The fasting of Ramadan begins: ৰমজানৰ ৰোজা আৰম্ভৰ লগে লগে বৃদ্ধি পালে ফলমূলৰ দাম

ৰমজানৰ ৰোজা আৰম্ভ হোৱাৰ লগে লগেই নগাঁৱৰ বজাৰত বৃদ্ধি কৰিছে ফলমূলৰ দাম
প্ৰতিবিধ ফলমূলৰ দাম প্ৰতিকেজিত ৩০-৮০ টকা পৰ্যন্ত বৃদ্ধ
DD TIMES নগাঁও, ১৯ ফেব্ৰুৱাৰীঃ ৰমজানৰ এমহীয়া ৰোজা আজিৰে পৰা আৰম্ভ হোৱাৰ লগে লগেই নগাঁও জিলাত ফলমূলৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি পালে বিভিন্ন ফলমূলৰ দাম। দুদিন আগলৈকে নগাঁও চহৰ আৰু জিলা খনৰ বিভিন্ন ঠাইত যি সমূহ ফলমূলৰ দাম প্ৰতি কেজিত ডেৰশ টকা আছিল সেই একেখিনি ফলমূলৰেই দাম আজি প্ৰতি কেজিত কমেও ৫০-৬০ টকাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
যিহেতু ইছলাম ধৰ্মাৱলম্বী লোক সকলে পৱিত্ৰ ৰমজান মাহত ৰোজাৰ ইফটাৰ আৰু ছেহেৰীৰ সময়ত পৰ্যাপ্ত পৰিমাণে ফলমূল গ্ৰহণ কৰে। সেয়েহে প্ৰতি বছৰেই নগাঁও জিলাত ৰমজানৰ ৰোজা আৰম্ভ হোৱাৰ লগে লগেই অসাধু ব্যৱসায়ী সকলেও নিজৰ খেয়ালখুচি অনুসৰিয়েই প্ৰতিবিধ ফলমূলৰ দামেই অস্বাভাৱিক হাৰত বৃদ্ধি কৰে।
ফলত দৰিদ্ৰ আৰু নিম্ন আয়ৰ লোক সকলে ইচ্ছা থকা সত্বেও ৰোজাৰ প্ৰয়োজনীয় ফলমূল ক্ৰয় কৰিবলৈ অসমৰ্থ হয়।
আজিৰে পৰা ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ ৰমজানৰ এমহীয়া ৰোজা আৰম্ভ হোৱাৰ লগে লগেই নগাঁও চহৰৰ বৰবজাৰ, মৰিগাঁও চেণ্ডিকেট,ধিং গেট, মিছন মাৰ্কেট, নতুন বজাৰ, পানী গাঁও চাৰিআলী, ঢাকাপট্টি, মৰিকলং, দক্ষিণপাট বাছ আস্থান,ডিমৰুগুৰি আদিত থকা ফলমূলৰ দোকান সমূহৰ লগতে জিলাখনৰ আন আন ঠাইসমূহৰ ফলমূলৰ দোকান সমূহতো বিভিন্ন জাতৰ কল, আপেল, আঙুৰ, ডালিম, খেজুৰ, মৌচুমী, মালটা, তৰমুজ, কমলা আদিৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পায়।
আজিৰ দিনটোত নগাঁও চহৰৰ বৰবজাৰৰ বিখ্যাত ফলমূলৰ বজাৰখনত প্ৰতি কেজি আপেল দুশ আৰু আঢ়ৈশ টকাত, প্ৰতি কেজি ডালিম ২০০-২৫০ টকাত, প্ৰতি আসি মালভোক কল ডেৰশ টকাত, প্ৰতি আসি জাহাজী কল এশ টকাত, প্ৰতি আসি অমৃত সাগৰ কল ১২০ টকাত, প্ৰতি কেজি মৌচুমী ৮০ টকাত, প্ৰতি কেজি সাধাৰণ খেজুৰ এশ টকাত,প্ৰতি হালি কমলা ৮০ টকাত,প্ৰতি কেজি মালটা ২০০ টকাত,প্ৰতি কেজি তৰমূজ ৫০ টকা,প্ৰতি কেজি বেদানা ২০০ টকাত,প্ৰতি কেজি আঙুৰ ২০০ টকাত,প্ৰতি কেজি মাদ্ৰাজৰ বেগুৱতলি আম ৩০০ টকাত বিক্ৰী হৈ আছে। অথচ মাত্ৰ দুদিন পূৰ্বে এই একেখন ফলমূলৰ বজাৰত প্ৰতি কেজি আপেল ১২০ টকাত,প্ৰতি হালি কমলা ৩০ টকাত,প্ৰতি কেজি তৰমূজ ৩০ টকাত,প্ৰতি কেজি আঙুৰ ১২০ টকাত, প্ৰতি আসি মালভোক কল ৬০ টকাত, প্ৰতি কেজি সাধাৰণ খেজুৰ ৬০ টকাত,প্ৰতি কেজি মৌচুমী ৬০ টকাত,প্ৰতি কেজি বেদানা ১৪০ টকাত,প্ৰতি কেজি মালটা ১২০ টকাত,প্ৰতি আসি অমৃত সাগৰ কল ৫০ টকাত বিক্ৰী হৈ আছিল।
চহৰ খনৰ আন ঠাইৰ ফলমূলৰ বজাৰত বৰবজাৰৰ ফলমূলৰ বজাৰৰ দামৰ তুলনাত প্ৰতিবিধ ফলমূলৰ দাম ২০-৩০ টকাকৈ বৃদ্ধি পাইছে। চহৰখনৰ আন ঠাইত ফলমূল সাধাৰণ আয়ৰ লোকৰ বাবে অভিজাত সামগ্ৰীত পৰিণত হৈছে।
জিলা খনত ৰমজানৰ ৰোজাৰ অজুহাতত ফল-মূলৰ ব্যৱসায়ীসকলে প্ৰতিবিধ ফলমূলৰ দাম নিজৰ ইচ্ছা অনুসৰি বৃদ্ধি কৰিছে যদিও এই সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনে চকুমুদা কুলিৰ ভাওহে ধৰি অহা পৰিলক্ষিত হৈছে।

