অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Tribute to Dr. Bhupen Hazarika, Zubeen Garg and Deepak Sharma: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ আৰু দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি ৰঙাজিঞা শাখা কবি সন্মিলনৰ

Spread the love

ৰঙাজিঞা শাখা কবি সন্মিলনৰ উদ্যোগত মাহেকীয়া কবিতা পাঠৰ অনুষ্ঠানত ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ আৰু দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

DD TIMES বেবেজীয়া, ১৯ নৱেম্বৰঃ নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্ভুক্ত ৰঙাজিঞা শাখা কবি সন্মিলনৰ উদ্যোগত মঙলবাৰে নগাঁও আমোলাপট্টিস্থিত শ্ৰী শ্ৰী শংকৰদেৱ নাট্যচ’ৰাৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় মাহেকীয়া কবিতা পাঠৰ অনুষ্ঠান।

অনুষ্ঠানৰ আৰম্ভণিতে তিনিগৰাকী প্ৰসিদ্ধ শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

সুধাকন্ঠ ড° ভূপেন হাজৰিকা, শিল্পী দীপক শৰ্মা আৰু অমৃতকন্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৰঙাজিঞা শাখা কবি সন্মিলনৰ সভাপতি অশোকৰাম ভট্টাচাৰ্য, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকী, উপদেষ্টা কিশোৰ দাসে।

ইয়াৰ পাছতে কবিতা পাঠৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰে কবি ডাঃ প্ৰয়াগ শইকীয়াই। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ত্ৰৈলোক্য ভট্টাচাৰ্য, প্ৰদীপ কুমাৰ শইকীয়া, দুলাল চন্দ্ৰ বৰাকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে বক্তব্য আৰু কবিতা পাঠ কৰে।

কবিতা পাঠৰ অনুষ্ঠানত কবি কিশোৰ দাস, খৰ্গেশ্বৰ বৰা, ইন্দ্ৰানী গোস্বামী, আশা বৰা মন, পৱন শৰ্মা, মদাৰজ্যোতি, শশী কেওঁট, স্বপ্না দেৱী, হাছিনা মমতাজ, মধু চৌধুৰী, নাৰায়ণ কলিতা, জিনু বৰা, অনিমা শৰ্মা, জেউতি হাজৰিকা, ছাইদুল ইছলাম, প্ৰবীণ কলিতাকে প্ৰমূখ্য কৰি অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰে।

কবিতা পাঠৰ অনুষ্ঠানৰ সঞ্চালনা কৰে অশোকৰাম ভট্টাচাৰ্য। অনুষ্ঠানত জুবিন গাৰ্গৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি জুবিন গাৰ্গৰ কবিতা সম্পৰ্কীয় এলানি বক্তব্য প্ৰদান কৰি কয় যে জুবিন গাৰ্গৰ কবিতাত গভীৰ আত্মচেতনা, জীৱনবোধ, প্ৰকৃতিপ্ৰেম আৰু সমাজচেতনা স্পষ্টৰূপত দেখা যায়।

পৰৱৰ্তী প্ৰদীপ কুমাৰ দেৱ নাথ, শিবানন্দ কাকতিকে প্ৰমূখ্য কৰি বহুকেইজন ব্যক্তিয়ে সাৰুৱা বক্তব্য প্ৰদান কৰে। অনুষ্ঠানৰ শেষত কাব্যমন্ত্ৰ পাঠেৰে মাহেকীয়া কবি মেলৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!