THE THURSDAY FINAL: বৃহস্পতিবাৰে আইটিএফ বিশ্ব ৰেংকিং মাষ্টাৰ্ছ এমটি ২০০ টেনিছৰ ফাইনেল
বৃহস্পতিবাৰে আইটিএফ বিশ্ব ৰেংকিং মাষ্টাৰ্ছ এমটি ২০০ টেনিছৰ ফাইনেল
একক-ডাবলছৰ ফাইনেলত দুই বিদেশী খেলুৱৈ পীটাৰ-ডেনিয়েল

DD TIMES গুৱাহাটী, ১২ নৱেম্বৰঃ অসম টেনিছ সন্থাৰ গুৱাহাটীৰ চচলস্থিত প্ৰকল্পত চলি থকা আই টি এফ মাষ্টাৰ্ছ এম টি ২০০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাখনৰ পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছৰ সকলো বয়স শাখাৰে ফাইনেল মেচসমুহ কাইলৈ অনুষ্ঠিত হ’ব৷
প্ৰতিযোগিতাখনৰ সঞ্চালকৰ দায়িত্বত থকা অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই আজি এই কথা প্ৰকাশ কৰিছে৷
সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ পুৰুষৰ এককৰ ৪৫ বছৰ শাখাৰ খিতাপৰ যুঁজত শ্লোভাকিয়াৰ পীটাৰ জাংকুস্কাৰ মুখামুখি হ’ব দ্বিতীয় বাচনিৰ জাৰ্মান খেলুৱৈ ডেনিয়েল জন৷
আজি হোৱা ছেমিফাইনেলত উভয় বিদেশী খেলুৱৈয়ে ভাৰতৰ খেলুৱৈক পৰাস্ত কৰে৷ পীটাৰে নগামখোলেট হাওকিপক পৰাস্ত কৰাৰ বিপৰীতে ডেনিয়েলে শ্বাহনাৱাজ জাফৰক হৰুৱায়৷ পীটাৰ আৰু ডেনিয়েলে ৪৫ বছৰ শাখাৰ ডাবলছৰো ফাইনেলত প্ৰৱেশ কৰিছে৷
ইফালে, পুৰুষৰ এককৰ ৩৫ূ বছৰ বয়স শাখাৰ ফাইনেল মেচখনত দুই ভাৰতীয় যোচেফ জোটিনখুমা আৰু ৰাহুল বুঢ়াগোহাই মুখামুখি হ’ব৷ ছেমিফাইনেলত যোচেফে সম্ৰাট মহন্ত পৰাস্ত কৰাৰ বিপৰীতে ৰাহুলে অক্ষয় পাঞ্জাবীক পৰাস্ত কৰে৷
আনহাতে, পুৰুষৰ ৫৫ বছৰৰ একক শাখাৰ ফাইনেলত ইতিমধ্যে স্থান নিশ্চিত কৰা ভাৰতৰ ৰনদীপ বৰুৱাই কাইলৈ খিতাপৰ যুঁজত মুখামুখি হ’ব মামাৱিয়া লালথানমাৱিয়াৰ৷ আজি হোৱা ছেমিফাইনেলত তেওঁ কে এন ভেংকটেশক পৰাস্ত কৰে৷
ইফালে, আজি হোৱা পুৰুষৰ ৪৫ বছৰ শাখাৰ ডাবলছৰ ছেমি ফাইনেলত ৰাজীৱ বৰা আৰু ৰাজীৱ দত্ত যুটিয়ে নাগামখোলেট হাওকিপ আৰু অলকেশ শইকীয়াক পৰাস্ত কৰাৰ বিপৰীতে এই শাখাৰ আনখন ছেমিফাইনেলত বিদেশী যুটি পিটাৰ আৰু ডেনিয়েলে জাৰিফ আহমেদ আৰু নেলছন যতীন কুমাৰক পৰাস্ত কৰে৷
আনহাতে, পুৰুষৰ ৪৫ বছৰ শাখাৰ ডাবলছৰ ছেমি ফাইনেলত মামাৱিয়া লালথানমাৱিয়া আৰু যোচেফ জোটিংখুমাই কৰণ চৌহান আৰু টুটু থাপাক পৰাস্ত কৰে৷
ইফালে, আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতাখনৰ মহিলাৰ এককৰ ৫৫ বছৰ শাখাৰ অন্তিম লীগ মেচত সুজাতা শৰ্মাই অনুসূয়া বৰুৱাক পৰাস্ত কৰাৰ বিপৰীতে মহিলাৰে এককৰ ৪৫ূবছৰ শাখাৰ মেচত পৰমিতা গুহৰয়ে ছিলভিয়া জাংকুস্কোভাক পৰাস্ত কৰে৷
আনহাতে, ৪৫ বছৰ শাখাৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত ববিতা মোহন লাংথাছা আৰু সুভাষ কলিতা যুটিয়ে পৰমিতা গুহৰয় আৰু আখতাৰ হুছেইনক পৰাস্ত কৰে৷
