অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

The king of music, Zubeen Garg: ৫৩ পাওণ্ডৰ কে’ক কাটি বোকাখাতত অমৃৎকণ্ঠ, সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন

Spread the love

৫৩ পাওণ্ডৰ কে’ক কাটি বোকাখাতত অমৃৎকণ্ঠ, সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন


DD TIMES বোকাখাত, ১৯ নৱেম্বৰঃ অসমীয়াৰ হিয়াৰ আমঠু, অমৃৎকণ্ঠ, সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ মঙলবাৰে ৫৩ সংখ্যক জন্মদিন।

সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাত সমজিলাৰ বিভিন্ন কাৰ্যসূচীৰে আবেগ আৰু ওলহ মালহেৰে পালন কৰা হয় প্ৰাণৰ শিল্পীৰ জন্মদিন।

এই উদ্দেশ্যে বোকাখাতৰ প্ৰাক্তন বিধায়ক, নিৰ্মান গোটৰ সভাপতি জিতেন গগৈৰ নেতৃত্বত আজি “জুবিন তীৰ্থ” মুকলি কৰে জুবিন গাৰ্গৰ দদায়েক মনোজ বৰঠাকুৰে।”

মহামানৱ সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৰু দেৱতুল্য মহা মানৱ,যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ গণশিল্পী জুবিন গাৰ্গ”ৰ সোঁৱৰণত উচৰ্গা কৰা আই টি পি চি আই টি আইৰ “মনিষী” দ্বাৰ ড° ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা, জুবিনৰ খুড়াক মনোজ বৰঠাকুৰ, শিল্পী সন্ধ্যা মেনন,জ্যোতিৰ্ময় দেৱনাথ,খঞ্জন নাথ, ৰঞ্জন দত্ত,স্বপন নাথ,শোভা হাজৰিকাই সমূহীয়াকৈ উদ্ঘাটন কৰে।

জুবিনৰ জন্মদিন উপলক্ষে ৫৩ পাউণ্ডৰ কেক কাটে বিশিষ্ট ব্যক্তিসকলে। বৈদিক আৰু নাম প্ৰসংগৰ দ্বাৰা ভগৱানক সেৱা জনাই আৰম্ভ কৰা অনুষ্ঠানত সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৰু অমৃত কন্ঠৰ কালজয়ী গীত সমূহীয়াভাৱে পৰিৱেশন কৰে।

অনুষ্ঠানৰ উদ্যোক্তা জিতেন গগৈয়ে উদেশ্য বাখ্যা কৰা অনুষ্ঠানত সমল হাজৰিকা, মনোজ বৰঠাকুৰ, অঞ্জন নাথে বক্তব্য আগবঢ়ায়। জিতেন গগৈয়ে জনোৱা অনুসৰি গৰিমা গাৰ্গৰ স্বাস্থ্যৰ উন্নতি হ’লে তেখেতে নিজ হাতে উন্মোচন কৰিব জুবিনৰ প্ৰতিমূৰ্ত্তি। ইফালে বোকাখাত সমজিলা প্ৰশাসন,বোকাখাতৰ জাতীয় সংগঠন, আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বোকাখাতবাসী ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰে।

পুৱা ১০ বজাত বোকাখাত নাট্য মন্দিৰ প্ৰাংগণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে স্থানীয় শিল্পী সকলে সমবেত সংগীত পৰিৱেশন কৰে।

অনুষ্ঠানত উপস্থিত থাকি জুবিন গাৰ্গৰ দদায়েক মনোজ বৰঠাকুৰে একাষাৰ কয়। ইয়াৰ পিছত বোকাখাত লোক নিৰ্মাণ বিভাগৰ আৱৰ্ত্ত ভৱন চৌহদত থকা বোকাখাতৰ ১২০ বছৰীয়া ইতিহাস প্ৰসিদ্ধ বৃক্ষত অৰ্কিড ৰোপন কৰে জুবিন গাৰ্গৰ অনুৰাগীসকলে।

আয়োজক সংগঠন সমূহে নিজ নিজ ঠাইত নাহৰ পুলি ৰোপন কৰে। বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত ৰাজহুৱা মুকলি প্ৰেক্ষাগৃহত বিজেপিৰ গোলাঘাট জিলা সমিতি আৰু অগপৰ গোলাঘাট জিলা সমিতিৰ যৌথ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক উপজা দিন উপলক্ষে “জীৱন সুৰভি” মেগা ৰক্তদান শিবিৰৰ ফিটা কাটি উদ্বোধন কৰে অনান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন আয়োগৰ উপাধ্যক্ষ দেৱ প্ৰদীপ বৰাই।

উক্ত শিবিৰত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জাৰ্নগেল দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে।উক্ত ৰক্তদান শিবিৰত প্ৰায় এশ গৰাকী লোকে ৰক্তদান কৰে।

উল্লেখ্য যে ৰাজ্যখনৰ ৫৩ টা স্থানৰ ভিতৰত বোকাখাততো এনেধৰণৰ ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে। সমগ্ৰ ৰাজ্যৰ লগতে অসম গণ পৰিষদৰ বোকাখাত সমষ্টি সমিতিৰ উদ্যোগত দলীয় কাৰ্যালয়ত সংগীতৰ ৰাজপুত্র জুবিন গাৰ্গৰ জন্ম দিনটো “জাতীয় স্বাভিমান দিৱস” ৰূপে পালন কৰে।

অসম গণ পৰিষদৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতাৰ পৌৰোহিত্যত আয়োজিত জাতীয় স্বাভিমান দিৱসৰ বিশেষ অনুষ্ঠানত বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক গোপিকানন্দ শইকীয়াই জুবিন গাৰ্গৰ জীৱন আৰু শিল্প কৰ্ম সন্দৰ্ভত বিশ্লেষাত্মক আলোচনা আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাইও বক্তব্য ৰাখি কাজিৰঙাৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰ জুবিন গাৰ্গৰ নামত নমাকৰণ কৰিবৰ বাবে আৰু জুবিন গাৰ্গক ভাৰত ৰত্ন বঁটা প্ৰদানৰ বাবে প্ৰস্তাৱ গ্ৰহন কৰিবৰ বাবে আহ্বান জনায়।

এই অনুষ্ঠানতে বোকাখাতৰ সাহিত্য সংস্কৃতি আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে অৱসৰপ্ৰাপ্ত অধ্যাপক গোপিকানন্দ শইকীয়া, কমাৰগাঁৱৰ বিশিষ্ট শিক্ষাবিদ মহেন শইকীয়া, সাহিত্যিক কল্পনা চেতিয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, কাজিৰঙাৰ প্ৰবীণ কবি তৰুণ ৰাজখোৱা, মহুৰামুখৰ সুৰেণ বৰি, বাদুলীপাৰৰ দিপাংকৰ বৰুৱা আৰু বোকাখাতৰ ড° বাবুলাল ম’ৰক কিতাপৰ বন্ধু আৰু অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান লাভ কৰা বোকাখাত পৰিৱেশকৰ্মী উত্তম শইকীয়া, কাজিৰঙাৰ মনোজ গগৈ,পক্ষী নিৰীক্ষক আবিদুৰ ৰহমান, পখিলা বিশেষজ্ঞ মনচুন জ্যোতি গগৈ, বোকাখাতৰ মধুস্মিতা গগৈ, কাজিৰঙাৰ বিশিষ্ট পৰিৱেশকৰ্মী মনোজ গগৈ, কোষেশ্বৰ নাথ, বোকাখাতৰ আৰিফ হোছেইন, কমাৰ গাঁৱৰ ডিম্পল ঢেকীয়াল ফুকন, মহুৰামুখৰ বদন দাস আৰু পানীদিহিঙীয়াৰ প্ৰশান্ত বৰবৰাক প্রকৃতিৰ বন্ধু হিচাপে সম্বর্ধনা জনোৱা হয়।

সন্ধিয়ালৈ বোকাখাত জিলা ক্ৰীড়া সন্থা খেলপথাৰ বাকৰিত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন কৰে। এই উদ্দেশ্যে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বিশিষ্ট ধাৰাভাষ্যকাৰ ৰূপজ্যোতি ভড়ালীয়ে আঁত ধৰা বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ বাকৰিত অনুষ্ঠিত জন্মদিন উদযাপনৰ আৰম্ভণিতে প্ৰাণৰ শিল্পীক সশ্ৰদ্ধ স্মৰণ কৰি মূল বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী অতুল বৰাই।

সমান্তৰালকৈ বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি সকলে মুঠ ৫৩ গছি বন্তি প্ৰজ্বলন কৰে। স্থানীয় শিল্পী সকলে সমবেত সংগীত পৰিবেশন কৰে। ইয়াৰ পিছত ৫৩ পাউণ্ডৰ কেক কাটে জুবিন গাৰ্গৰ “মই নাথাকিলে অনুভৱ” গীতৰ স্ৰষ্টা আৰ এফ আকাশে। ইয়াৰ লগে লগে শিল্পী সকলে প্ৰাণৰ শিল্পী গৰাকীৰ গীত পৰিৱেশন কৰাৰ লগতে মায়াবিনী গীত পৰিৱেশন কৰে।

মন্ত্ৰী অতুল বৰাই বক্তব্য আগবঢ়াই বোকাখাতত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে বিধায়ক পূঁজিৰ পৰা ১০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰি প্ৰয়োজন সাপেক্ষে নিজাববীয়াকৈ ধন আগবঢ়াব বুলি উল্লেখ কৰে।

জুবিন গাৰ্গে দৰিদ্ৰ শ্ৰেণীৰ লোকক সহায় আগবঢ়োৱাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট সমাজ কৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাই এশখন কম্বল বোকাখাত পৌৰসভাৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ১০ জনকৈ লোকক কম্বল বিতৰণ কৰে।

ইয়াৰ পিছত শিল্পীসকলে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তুলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!