The Teacher Who Loves Birds: চৰাই ভালপোৱা শিক্ষকগৰাকী গ’লগৈ
নিজ বাসগৃহতে ঘনচিৰিকা প্ৰতিপালনেৰে বিৰল দৃষ্টান্ত দেখুওৱা তেজপুৰৰ পক্ষী প্ৰেমী, ‘পক্ষী মিত্ৰ’ সন্মানেৰে বিভূষিত অৱসৰপ্ৰাপ্ত শিক্ষক বল বাহাদুৰ ছেত্ৰীৰ পৰলোকপ্ৰাপ্তিঃ পক্ষীক বিষয় হিচাপে লৈও প্ৰস্তুত কৰিছিল বিশেষ প্ৰকল্প

DD TIMES তেজপুৰৰ, ১৩ নৱেম্বৰঃ পশু পক্ষীৰ সংৰক্ষণৰ ক্ষেত্ৰত মনোনিৱেশ কৰি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি অহা তেজপুৰ চানমাৰীৰ নিৰৱ প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী আৰু পক্ষী প্ৰেমী, অৱসৰপ্ৰাপ্ত শিক্ষক বল বাহাদুৰ ছেত্ৰীৰ বেংগালুৰুৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে তেজপুৰ গান্ধী মেমৰিয়েল মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা এগৰাকী বিজ্ঞান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা পক্ষী প্ৰেমী গৰাকী কিছুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।

চানমাৰীৰ নিজ বাসগৃহতে ঘনচিৰিকাৰ আৱাস স্হান নিৰ্মাণ কৰি নিজৰ সন্তানৰ দৰে জাকে জাকে লুপ্ত হ’বলৈ ধৰা ঘনচিৰিকা পোহপাল কৰি নজিৰ সৃষ্টি কৰা পক্ষী প্ৰেমী গৰাকীৰ এই বিৰল পক্ষী প্ৰেমৰ সংবাদ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ আৰু প্ৰচাৰ হোৱাত বহুলভাৱে সমাদৃত হৈছিল।
এই সূত্ৰেই ২০১৫ চনৰ ৬৯ তম স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত লুপ্তপ্ৰায় হবলৈ ধৰা ঘৰচিৰিকা সংৰক্ষণত অৰিহণা আগবঢ়োৱাৰ বাবে বল বাহাদুৰ ছেত্ৰীক শোণিতপুৰ জিলা প্ৰশাসনৰ কেন্দ্ৰীয় উদযাপন কাৰ্য্যসূচীত জিলা প্ৰশাসনে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।
২০১৮ চনত সৰ্বভাৰতীয় কৃষি পক্ষীবোৰৰ গবেষণা প্ৰকল্প প্ৰস্তুত কৰা আৰু অসম কৃষি বিশ্ববিদ্যালয় (আঞ্চলিক গৱেষণা কেন্দ্ৰ, উত্তৰ লক্ষীমপুৰ) দ্বাৰা বল বাহাদুৰ ছেত্ৰীক ঘৰচিৰিকা সংৰক্ষণ আৰু বংশবৃদ্ধিৰ হকে লোৱা প্ৰচেষ্টাৰ বাবে ‘বিশ্ব ঘৰচিৰিকা দিৱস ২০১৮ৰ শুভ দিনত “পক্ষী মিত্ৰ সন্মান” প্ৰদানেৰেও বিভূষিত কৰিছিল।
১৯৮২ চনত নবজ্যোতি হাইস্কুলৰ অঙ্ক শিক্ষক হিচাবে শিক্ষকতা জীৱনৰ পাতনি মেলাৰ পিছত তেজপুৰ গান্ধী মেমৰিয়েল এম ই বিদ্যালয়ত বি এচ চি শিক্ষক হিচাপে ১৯৯১ চনত চনত যোগদান কৰে।উক্ত স্কুলৰ পৰা ২০১৬ চনত অৱসৰ গ্ৰহণ কৰে।
ছাত্ৰ জীৱনৰ পৰাই তেওঁ মেধাৱীৰ পৰিচয় দিছিল। ১৯৬৭ চনৰ পৰাই তেজপুৰ জিলা পুথিভঁৰালত পাঁচ টকীয়া কাৰ্ড লৈ নিয়মীয়া পাঠক আছিল ছেত্ৰী। হাইস্কুলত পঢ়ি থকা অৱস্থাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখ পত্ৰ”সফুৰা”ত তেওঁৰ কবিতা প্ৰকাশ পাইছিল।
বস্তু নিষ্ঠ, বিজ্ঞান সন্মত চিন্তা চৰ্চা,যুক্তিৰ দ্বাৰা পৰিচালিত সহজ -সৰল আৰু মৃদুভাষী পশু পক্ষী প্ৰেমী হিচাপে অঞ্চলটোত জনপ্ৰিয়তা লাভ কৰা ছেত্ৰীৰ একাধিক সাক্ষাৎকাৰ আকাশবাণীৰ জৰিয়তে সম্প্ৰচাৰিত হৈছিল।
মৃত্যুৰ কেই বছৰমান আগতে তেজপুৰ চানমাৰিৰ বিভিন্ন পথৰ কাষত গছপুলি ৰোপণত বিশেষ তৎপৰতা গ্ৰহণ কৰিছিল ।চিকিৎসাধীন অবস্থাত সুদুৰ বেংগালুৰৰ পৰা চৰাই চিৰিকটি আৰু নিজ হাতে ৰোপন কৰা গছ গছনি বিলাকৰ নিৰন্তৰ খবৰ লৈ আছিল ছেত্ৰীয়ে।
এই সন্দৰ্ভত পৰিয়ালৰ লোকে তেওঁক ছবি সহ খবৰ দিছিল।কিছু দিন ধৰি দুৰাৰোগ্য কেঞ্চাৰ ৰোগৰ সতে যুঁজি থকা তেওঁৰ অদম্য ইচ্ছা শক্তি আৰু মনোবল আৰু প্ৰকৃতি প্ৰেম দেখি সকলোৱে শলাগিছিল।
শোণিতপুৰ জিলাৰ জহামাৰী গাঁৱৰ সমীপৰ গাভৰু নদীৰ পাৰৰ নবিল গাঁৱত ১৯৫৪ চনত তেওঁৰ জন্ম হোৱা নিষ্ঠাবান পক্ষী প্ৰেমী আৰু প্ৰকৃতিপ্ৰেমী গৰাকীয়ে মৃত্যুৰ সময়ত সহধৰ্মিনী শশীকলা দেৱী, পুত্ৰ শ্ৰৱন কুমাৰ কৌশিক বোৱাৰী আৰতি দেবী আৰু নাতি শ্ৰেয়ান কৌশিকৰ লগতে আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ গৈছে।
৮ নবেম্বৰত পৰলোকপ্ৰাপ্তি ঘটা পক্ষী প্ৰেমীগৰাকীৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানে শোক প্ৰকাশ কৰিছে।

