The Writers’ Association: লেখিকা সংস্থাৰ নগাঁও শাখাৰ দ্বি-বাৰ্ষিক অধিৱেশন
লেখিকা সংস্থাৰ নগাঁও শাখাৰ দ্বি-বাৰ্ষিক অধিৱেশন
মুখপত্ৰ ‘মন্দাকিনী’ উন্মোচনঃ নতুন সমিতি গঠন

DD TIMES বঢ়মপুৰ, ১৭ নৱেম্বৰঃ “লেখিকা সংস্থা, অসম”ৰ নগাঁও শাখাৰ ২৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখনি নগাঁৱৰ শংকৰদেৱ নাট্য চ’ৰাত দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে সামৰণি পৰে।
দ্বিতীয় দিনা পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে সংস্থাৰ সভানেত্ৰী গুণদা গোস্বামীয়ে আৰু স্মৃতি তৰ্পণ কৰে সংস্থাৰ নগাঁও শাখাৰ উপদেষ্টা আৰতি শৰ্মাই।

বিয়লি সংস্থাৰ সভানেত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, নাট্যশিল্পী গুণদা গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এখনি মুকলি সভা।
সভাৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংস্থাৰ কাৰ্যকৰী সভানেত্ৰী লীনা সন্দিকৈয়ে। ইয়াৰ পিছতে মামণি শৰ্মা ভট্টাচাৰ্যই এটি মংগলাচৰণ আৰু সংস্থাৰ সমবেত সংগীত পৰিবেশনেৰে সভাখনি মুকলি কৰা হয়।
সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদিকা বন্তি চেতিয়াই। গীতা শইকীয়া ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত ডঃ ৰৌজলীন জাহানৰ সম্পাদনাত প্ৰকাশিত
সংস্থাৰ নগাঁও শাখাৰ মুখপত্ৰ ‘মন্দাকিনী’ উন্মোচন কৰে প্ৰাক্তন বিধায়ক, বিশিষ্ট চিকিৎসক ডাঃ দুৰ্লভ চমুৱাই। গ্রন্থখনি উন্মোচন কৰি তেওঁ কয়- ‘এই গ্রন্থখন উন্মোচন কৰিবলৈ পোৱাটো মোৰ বাবে ভাগ্যৰ কথা, কিয়নো ইয়াত লেখিকা সকলেই লিখিছে।
একোখন ঘৰ, সন্তানক মহিলাসকলেই পৰিচালনা কৰি আহিছে, ইয়াৰ মাজতো তেখেত সকলে সাহিত্য চৰ্চা কৰাটো বৰ ভাল লগা বিষয়।’ তেওঁ ভাষণ প্ৰসংগত ধৰ্ম আৰু ৰাজনীতি সেৱাৰ মনোভাৱেৰে ল’লে সেয়া একো একোটা শ্ৰেষ্ঠ নীতি বুলি মন্তব্য কৰে।
বিশিষ্ট চিকিৎসকগৰাকীয়ে স্বাস্থ্য ৰক্ষাৰ বাবে মহিলাসকলৰ লগতে তেওঁলোকৰ সন্তানৰ প্ৰতি কিছুমান বিশেষ পৰামৰ্শ আগবঢ়ায়। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অৱসৰপ্রাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্যিক, সুবক্তা মোহিনী মোহন ডেকাই ভাষণ প্ৰদান কৰি কয়- ‘লেখক হোৱাতো ইমান সহজ নহয়, লেখক হ’বলৈ যথেষ্ট শ্ৰম কৰিব লাগিব।
লেখকসকল সমাজৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব, দায়িত্বশীল হ’বই লাগিব।’ বিশিষ্ট সাহিত্যিক গৰাকীয়ে ভাষণ প্ৰসংগত এগৰাকী বিদেশী লেখকৰ উদ্ধৃতি দি কয় যে লেখকজনে তেওঁৰ কোনো এক সৃষ্টিশীল লেখা লিখিবলৈ গৈ বাৰে বাৰে লিখা কাগজ ফালি দলিয়াই পেলাই দিয়াত দ’ম হৈ গৈছিল, কিন্তু তেওঁৰ আৰু সেই লেখাটো সম্পূৰ্ণ নহ’ল।
লেখকসকলৰ বাবে যে প্ৰচুৰ অধ্যয়নৰ প্ৰয়োজন সেই কথা উনুকিয়াবলৈ গৈ সাহিত্যিক ডেকাই আন এক প্ৰসংগৰ উদ্ধৃতি দি কয় যে এজন বিদেশী বিখ্যাত ধনী মানুহে তেওঁৰ মৃত্যুৰ পাছত যাতে তেওঁক মানুহে মনত ৰাখে সেই উদ্দেশ্যে জীৱনৰ বিয়লি বেলা প্ৰচুৰ অধ্যয়ন কৰিছিল আৰু তেওঁ নিজে লিখিবলৈ বিচাৰিছিল।
কিন্তু মৃত্যুৰ সময়লৈকে বহুত চেষ্টা কৰিও লিখিবলৈ সক্ষম নহ’ল, কিন্তু সেইগৰাকী বিখ্যাত বিত্তবান লোকে মৃত্যুৰ আগমুহূৰ্তত অনুভৱ ব্যক্ত কৰিছিল যে তেওঁ লেখক হ’ব নোৱাৰিলে যদিও লিখিবৰ বাবে যে যথেষ্ট অধ্যয়ন কৰিলে, সেয়াই যথেষ্ট।
সংস্থাৰ উপদেষ্টা আৰতি শৰ্মা, লেখিকা বৈজয়ন্তী খাউণ্ড, পূৰবী চক্ৰৱৰ্তী সূত, কুমকুম বৰুৱা প্ৰমুখ্যে শতাধিক সাহিত্যানুৰাগীৰ উপস্থিতিত অনুষ্ঠিত এই সভাতে এইবাৰ বীণা শৰ্মা সোঁৱৰণী গল্প প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ক্ৰমে বিশ্বনাথ চাৰিআলিৰ জ্ঞানশ্ৰী শইকীয়া, নগাঁৱৰ প্ৰতিভা ভাগৱতী আৰু গোলাঘাটৰ টিনা গোস্বামীক বঁটা প্ৰদান কৰা হয়।
শ্যামলিমা শৰ্মাই বক্তৃতা আৰু অৰুনিমা হাজৰিকাই কবিতা পাঠ কৰা এই সভাৰ শলাগৰ শৰাই আগবঢ়ায় ৰূপা শইকীয়াই। ইফালে, কালি বিয়লি অনুষ্ঠিত সংস্থাৰ নগাঁও শাখাৰ নতুন সমিতিখন গঠন কৰা হয়।
নতুন সমিতিখন এনে ধৰণৰ– সভানেত্ৰীঃ লীনা সন্দিকৈ, কাৰ্যকৰী সভানেত্ৰীঃ স্বপ্না নিয়োগী, উপ-সভানেত্ৰীঃ ৰূপা শইকীয়া, পূৰবী চক্ৰৱৰ্তী সূত, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য, মিনতি শইকীয়া, পত্ৰিকা সম্পাদিকা দীপিকা নাথ, সম্পাদিকা বন্তি চেতিয়া, আলোচনী সম্পাদিকা দীপিকা নাথ আদি।

