Thousands joined the BJP: ঢকুৱাখনাত বিজেপিত যোগ দিলে কংগ্ৰেছ প্ৰাক্তন সভাপতি সত্য চমুৱাসহ সহস্ৰাধিকে
ঢকুৱাখনাত বিধায়ক নৱ কুমাৰ দলে উপস্থিত বিজেপি দলত যোগদান দিলে সহস্ৰাধিকে
কংগ্ৰেছ প্ৰাক্তন সভাপতি সত্য চমুৱা বিজেপিত যোগদানঃ ১৫শৰো অধিক যোগদান

DD TIMES ঢকুৱাখনা, ২১ নৱেম্বৰঃ সমাগত বিধানসভা নিৰ্বাচন। ভাৰতীয় জনতা পাৰ্টিৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু সাংসদ সম্প্ৰতি ব্যস্ত হৈ পৰিছে সাংগঠনিক বুনিয়াদ মজবুত কৰাত।

তাৰেই অংশ হিচাপে শুক্ৰবাৰে ঢকুৱাখনাত দলটোৰ উদ্যোগত অনুষ্ঠিত হয় এক যোগদান কার্যসূচী।
ভাৰতীয় জনতা পার্টিৰ ঢকুৱাখনা মণ্ডল সমিতি আৰু পশ্চিম ঢকুৱাখনা মণ্ডল সমিতিৰ উদ্যোগত ঢকুৱাখনা জিলা সমিতিৰ সহযোগত আয়োজন কৰা এই বিশাল যোগদান কার্যসূচী অনুষ্ঠিত কৰে ঢকুৱাখনা জিলা বিজেপিৰ কার্যালয় প্ৰেক্ষাগৃহত।

শুক্ৰবাৰে দুপৰীয়া ১১-৩০ বজাত আৰম্ভ হোৱা এই যোগদান কাৰ্যসূচীত বিধায়ক নৱ কুমাৰ দলে উপস্থিত থাকে।
জিলা সভাপতি স্বৰূপ কোঁৱৰে সঞ্চালনা কৰা যোগদান কাৰ্যসূচীত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই, পৌৰপতি ৰাজীৱ দাস,আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী পেগু, হাৰ্হি-মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু, ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰদীপ চমুৱা, আমন্ত্ৰিত সদস্য বসন্ত শইকীয়া, মণ্ডল সভাপতি বিষ্ণু দত্ত, মিগম পেগু, প্ৰবীণ বিজেপি নেতা যতীন বৰুৱা, লক্ষেশ্বৰ সোণোৱাল আদিয়ে অংশগ্ৰহণ কৰে।
সভাতেই কংগ্ৰেছত বিগত সময়খিনিত সভাপতি দ্বায়িত্ব লৈ দলটোক মুখ্য ভূমিকা পালন কৰি অৱশেষত প্ৰাক্তন সভাপতি সত্য চমুৱাই বিজেপিৰ নীতি আদৰ্শ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে ৷
সমান্তৰালভাৱে কংগ্ৰেছৰ সহস্ৰাধিক নেতা কৰ্মী লগতে বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ কেইবা সহস্ৰাধিক নেতৃবৰ্গ আৰু প্ৰাক্তন কৰ্মকৰ্তাই বিজেপি দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে।
নৱাগতসকলক বিধায়ক দলে আৰু দলীয় নেতৃবৰ্গই বিজেপি দলৰ গল বস্ত্ৰ, টুপী আদিৰে উষ্ণ সম্বৰ্ধনাৰে আদৰণি জনায়।

