UTTAR GUWAHATI: এজাক মুষলধাৰ বৰষুণত উত্তৰ গুৱাহাটীৰ বিস্তিৰ্ণ অঞ্চল প্লাৱিত
উত্তৰ গুৱাহাটীৰ জনজীৱন সম্পূৰ্ণ ব্যাহত
উত্তৰ গুৱাহাটী মহাবিদ্যালয় কৃত্ৰিম বানৰ কবলত
DD TIMES উত্তৰ গুৱাহাটী, ১৭ ছেপ্টেম্বৰঃ এজাক মুষলধাৰ বৰষুণৰ ফলত উত্তৰ গুৱাহাটীৰ বহু অঞ্চল কৃত্ৰিম বানপানীৰ কবলত পৰিছে।

উত্তৰ গুৱাহাটীৰ অভয়পুৰ, কলাবাৰী, মধুপুৰ, ৰহধলা কটাহবজাৰ, ৰূদ্ৰেশ্বৰ, উত্তৰ গুৱাহাটী মহাবিদ্যালয়কে ধৰি কেইবাটাও অঞ্চল সোমবাৰৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ কবলত পৰিছে।
ফলত জীয়াতু ভুগিব লগা হৈছে অঞ্চল সমূৰ বাসিন্দা সকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল। উত্তৰ গুৱাহাটী গৌৰীপুৰ,জিএনআৰচি সংযোগী মূল পথত সাগৰ সদৃশ পানী।
কৰো মানুহ কতো যাব নোৱাৰা অৱস্থা।এই পথত বহু যানবাহন বিকল হোৱাৰ উপৰিও দূৰ্ঘটনা হৈ বহু জন চিকিৎসাধীন হ’ব লগা হৈছে। ইফালে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত কৃত্ৰিম বানত ছাত্ৰ-ছাত্ৰীকে আদি শিক্ষা গুৰু সকল জীয়াতু ভুগিছে।
উত্তৰ গুৱাহাটীৰ মূল পথ পানীৰে ভৰি পৰাৰ মূল কাৰণটোই হৈছে নৰ্দমাবোৰ বোকাৰে পৰিপূৰ্ণ হৈ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে। এই ক্ষেত্ৰত উত্তৰ গুৱাহাটী পৌৰ সভাৰ নিৰ্বিকাৰ ভূমিকাক চোকা সমালোচনা কৰিছে নগৰ বাসীয়ে।
সময়মতে নৰ্দমাবোৰ পৰিস্কাৰ কৰা হ’লে ৰাইজে এই সমস্যাৰ পৰা সকাহ পালে হয় যদিও সেইখিনি কাম কৰাটো ব্যৰ্থ হৈছে উত্তৰ গুৱাহাটী পৌৰসভা। ইয়াৰ মাজতে ভুতৰ ওপৰত দানব পৰাৰ দৰে পৰিছে উত্তৰ গুৱাহাটীত নিৰ্মাণ হোৱা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কঢ়িওৱা বিশাল বিশাল বাহন বোৰ।
এই বিশাল বাহন বোৰেও মূল পথ সম্পুৰ্ণ ৰূপে ধ্বংস কৰাত বিশেষ ভাৱে ইন্ধন যোগাইছে। এই ক্ষেত্ৰত বিশেষকৈ এইচ পি চিংলা আৰু বিআইপিএল প্ৰতিষ্ঠান দুটাৰ সামগ্ৰী কঢ়িওৱা বাহনে মূল ভুমিকা পালন কৰিছে।
ৰাইজে এই প্ৰতিষ্ঠান দুটাৰ পৰা পথ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ভুমিকা পালন কৰা দেখা পোৱা নাই। এই মূল পথ ব্যৱহাৰ কৰিয়েই তেওঁলোকৰ প্ৰতিষ্ঠানে কাম কৰি আছে যদিও পথটো নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা নোলোৱাত দলং নিৰ্মাণ প্ৰতিষ্ঠান টোৰ বিৰুদ্ধে ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
এই ক্ষেত্ৰত যিহেতু এই প্ৰতিষ্ঠান দুটাই পথটো ধ্বংস হোৱাৰ ক্ষেত্ৰত মূল দায়ি সেয়ে সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত অতি শীঘ্ৰে মূলপথটো মেৰামতি কৰি ৰাইজৰ যাতায়ত কিছু সূচল কৰি দিবলৈ ৰাইজে প্ৰতিষ্ঠান দুটাৰ ওচৰত দাবী জনাইছে।
অন্যথাই এই প্ৰতিষ্ঠান দুটাৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভুক্তভোগী ৰাইজে সকিয়নি প্ৰদান কৰিছে।

