The struggle against British colonialism: অতীতৰপৰাই ভাৰতীয় ইতিহাসবিদসকলে অসম বুৰঞ্জীক গুৰুত্ব দিয়া নাইঃ ড° পুষ্প গগৈ
শিৱসাগৰত ব্ৰিটিছ ঔপনিৱেশ বিৰোধী সংগ্রাম আৰু পিয়লি ফুকন শীৰ্ষক ঘূৰণীয়া মেজমেল
অতীতৰপৰাই ভাৰতীয় ইতিহাসবিদসকলে অসম বুৰঞ্জীক গুৰুত্ব দিয়া নাইঃ ড° পুষ্প গগৈ
পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ হাতে-কামে লাগিবৰ হ’লঃ ড° দয়ানন্দ বৰগোহাঁই
‘ছহীদ পিয়লি ফুকনঃ দ্য চন অৱ ছইল’গ্ৰন্থ উন্মোচন
২০২৬ৰ ২৭ মে’ত দিল্লীত অনুষ্ঠিত হ’ব দ্বিতীয়খন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘূৰণীয়া মেজমেল

DD TIMES শিৱসাগৰ, ৩০ ছেপ্টেম্বৰঃ ছহীদ পিয়লি ফুকন আৰু দুলীয়া বৰুৱা ফুকনৰ দৰে বীৰ দুগৰাকীৰ সংগ্রাম আৰু আত্মত্যাগৰ ইতিহাসক তুলি ধৰাৰ প্ৰয়াসেৰে আজি শিৱসাগৰত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানৰ জড়িয়তে অনুষ্ঠিত হল ৰাষ্ট্ৰীয় পৰ্যায়ত ঘূৰণীয়া মেজমেল।
শিৱসাগৰ যুৱদলৰ প্ৰেক্ষাগৃহত জাতীয়তাবাদী নেতা প্ৰেম গগৈ সোঁৱৰণী মঞ্চত ” ব্ৰিটিছ ঔপনিবেশ বিৰোধী সংগ্রাম আৰু পিয়লি ফুকন ” শীর্ষক ঘূৰণীয়া মেজমেলৰ আলোচনা সত্ৰত উপস্থিত আছিল অসমকে ধৰি চুবুৰীয়া কেইবাখনো ৰাজ্যৰ কেইবাগৰাকী প্ৰসিদ্ধ ইতিহাসবিদ আৰু বুৰঞ্জীবিদ।
বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ব্ৰজেন বৰাই আত ধৰা অনুষ্ঠানৰ আৰম্ভণিত পুৱা ছহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ প্ৰতিচ্ছবিত পুষ্পমাল্যৰে বন্তি প্ৰজ্বলন কৰে ক্ৰমে- উত্তম দুৱৰা আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰতীম শৰ্মাই। ইয়াৰ পিছতেই জাতীয়তাবাদী নেতা প্ৰেম গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই জাচিংফাৰে উচৰ্গা কৰা অনুষ্ঠানটিৰ পিছত মূল অনুষ্ঠানভাগ অনুষ্ঠিত হয়।
অধ্যাপক প্ৰবীণ শৰ্মাৰ সভাপতিত্বত আৰু অধ্যাপক অৰবিন্দ বৰকটকীয়ে সঞ্চালনা কৰা ঘূৰণীয়া মেজমেলত বিশিষ্ট তাই পণ্ডিত, চিত্ৰশিল্পী ড° পুষ্প গগৈয়ে তেখেতৰ মন্তব্যত কয় যে, অসম বুৰঞ্জীৰ বহু কথা ভাৰতীয় বুৰঞ্জীত স্হান পোৱা নাই। বহু তথ্য অন্তর্ভুক্তও হোৱা নাই। সেইবাবে ব্ৰিটিছ বিৰোধী সংগ্রামত প্ৰাণ আহুতি দিয়া পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱাৰ দৰে বহু সংগ্রামী বীৰৰ নাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা নাই। আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱাক লৈ যাব লাগিব।
এইসকল সংগ্রামী বীৰসকলৰ চৰ্চা হব লাগিব, গৱেষণা হব লাগিব। ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কোৱাৰ লগতে তেখেতে অতীজৰপৰাই ভাৰতীয় ইতিহাসবিদসকলে অসম বুৰঞ্জীক গুৰুত্ব প্ৰদান নাই কৰা বুলি আক্ষেপ ব্যক্ত কৰে। আন এগৰাকী আলোচক তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ইতিহাসবিদ ড০ নিৰোদ বৰুৱাই কয় যে, ছহীদ পিয়লি ফুকনে যিদৰে মৰ্যাদা পাব লাগিছিল সেয়া পোৱা নাই।
বুৰঞ্জী লিখন প্ৰক্ৰিয়াত ত্ৰুটি থকাৰ বাবে এইসকল সংগ্রামী বীৰসকল ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰিব পৰা নাই। মহাবীৰ লাচিত বৰফুকন, সতী জয়মতীৰ দৰে পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱাৰো অধ্যয়ন, চৰ্চা আৰু গৱেষণা হব লাগিব। প্ৰকৃত চৰ্চা, অধ্যয়ন, গৱেষণা হোৱা নাই বাবে এইসকল বীৰ আজিও উপেক্ষিত হৈ আছে বুলি মন্তব্য কৰে। তেখেতে আন এক প্ৰসংগত উল্লেখ কৰে যে, বুৰঞ্জী লিখা প্ৰক্ৰিয়াটোৰ পুনৰীক্ষণ কৰিব লাগিব।
দাবীৰে নহয়, গৱেষণাৰ জড়িয়তে এই বীৰ দুগৰাকীক প্ৰতিষ্ঠা কৰিব লাগিব বুলি ব্যক্ত কৰে। আন এগৰাকী আলোচক মেঘালয়ৰ নেহু বিশ্ববিদ্যালয়ৰ অধ্যাপক, ইতিহাসবিদ ড০ অমৰেন্দ্ৰ কুমাৰ ঠাকুৰে নিজৰ মন্তব্যত উল্লেখ কৰে যে, উত্তৰ পূৰ্বাঞ্চলৰ বুৰঞ্জীৰ বহু তথ্য ভাৰতীয় বুৰঞ্জীত স্হান পোৱা নাই। প্ৰান্তীয় বুৰঞ্জীৰো চৰ্চা হোৱা নাই। সেইবাবে পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱাৰ দৰে বীৰসকলৰ চৰ্চা হোৱা নাই ৰাষ্ট্ৰীয় পৰ্যায়ত।
বিশেষকৈ ১৮২৫- ১৮৫০ চনৰ সময়চোৱাৰ চৰ্চা, অধ্যয়ন আৰু গৱেষণা হলে নিশ্চিতভাৱে এই দুইগৰাকী বীৰৰ বহু তথ্য লাভ কৰিব পাৰিম বুলি উল্লেখ কৰে। আলোচনা সত্ৰত অংশগ্রহণ কৰি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ইতিহাস আৰু প্ৰত্নতত্ব বিভাগৰ অধ্যাপিকা থুংচেনবেণী কিথানে নিজৰ মন্তব্যত আহোম- নাগাসকলৰ সম্পর্কৰ কথা ব্যক্ত কৰাৰ লগতে কয় যে, ব্ৰিটিছ বিৰোধী সংগ্রামত প্ৰাণ আহুতি দিয়া অসমীয়া বীৰসকলৰ বিষয়ে আমি বেচি বেছিকৈ অধ্যয়ন, চৰ্চা আৰু গৱেষণা কৰিব পাৰিলেহে তেওঁলোকক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ সুবিধা হব।
তেখেতে আজি দৈনিক জনমভুমি কাকতৰ ডেক্স ইনচার্জ দিগন্ত বুঢ়াগোহাঁই আৰু আশ্ৰবিকা বৰাৰ যুটীয়া সম্পাদনাত প্ৰকাশ পোৱা তথ্য সম্বলিত গ্ৰন্থ “ছহীদ পিয়লি ফুকনঃ দ্য চন অৱ ছইল” নামৰ উন্মোচিত গ্ৰন্থখনিয়ে বিশেষকৈ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ সম্পর্কে থকা বহু তথ্যই বীৰ দুগৰাকীক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত সহায়ক হব বুলি উল্লেখ কৰে।
বিশিষ্ট শিক্ষাবিদ, বুৰঞ্জীবিদ ড০ দয়ানন্দ বৰগোহাঁইয়ে আলোচনা সত্ৰত অংশগ্রহণ কৰি পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ সন্দৰ্ভত গৱেষণা সোনকালে হব লাগে। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ হাতে- কামে লাগিব লাগে বুলি কোৱাৰ লগতে তেখেতে আমি সাৱধান নহলে অসমীয়া জাতি শেষ হব বুলি কোৱাৰ লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক বীৰ দুগৰাকীৰ তথ্য জমা দি কাম আগবঢ়োৱাৰ পৰামৰ্শ দিয়ে।
আন এগৰাকী আলোচক বিশিষ্ট প্ৰকৃতিবিদ হেমজিৎ দেওধাই ফুকনে নিজৰ মন্তব্যত কয় যে, পিয়লি ফুকনৰ প্ৰকৃত মৈদাম আৱিষ্কাৰ কৰিব লাগিব। পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ দৰে বীৰসকলক আমি ৰাষ্ট্ৰীয় বীৰ বনাবই লাগিব বুলি কোৱাৰ সমান্তৰালকৈ পাটকাই পৰ্বতক বিশ্ব ঐতিহ্য ক্ষেত্রত অন্তর্ভুক্তি কৰিবলৈ চৰকাৰক আহ্বান জনায়।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীয়েও পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ লগতে আন আন বীৰ- বীৰাংগানা সকলোৰো চৰ্চা, অধ্যয়ন আৰু গৱেষণাৰ জড়িয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জিলিকাই তুলিবলৈ অহৰহ কাম কৰিব লাগিব বুলি উল্লেখ কৰে।
অনুষ্ঠানত অষ্টম চিংফৌ ৰজা বিছা মুংদাং গাম চিংফৌ উপস্থিত থাকি আহোম- চিংফৌসকলৰ মধুৰ সম্পর্কৰ কথা উল্লেখ কৰি তেখেতে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ দৰে বীৰৰ লগতে দুয়োটা জাতিৰ বীৰসকলৰ চৰ্চা, অধ্যয়ন কৰিব লাগিব বুলি কোৱাৰ লগতে ব্ৰিটিছ বিৰোধী সংগ্রামত প্ৰাণ আহুতি দিয়া ভাৰতৰ প্ৰথম গৰাকী বীৰ পিয়লি ফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিব লাগিব বুলি উল্লেখ কৰে।
অনুষ্ঠানত কেন্দ্রীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই দিগন্ত বুঢ়াগোহাঁই আৰু আশ্ৰবিকা বৰাৰ যুটীয়া সম্পাদনাত প্ৰকাশ কৰা ” ছহীদ পিয়লি ফুকনঃ দ্য চন অৱ ছইল ” তথ্য সম্বলিত গ্ৰন্থখনি উন্মোচন কৰি কয় যে, বীৰ দুগৰাকীৰ জীৱন কৰ্মক বিদ্যায়তনিক আৰু প্ৰণালীবদ্ধভাৱে আগুৱাই নিব লাগিব বুলি কোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্রত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে মন্ত্রীগৰাকীয়ে।
বিধায়ক অখিল গগৈয়ে ছহীদ পিয়লি ফুকন স্মৃতি সংৰক্ষণ সমিতি আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চুকাফা অধ্যয়ন কেন্দ্রৰ সহযোগত” ব্ৰিটিছ ঔপনিবেশক বিৰোধী সংগ্রাম আৰু পিয়লি ফুকন ” শীর্ষক ঘূৰণীয়া মেজমেল আয়োজন কৰাত শলাগ লোৱাৰ লগতে অনাগত দিনত লব লগা প্ৰতিটো প্ৰকল্পৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
অনুষ্ঠানটোৰ মুখ্য সমন্বয়ক, জেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডাই নিজৰ ভাষণত কয় যে, ব্ৰিটিছ বিৰোধী সংগ্রামত ফাচীকাঠত উঠা মংগল পাণ্ডেৰ মৃত্যুৰ ২৭ বছৰৰ পূৰ্বে ব্ৰিটিছে জীউৰাম দুলীয়া বৰুৱাৰট আৰু পিয়লি ফুকনক ফাচী দিছিল। কিন্তু দূৰ্ভাগ্যৰ বিষয় যে, কোনেও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া বীৰ দুগৰাকীক উপস্থাপন কৰিব নোৱাৰিলে বুলি আক্ষেপ কৰে।
উপেক্ষিত হল বুলি আমি থমকি ৰব নালাগিব। ইয়াৰ বাবে একত্রিতভাবে কাম কৰিব লাগিব বুলি উল্লেখ কৰে। তেখেতে ২০২৬ বৰ্ষৰ ২৭ মেত দিল্লীত দ্বিতীয়খন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘূৰণীয়া মেজমেলখন অনুষ্ঠিত হব বুলি কোৱাৰ লগতে উক্ত মেজমেলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে কেইবাগৰাকী প্ৰসিদ্ধ ইতিহাসবিদ আৰু বুৰঞ্জীবিদে অংশগ্রহণ কৰিব বুলি উল্লেখ কৰে।
আজিৰ এই ঘূৰণীয়া মেজমেলত বিশিষ্ট গল্পকাৰ ড॰ অসমী গগৈ বৰুৱাৰ ‘আলাপ, সংলাপ ইত্যাদি’ শীৰ্ষক গল্প সংকলন এখনো উন্মোচন কৰা হ’য়। সৃষ্টিশীল নৃত্য, কোৰাচ আদি পৰিৱেশনেৰে সৌষ্ঠৱ বৃদ্ধি কৰা আলোচনা সত্ৰখনিত উপস্থিত আছিল ছহীদ পিয়লি ফুকনৰ সহযোগী ব’ম চিংফৌৰ পৰিনাতিৰ উপৰি জিলাখনৰ লগতে চুবুৰীয়া জিলা আৰু চুবুৰীয়া ৰাজ্যৰ প্ৰায় পাচ শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

