটোগ্ৰাফীৰ নেপথ্যত থকা শিল্প বা কলা, বিজ্ঞান আৰু ইতিহাসৰ কথা মন-মগজুত ৰাখিবৰ বাবেই সমগ্ৰ বিশ্বতে আজিৰ দিনটোত অৰ্থাৎ ১৯ আগষ্ট দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ ইতিহাস খুচৰিলে আমি ১৮৩০ চনলৈ পিছুৱাই যাব লাগিব। লুই ডাগ নামৰ ব্যক্তিগৰাকীয়ে তেতিয়া Photography Process আৱিষ্কাৰ কৰিছিল। যাৰ নাম আছিল -“ডাগাৰোটাইপ”। দ্য ফ্ৰেন্স একাডেমী অৱ ছায়েন্সে ১৮৩৯ চনৰ জানুৱাৰীত সেই আৱিস্কাৰৰ কথা ঘোষণা কৰাৰ পিছতেই সেই বছৰৰে ১৯ আগষ্ট দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে ফৰাচী চৰকাৰে ঘোষণা কৰে। তেতিয়াৰে পৰা এই দিৱস সমগ্ৰ বিশ্বতে পালন কৰি অহাৰ লগতে আমাৰ অসমৰ উপৰি সমগ্ৰ জিলাসমূহতে পালন কৰি আলোকচিত্ৰ শিল্পৰ মহত্ত্ব আৰু গুৰুত্ব প্ৰতিপন্ন কৰি অহা হৈছে।