অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

TUTOR TEACHER ASSOCIATION: ঢকুৱাখনাত টিউটৰ শিক্ষক সংস্থাৰ সংবাদ মেলত টিউটৰসকলক শীঘ্ৰেই শিক্ষকৰ মৰ্যাদা দিয়াৰ আহ্বান

Spread the love

ঢকুৱাখনাত টিউটৰ শিক্ষক সংস্থাৰ সংবাদ মেলত টিউটৰসকলক শীঘ্ৰেই শিক্ষকৰ মৰ্যাদা দিয়াৰ আহ্বান

DD TIMES ঢকুৱাখনা, ২০ অক্টোবৰঃ টিউটৰ সকলক শীঘ্ৰেই টিছাৰৰ মৰ্যাদা দি উপযুক্ত দৰমহা আৰু সা-সুবিধা প্ৰদান কৰাৰ দাবীৰে আজি দীপাৱলীৰ দিনাই ঢকুৱাখনাত এখন সংবাদ মেলৰ আয়োজন কৰি ক্ষোভ প্ৰকাশ কৰে ঢকুৱাখনা সম জিলা টিউটৰ শিক্ষক সংস্থাৰ বিষয় ববীয়াই।

সংবাদ মেল আয়োজন কৰি টিউটৰ শিক্ষক সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উপ-সভাপতি জয় কুমাৰ সিং,বৰদলনি শিক্ষা খণ্ডৰ সভাপতি জীৱন শইকীয়াই কয় যে- “২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ দিয়াৰ সময়ত কৈছিল যে, আজি নিযুক্তি পত্ৰ লৈ যাওঁক;

আজিৰ তাৰিখৰ পৰা এদিনৰ পিছত বা এমাহ, এবছৰৰ মূৰত কোনো লোকে মৃত্যু বৰণ কৰিলে বা অৱসৰ ল’লেও ১০ লাখ টকা এককালীন সাহায্য দিম বুলি ঘোষণা কৰিছিল। গতিকে সেই প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব লাগে।


তদুপৰি সংবাদমেলত টিউটৰ শিক্ষক সকলে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে টিউটৰসকলক বিভিন্ন সময়ত কথা দিও কথা নৰখাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

অন্যহাতে অহা নৱেম্বৰৰ ভিতৰত কেবিনেট বৈঠকত টিউটৰ শিক্ষকৰ বিষয়টো আলোচনা কৰি আইন সংশোধন কৰি হ’লেও চাকৰি নিয়মীয়া কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!