অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

UBEEN GARG: সকলো প্ৰজন্মকে যি মুগ্ধ কৰে

Spread the love

৯০ দশকৰ প্ৰাৰম্ভণিতে অসমীয়া সংগীতৰ যি নতুন যাত্ৰা আৰাম্ভ হয় ইয়াৰ গুৰি ধৰিছিল জিতুল সোণোৱালে৷ সেই যাত্ৰাকে আগবঢ়াই লৈ গৈ আজি যি বৰ্ত্তমান পৰ্য্যায়ত উপনীত হৈছে,ইয়াৰ মূলতে জুবিন গাৰ্গ।

জুবিনে পাশ্চাত্য সংগীতৰ সুৰ, তাল, লয়ৰ সংমিশ্ৰণৰে অসমীয়া সংগীতক যি এক নতুন মাত্ৰা প্ৰদান কৰিছিল, সেয়া বৰ্তমানো অব্যাহত ৰাখিছিল।অসমীয়া সংগীতৰ মৃত প্ৰায় অৱস্থাত অনামিকা (১৯৯২), মায়া এলবামে অসমীয়া সংগীতক নতুন প্ৰাণ দিয়ে।

প্ৰথম অৱস্থাত জুবিনৰ কেৱল আধুনিক সংগীতৰ ক্ষেত্ৰখনত হে পাৰদৰ্শিতা আছে বুলি একাংশ সংগীত সমালোচকে মন্তব্য প্ৰদান কৰিছিল।

কিন্তু সেইয়া যে সমূলি ভুল ধাৰণা আছিল ‘উজান পিৰীতি (১৯৯৫)’ বিহু গীতৰ এলবাম টোৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱাই।

ইয়াৰ পিছত জুবিন সংগীতৰ বিশাল ক্ষেত্ৰ খনত বিভিন্ন গীতৰ সমাহাৰেৰে শিপাই যায়। জুবিনে নিজৰ এলবাম সমূহৰ লগতে হাজাৰ হাজাৰ অসমীয়া গীতৰ উপৰি অনান্য বিভিন্ন ভাষাৰ গীতত কণ্ঠ দান কৰি সংগীত জগত খনক সমৃদ্ধ কৰি তোলে।

ঠিক একেদৰে অসমীয়া চলচ্চিত্ৰৰ জগত খনকো পুনৰ উদ্ধাৰ কৰাত জুবিনৰ অৱদান অনস্বীকাৰ্য৷ বোলছবি এখনত সুমধুৰ সংগীতৰ কিমান প্ৰয়োজনিয়তা থাকে সেইয়া অসমীয়া বোলছবি ক্ষেত্ৰটো জুবিন গাৰ্গে এক নিদৰ্শন দাঙি ধৰে।

হিয়া দিয়া নিয়া (২০০০) পৰা ৰৈ ৰৈ বিনালে (২০২৫) লৈকে প্ৰায় ৪০ খনৰো অধিক অসমীয়া বোলছবিৰ সংগীত পৰিচালনা কৰাৰ উপৰি গীতসমূহত কণ্ঠদান কৰি অসমীয়া চিনেমা জনপ্ৰিয়কৰণত মূখ্য ভূমিকা পালন কৰি আহিছিল৷

অসমীয়া সংগীতৰ চাৰিও দিশ জুবিনে যিদৰে সমৃদ্ধ কৰিলে সেইয়া জাতিটোৱে চিৰ কৃতজ্ঞ হৈ ৰ’ব। প্ৰজন্ম পৰা প্ৰজন্ম ধৰি ড° ভূপেন হাজৰিকাৰ পিছত জুবিনৰ সংগীতত সকলো মুগ্ধ হৈ পৰে।

যিবোৰ ক্ষেত্ৰত অসমীয়া সংগীতৰ ভঁৰাল উদং হৈ আছিল, জুবিনে সেই দিশ সমূহ সমৃদ্ধ কৰি তোলে৷ বৰগীত, টোকাৰী গীত, বন গীত, দিহানাম, ভক্তিমূলক/আধ্যাত্মিক গীতবোৰ জুবিনে ইমান শ্ৰুতিমধুৰ কৈ কণ্ঠদান কৰিছিল৷ যাৰ বাবে এই গীতসমূহ অতি জনপ্ৰিয় হৈ পৰিছিল৷ সংগীত প্ৰেমীৰ মুখে মুখে গীতসমূহ বিয়পি পৰে৷

বলিউডৰ সংগীত জগতত প্ৰদাপৰ্ণ কৰি অতি কম সময়ৰ ভিতৰতে নিজৰ স্বকীয় পৰিচয় দাঙি ধৰি ‘য়া আলি’ গীতৰ জৰিয়তে গল্ডেন গ্লব বঁটা জিনিবলৈ সক্ষম হয়।

বলিউডৰ সংগীতৰ গেং ষ্টাৰ ছবি সময়ৰ শীৰ্ষ জনপ্ৰিয়তাকো বাদ দি জুবিন গাৰ্গে পুনৰ অসমলৈ ঘুৰি আহি অসমীয়া সংগীত জগতৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ পৰিচয় দি পুনৰ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগীত জগতখনক সমৃদ্ধ কৰি তুলে৷

জুবিন গাৰ্গে গীতত কণ্ঠদান কৰি, গীত ৰচনা, সংগীত পৰিচলনা, বোলছবি পৰিচালনা আৰু নিৰ্মাণ কৰি কেৱল নিজে আগবাঢ়ি যোৱা ক্ষেত্ৰত গুৰুত্ব আৰূপ কৰা নাছিল৷ তেওঁ নতুন চামৰ অনেকজন কণ্ঠশিল্পী, গীত ৰচক তথা কলাকুশলীক অনুপ্ৰেৰণা দিয়াৰ উপৰি তেওঁলোকৰ কেৰিয়াৰ গঢ় দিয়াত মূখ্য সহায়ক হৈ আহিছিল৷

জুবিন গাৰ্গ কেৱল এজন কণ্ঠ শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি, সংগীত ব্যৱস্থাপক, বাদ্যযন্ত্ৰী, অভিনেতা নহয়৷ তেওঁ এজন সমাজসচেতন নাগৰিকো। অসমীয়া সংস্কৃতিৰ সংৰক্ষণ, দানশীলতা আৰু সামাজিক আন্দোলনত তেওঁৰ সৰ্বদা অংশগ্ৰহণে সামাজিক দায়বদ্ধতাৰ দিশটো সঘনে প্ৰতিপন্ন কৰি আহিছে৷

অসমীয়া যুৱ সমাজৰ অনাগত প্ৰজন্মৰ বাবে জুবিন গাৰ্গ অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব৷ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ফলত অসমীয়া সংগীত, বোলছবি জগতখনৰ উপৰি সমাজ জীৱনৰ বাবে যি অপূৰণীয় ক্ষতি হ’ল, সেই ক্ষতি যুগ যুগান্তৰযুৰি কোনো দ্বিতীয় এজন আহি এই ক্ষতি কেতিয়াও পুৰাব নোৱাৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!