অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

The New Art Players: নিউ আৰ্ট প্লেয়াৰ্ছৰ ৭০ সংখ্যক বাৰ্ষিক সাধাৰণ সভা

Spread the love

নিউ আৰ্ট প্লেয়াৰ্ছৰ ৭০ সংখ্যক বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

DD TIMES গুৱাহাটী, ১৮ নৱেম্বৰঃ ৰাজ্যৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছ, গুৱাহাটীৰ ৭০ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন যোৱা শনিবাৰে অনুষ্ঠিত হয়৷ ক্লাবটোৰ সভাকক্ষত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সভাপতি অজয় দত্তই৷

ক্লাবৰ সম্পাদক আৰু কোষাধ্যক্ষই বাৰ্ষিক প্ৰতিবেদন আৰু ২০২৩-২৪ আৰু ২০২৪-২৫: বৰ্ষৰ হিচাপ-নিকাচ দাখিল কৰে৷ ইয়াৰ পূৰ্বে সভাত এই সম্পৰ্কীয় আলোচনা অনুষ্ঠিত হয়৷

তদুপৰি সদস্যসকলে সংস্হাটোৰ উন্নয়ন আৰু কল্যাণ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে৷ সভাপতিগৰাকীয়ে নিজৰ ভাষণত সংগঠনটোৰ লক্ষ্যৰ লগতে সংস্কৃতি আৰু সামাজিক কামকাজৰ ওপৰত আলোকপাত কৰে৷

এই সভাতেই ২০২৫-২৭ বৰ্ষৰ বাবে সমিতিখন গঠন কৰে৷ সেই অনুসৰি অজয় দত্তক সভাপতি, মল্লিকা বৰুৱা আৰু পুলক গোস্বামীক উপ-সভাপতি, ৰথিন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যক সাধাৰণ সম্পাদক, উৎপল গোস্বামী আৰু জয়ন্ত কুমাৰ শৰ্মাক সহকাৰী সম্পাদক, কল্যাণ কুমাৰ দাসক কোষাধ্যক্ষ, নিৰদা চক্ৰৱৰ্তীক মহিলা গোটৰ সম্পাদিকা, নয়ন কুমাৰ প্ৰসাদ, হুমায়ুন চৌধুৰী, নৱজ্যোতি কলিতা, ৰূপান্ত কুমাৰ দাস, ত্ৰৈলোক্য বৰা , কুলজিৎ বৰুৱা, মেলডী পাটগিৰি আৰু মৃন্ময় বৰুৱাক কাৰ্যকৰী কমিটীৰ সদস্য হিচাপে লৈ সমিতিখন গঠন কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!