WBF: বিডব্লিউএফ বিশ্ব জুনিয়ৰ বেডমিণ্টনঃ শীৰ্ষস্থানৰ থাইলেণ্ডৰ বিদায়ঃ গ্ৰুপ চেম্পিয়ন হৈ কোৱাৰ্টাৰ ফাইনেলত ভাৰত
বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনঃ শীৰ্ষস্থানৰ থাইলেণ্ডৰ বিদায়ঃ গ্ৰুপ চেম্পিয়ন হৈ কোৱাৰ্টাৰ ফাইনেলত ভাৰত
DD TIMES গুৱাহাটী, ৮ অক্টোবৰঃ ভাৰতে চলিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত নিজৰ অদমনীয় প্ৰদৰ্শন অব্যাহত ৰাখি গ্ৰুপত অপৰাজেয় যাত্ৰাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷
গুৱাহাটীৰ আমিনগাঁওস্থিত নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত গ্ৰুপ ‘এইছ’ৰ অন্তিমখন মেচত ভাৰতে ২-০ ৰ ব্যৱধানত ইউ এ ই দলক হৰুৱাই গ্ৰুপ চেম্পিয়ন হৈ নকআউট ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে মিক্সড দলীয় ইভেণ্টৰ পূৰ্বৰ দুখন মেচত ভাৰতে নেপাল আৰু শ্ৰীলংকাকো ২-০ তে পৰাস্ত কৰিছিল৷

অৱশ্যে আজি ভাৰতে বিপক্ষ ইউ এ ইৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখিন হয়৷ ৱেষ্ট অব থ্ৰীৰ দুখন মেচৰ মুঠ দহটা ছেটৰ চাৰিটা ইউ এ ই দলে লাভ কৰিবলৈ সক্ষম হয়৷ চলিত প্ৰতিযোগিতাত ভাৰতে প্ৰথমবাৰৰ বাবে ছেট হেৰুৱাইছে৷ কিন্তু শীৰ্ষ বাচনিৰ তনবি শৰ্মা আৰু উন্নতি হুদাৰ লগতে দূয়োখন মেচৰ মিক্সড ডাবলছ ছেটত মিজোৰামৰ শ্বাটলাৰ লালৰামছাংগাৰ অনবদ্য প্ৰদৰ্শনে ভাৰতৰ ৪৫-৩৭ আৰু ৪৫-৩৪ ৰ বিজয় নিশ্চিত কৰে৷
আজি হোৱা প্ৰথম মেচৰ মহিলাৰ একক শাখাত তনবিয়ে ৯-৫ ৰ ব্যৱধানত ছেট দখল কৰি ভাৰতক সুন্দৰ আৰম্ভনি দিয়ে৷ ইয়াৰ পাছতে মিক্সড ডাবলছত লালৰামছাংগা আৰু বিশাখাই ৯-৫ ত জয়ী হৈ ভাৰতৰ অগ্ৰগতি ১৮-১০ কৰিবলৈ সক্ষম হয়৷ একেদৰে মহিলাৰ ডাবলছত বেনেলা আৰু ৰেশিকাই ৯-৮ ৰ ব্যৱধানত জয়ী হোৱাত পইণ্ট ব্যৱধান ২৭-১৮ হয় আৰু ইউ এ ইৰ হাতৰ পৰা মেচ ওলাই যায়৷
পৰবৰ্তী পুৰুষৰ এককত লালথাজুৱালা প্ৰত্যাহ্বানৰ সন্মুখিন হৈ ছেটতো ৯-৯ত সামৰে৷ সামগ্ৰিক পইণ্ট ব্যৱধান হয় ৩৬-২৭৷ আনহাতে, অন্তিম ছেট পুৰুষৰ ডাবলছৰ মেচত ভাৰ্গব ৰাম আৰু বিশ্ব তেজ যুটিয়ে ৯-১০ত ব্যৰ্থতাৰ সন্মুখিন হয় যদিও ভাৰতৰ ৪৫-৩৭ৰ বিজয় নিশ্চিত হয় তথা আয়োজক দেশখনে মেচত ১-০ৰ অগ্ৰগতি লয়৷
দ্বিতীয়খন মেচৰ প্ৰথম ছেটত তনবিৰ দৰেই এইবাৰ মহিলাৰ একক শাখাত ৯-৬ ত জয়ী হৈ ভাৰতক অগ্ৰগতি দিয়ে উন্নতিয়ে৷ আনহাতে, মিক্সড ডাবলছত লালৰামছাংগাই এইবাৰ নতুন সংগী আনিয়া বিষ্টৰ লগত যুটি বান্ধি ৯-৫ ত ছেট দখল কৰি ভাৰতৰ অগ্ৰগতি ১৮-১১ কৰে৷
এই সাত পইণ্টৰ ব্যৱধান হোৱাৰ লগে লগে ভাৰতৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ নিশ্চিত হয়৷ পৰবৰ্তী মহিলা ডাবলছৰ ছেটতো বেনেলা আৰু এঞ্জেল পুনেৰাই ৯-৫ ত লাভ কৰে৷
ভাৰতৰ অগ্ৰগতি হয় ২৭-১৬৷ গুৰুত্বহীন পাছৰ দুটা ছেটৰ পুৰুষৰ একক শাখাত ভাৰতৰ সূৰ্যকাশ ৰাৱটে ৯-৯ তথা পুৰুষৰ ডাবলছত ভাৰ্গব ৰাম আৰু বিশ্ব তেজেও ৯-৯তে মেচ সামৰে আৰু ভাৰতৰ ৪৫-৩৪ৰ বিজয় নিশ্চিত হয়৷
ইফালে, ভাৰতীয় বেডমিণ্টন সন্থাৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থাৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাৰ মিক্সড দলীয় ইভেণ্টৰ অন্য গ্ৰুপৰ পৰা আমেৰিকা, ১৪ বাৰৰ চেম্পিয়ন চীন, ডিফেণ্ডিং চেম্পিয়ন ইণ্ডোনেছিয়াও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে জাপানৰ বিৰুদ্ধে পৰাস্ত হৈ গ্ৰুপৰ পৰাই বিদায় লয় শীৰ্ষ বাচনিৰ থাইলেণ্ডে৷


সুন্দৰ