Union Minister Sonowal at the Matak Youth Festival: অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলি থকা যুঁজখন শক্তিশালী কৰিবৰ বাবে অসমীয়া যুৱ সমাজে কৰ্ম-সংস্কৃতিক প্ৰাধান্য দিবই লাগিবঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলি থকা যুঁজখন শক্তিশালী কৰিবৰ বাবে অসমীয়া যুৱ সমাজে কৰ্ম-সংস্কৃতিক প্ৰাধান্য দিবই লাগিবঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
যেতিয়া যুৱপ্ৰজন্মৰ ব্যক্তিত্বত থকা গুণবোৰ একেলগ কৰা হয়, তেতিয়া শক্তিৰ উদয় হয় আৰু তাৰ পৰাই বিশ্বজয় কৰাৰ মনোবল সৃষ্টি হয়ঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ভাৰতীয় জনতা যুৱ মৰ্চাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত টিংখাং বিধানসভা সমষ্টি ভিত্তিত আয়োজিত যুৱ সন্মিলনত সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
অসমলৈ অনুপ্ৰৱেশকাৰী অহাত কংগ্ৰেছে সহায় কৰিছিল আৰু সেই কংগ্ৰেছৰে ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আমাৰ দেশৰ চিৰবৈৰী পাকিস্তানলৈ গৈ পাকিস্তানৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ দৰে কামত আমাৰ যুৱ সমাজে সদায় সচেতনমূলক দৃষ্টি ৰাখিব লাগিবঃ সোণোৱাল
গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত থকা বুলি যি গুৰুতৰ অভিযোগ উঠিছে, এইটো অত্যন্ত নিন্দনীয়। এতিয়া গৌৰৱ গগৈয়ে প্ৰমাণ কৰক তেওঁ নিৰ্দোষী বুলিঃ সোণোৱাল
চাবুৱা কেন্দ্ৰীয় অধিৱেশন তথা মটক যুৱ মহোৎসৱ ২০২৬ত অংশগ্ৰহণ কৰে সোণোৱালে

DD TIMES ডিব্ৰুগড়, ৮ ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াৰ লগতে স্থানীয় টিংখাং সমষ্টিৰ সহযোগত যুৱ মৰ্চাই আয়োজন কৰা যুৱ সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি ৰাকেশ দাস, যুৱ মৰ্চা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সাগৰ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দুলাল বৰা আৰু দলীয় সতীৰ্থসকলৰ সৈতে অংশগ্ৰহণ কৰে।

ইয়াৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাবুৱাৰ বেংমৰা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত চাবুৱা কেন্দ্ৰীয় অধিৱেশন তথা মটক যুৱ মহোৎসৱ ২০২৬ত অংশগ্ৰহণ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “আমাৰ বৰ্তমানৰ যুৱ সমাজে একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই প্ৰতিযোগিতামূলক সময়ত পৃথিৱীৰ অন্য দেশৰ যুৱ সমাজৰ সমানেই নিজক আগুৱাই নিব লাগিব। ভাৰতবৰ্ষত অন্য দেশৰ তুলনাত যুৱ সমাজৰ পৰিসৰ অধিক হোৱাৰ বাবে বিশ্বৰ আগশাৰীৰ যুৱ প্ৰধান ৰাষ্ট্ৰ বুলি জনা যায়। যেতিয়া আমি যুৱ অৱস্থাত থাকোঁ, কাম কৰাৰ স্পৃহা, মনোবল আৰু একাগ্ৰতা অধিক থাকে। যেতিয়া যুৱপ্ৰজন্মৰ ব্যক্তিত্বত থকা গুণবোৰ একেলগ কৰা হয়, তেতিয়া শক্তিৰ উদয় হয় আৰু তাৰ পৰাই বিশ্বজয় কৰাৰ মনোবল সৃষ্টি হয়। বিশ্বৰ অৰ্থনীতিৰ চতুৰ্থ স্থানত থকা আমাৰ দেশক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিয়া অমৃতকাল ভিজনৰ দ্বাৰা ২০৪৭ চনৰ ভিতৰত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অৰ্থনীতি হিচাপে পৰিগণিত কৰাত আমাৰ যুৱ সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব।
আমাৰ অসম মাতৃৰ বুকু খনিজ সম্পদ, বনজ সম্পদ, জলজ সম্পদ আৰু মানৱ সম্পদৰে ভৰপূৰ আৰু এই সম্পদসমূহৰ শক্তিক আমি সঠিকভাৱে ব্যৱহাৰ কৰি উন্নতিৰ শিখৰত উপনীত হ’ব লাগিব। দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ সমাজৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্নধৰণৰ আঁচনি ৰূপায়ণ কৰিছে আৰু আমাৰ যুৱ সমাজে এই আঁচনিসমূহৰ সঠিক ব্যৱহাৰ কৰিব পাৰিব লাগিব।
একাগ্ৰতা, শৃঙ্খলাবদ্ধতা, আন্তৰিকতাৰে এই যুৱ বয়সত সুস্থিৰ হ’লেহে আমি নিজৰ লগতে পৰিয়াল তথা সমাজৰ আৰু দেশ তথা ৰাজ্যৰ উন্নতি সাধন কৰিবলৈ সক্ষম হ’ম। অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি, জাতি, মাটি, ভেটি আৰু ভাষা ৰক্ষাৰ বাবে অসমৰ যুৱ সমাজে সদায় সাজু হৈ থাকিব লাগিব। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলি থকা যুঁজখন শক্তিশালী কৰিবৰ বাবে অসমীয়া যুৱ সমাজে কৰ্ম-সংস্কৃতিক প্ৰাধান্য দিবই লাগিব।
অসমীয়া যুৱকে শিক্ষা, সংস্কৃতি, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, মহাকাশ বিজ্ঞান আৰু সামুদ্ৰিক খণ্ডত নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰিব লাগিব। যেনেদৰে নিজৰ পাৰদৰ্শিতা দেখুৱাই লাচিত বৰফুকনে নিজকে বৰফুকন পদত অধিষ্ঠিত কৰি পৰৱৰ্তী সময়ত জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষা কৰিছিল, ঠিক তেনেকৈ অসমীয়া যুৱকেও নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিশ্বত নিজৰ শ্ৰেষ্ঠত্ব দেখুৱাব লাগিব। অসমীয়া জাতিৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছে, সেয়া বৰ্তমানৰ যুৱ সমাজে আহিবলগীয়া প্ৰজন্মৰ বাবে সংৰক্ষণ আৰু প্ৰসাৰিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। মাতৃয়ে যেনেকৈ নিজৰ সন্তানক মৰম কৰে, ঠিক সেইদৰে সন্তানেও নিজ মাতৃক আদৰ কৰিব লাগে, সেয়েহে ভাৰত মাতৃ তথা অসম মাতৃৰ সন্তান হিচাপে আই-মাতৃৰ উন্নতিৰ বাবে আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। ডাকৰ বচনত কোৱা যায় যে- দেহা থাকিলেহে বেহা, সেয়েহে আমাৰ যুৱ সমাজে নিজক সুস্থ-সবল কৰি ৰাখিব লাগিব আৰু মাৰাত্মক সামগ্ৰী সেৱনৰ পৰা নিজকে বিৰত ৰাখিব লাগিব। অসমলৈ অনুপ্ৰৱেশকাৰী অহাত কংগ্ৰেছে সহায় কৰিছিল আৰু সেই কংগ্ৰেছৰে ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আমাৰ দেশৰ চিৰবৈৰী পাকিস্তানলৈ গৈ পাকিস্তানৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ দৰে কামত আমাৰ যুৱ সমাজে সদায় সচেতনমূলক দৃষ্টি ৰাখিব লাগিব। আমি আমাৰ দেশক অনবৰতে সুৰক্ষিত কৰি ৰাখিবলৈ জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰিব লাগিব। এইক্ষেত্ৰত যুৱপ্ৰজন্মৰ ভূমিকা হ’ব সুদূৰপ্ৰসাৰী। ৰাষ্ট্ৰৰ বিৰুদ্ধে যি ব্যক্তিয়ে ষড়যন্ত্ৰমূলক কামত জড়িত হয়, সেই ব্যক্তি সদায় গৰিহণাৰ পাত্ৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত থকা বুলি যি গুৰুতৰ অভিযোগ উঠিছে, এইটো অত্যন্ত নিন্দনীয়। এতিয়া গৌৰৱ গগৈয়ে প্ৰমাণ কৰক তেওঁ নিৰ্দোষী বুলি। কাৰণ ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকেই ভাৰত চৰকাৰে ক্ষমা নকৰে, সেইটো স্পষ্ট কথা।”
সোণোৱালে কয়, “যুৱ সবলীকৰণৰ বাবে আমাৰ চৰকাৰে এইবাৰৰ বাজেটতো বিশেষ গুৰুত্ব দিছে। এখন শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ অসম তথা ভাৰত গঢ়াৰ দিশত নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ যুৱবন্ধুসকলক আন্তৰিকতাৰে আহ্বান জনালোঁ।”

