World Bodybuilding Championships: বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বপৰ খিতাপ দখল তেজপুৰৰ ছায়া বৰুৱাৰ
ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বপৰ খিতাপ দখল তেজপুৰৰ ছায়া বৰুৱাৰ

DD TIMED তেজপুৰ, ২০ নৱেম্বৰঃ তেজপুৰ জিলা তথা ৰাজ্যবাসীকে নহয় ভাৰত বাসীক গৌৰৱান্বিত কৰি তেজপুৰৰ দুটি সন্তানৰ মহিলাই ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ এক খবৰে তেজপুৰ তথা জিলাবাসীক উৎফুল্ল কৰি তুলিছে।

উল্লেখ্য তেজপুৰৰ ৰঙাপুখুৰীপাৰ নিবাসী ছায়া বৰুৱাই ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেছনৰ জৰিয়তে যোৱা ১১ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ ইন্দোনেছিয়াত অনুষ্ঠিত ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ ফেডাৰেছনৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল।

উল্লেখ্য ছায়া বৰুৱাই এই প্ৰতিযোগিতাৰ এথলেটিকছ ফিজিক্সৰ ১৬৫ ছেন্টিমিটাৰ উৰ্ধৰ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে অপেন কেটেকৰিত সোণৰ পদক অৰ্জন কৰি বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে।

সমগ্ৰ বিশ্বৰ ৪৬খন দেশৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ অপেন শিতানত সমগ্ৰ বিশ্বৰ ৫০ গৰাকীকৈ অধিক প্ৰতিযোগীৰ মাজত সোণৰ পদকেৰে জিলিকি উঠা ছায়া বৰুৱাই হ’ল সমগ্ৰ ভাৰতৰ ভিতৰতে এই সন্মান অৰ্জন কৰা প্ৰথমগৰাকী মহিলা।
কালি নিশা বিশ্ব চেম্পিয়নশ্বিপ অৰ্জন কৰা ছায়া বৰুৱা নিজৰ তেজপুৰ ৰঙাপুখুৰীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত আজি তেজপুৰৰ অসমীয়া ক্লাবত শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাই তেওঁলোকৰ খেলুৱৈগৰাকীক জিলা আয়ুক্ত আনন্দ কুমাৰ দাসেৰ উপস্থিতিত উষ্ম অভিনন্দন জ্ঞাপন কৰে।
জিলা শৰীৰ চৰ্চা সন্থাৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় পাঞ্জা ৰেফাৰী পংকজ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত প্ৰথমেই জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এখন গামোচা আৰু ফুলৰ টোৰাৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে
শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ বিষয়ববীয়া সকলৰ উপৰি শোণিতপুৰ জিলা শক্তি উত্তোলন সন্হা, ভাৰ উত্তোলন সন্হা, টাগ অফ ৱাৰ সন্হা, যোগ ক্রীড়া সন্হাৰ লগতে তেজপুৰৰ অসমীয়া ক্লাবে বিশ্ব জয় কৰি অহা খেলুৱৈ গৰাকীক অভিনন্দন জ্ঞাপন কৰাৰ পিছত সাংবাদিকৰ আগত তেওঁৰ সংগ্ৰাম পূৰ্ণ এই যাত্ৰাৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰে৷

