অক্টোবৰত গুৱাহাটীত বিশ্ব জুনিয়ৰ বেডমিণ্টন
শীৰ্ষ বাচনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
গুৱাহাটী, ২০ আগষ্টঃ অহা ছয়ৰ পৰা ১৯ অক্টোবৰলৈ গুৱাহাটীৰ আমিনগাঁৱৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স চেণ্টাৰত অনুষ্ঠিত হ’বলগা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৫ ৰ বাবে কালি ২৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হৈছে৷ বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ নিয়ম অনুসৰি ভাৰতীয় বেডমিণ্টন সন্থাই মিক্সড টিম চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচন কৰা দলটোত ১০ জন ল’ৰা আৰু ১০ গৰাকী ছোৱালীক অন্তৰ্ভুক্ত কৰা হয়৷
অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত মিক্সড টিম ইভেণ্টৰ [ সুহান্দিনাটা কাপ] খেল ছয়ৰ পৰা ১১ অক্টোবৰলৈ অনুষ্ঠিত হোৱাৰ পাছত ১৩ ৰ পৰা ১৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ একক শাখাৰ খেল৷ প্ৰতিযোগিতাত শক্তিশালী ভাৰতীয় দলটোক নেতৃত্ব দিব এইসময়ৰ জুনিয়ৰৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানৰ শ্বাটলাৰ তনভি শৰ্মাই৷
ঘোষিত দলৰ সদস্যসলক হ’লঃ ল’ৰাৰ একক শাখাত ৰৌনক চৌহান, জ্ঞান দট্টু টি টি, লালথাজুৱালা আৰু সূৰ্যকেশ ৰাৱট৷ ছোৱালীৰ একক শাখাত তনভি শৰ্মা, ভেন্নালা কলাগোটলা, উন্নাতি হুদা তথা ৰক্ষিতা শ্ৰী৷ ল’ৰাৰ ডাবলছত এ আৰ সুমিথ, ভৱ্য ছাব্ৰা, ভাৰ্গৱ ৰাম আৰিগেলা, বিশ্ব তেজ , বিষ্ণু কেধৰ আৰু মিথিলেশ কৃষ্ণন৷ ছোৱালীৰ ডাবলছ শাখাত স্থান লাভ কৰিছে ভেন্নালা, ঋষিকা, গায়ত্ৰী ৰাৱট, মানসা ৰাৱাট, অন্যা বিষ্ট আৰু এঞ্জেল পুনেৰা৷ আনহাতে, মিক্সড ডাবলছত খেলিব ভব্য ছাব্ৰা, বিশাখা টপ্পো, লালৰামসংগা, তাৰিনী শ্বুৰি, বিষ্ণু কেধৰ, কীৰ্তি মাঞ্চলা, বংশ দেৱ আৰু ডায়েংকা ৱালদিয়া৷
উল্লেখ্য যে বিশ্বকাপত খেলিব লগা ভাৰতীয় দলটো বাচনি কৰিবলৈ চলিত মাহতে গুৱাহাটীত শিবিৰ অনুষ্ঠিত হৈছিল৷ ঘোষণা কৰা দলত চলিত বৰ্ষৰ এছিয়া জুনিয়ৰ চেম্পিয়নশ্বিপত পদক বিজয়ী শ্বাটলাৰসকলক অন্তৰ্ভুক্ত কৰাৰ লগতে গুৱাহাটী শিবিৰৰ শ্ৰেষ্ঠসকলক নিৰ্বাচন কৰা হয়৷ প্ৰতিযোগিতাত ৰেংকিঙৰ দ্বিতীয় স্থানপ্ৰাপ্ত আয়োজক দেশ ভাৰতে গ্ৰুপ ‘এইচ’ত হংকং চীন, নেপাল আৰু ঘানাৰ স’তে স্থান লাভ কৰিছে৷ মুঠ ৩৭ খন দেশে দলীয় শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব লগা প্ৰতিযোগিতাখনৰ দলসমুহক আঠটা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব৷
২০০৮ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে পুনৰ ভাৰতত জুনিয়ৰ বিশ্বকাপ বেডমিণ্টন অনুষ্ঠিত হ’ব৷ সেই বছৰ ছাইনা নেহৱালে সোণৰ পদক লাভ কৰি এই গৌৰৱ অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী শ্বাটলাৰ হিচাপে পৰিগণিত হৈছিল৷ আনহাতে, আৰ এম ভি গুৰু ছাই দত্তই ল’ৰাৰ একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ জুনিয়ৰ বিশ্বকাপ বেডমিণ্টনত ভাৰতে এতিয়ালৈকে এটা সোণ, চাৰিটা ৰূপ আৰু ৬টা ব্ৰঞ্জকে ধৰি ১১টা পদক লাভ কৰিছে৷