অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

The book fair resounds with the rhythm of poetry: কবিতাৰ ছন্দেৰে মুখৰিত লখিমপুৰৰ অসম গ্ৰন্থমেলা

Spread the love

কবিতাৰ ছন্দেৰে মুখৰিত লখিমপুৰৰ অসম গ্ৰন্থমেলা

যি কবিতাই হৃদয় স্পৰ্শ কৰে সেয়ে ভাল কবিতাঃ জ্ঞান পূজাৰী

DD TIMES লখিমপুৰ, ৮ নৱেম্বৰঃ সাহিত্য-সংস্কৃতি, নাট্যকলা-ইতিহাস আদি বিভিন্ন বিষয়ৰ চৰ্চাৰে জীপাল হৈ পৰিছে ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি লখিমপুৰত অনুষ্ঠিত হোৱা ২০২৫-২৬ ৰ দ্বিতীয়খন অসম গ্ৰন্থমেলা ৷


অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লখিমপুৰ কমাৰ্চ কলেজৰ স্প’ৰ্ট্‌ছ কম্‌প্লেক্সত দহদিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাই আজি অষ্টম দিন অতিক্ৰম কৰে ৷

আজি বিয়লি গ্ৰন্থমেলা প্ৰাংগণৰ জুবিন গাৰ্গ সোৱঁৰণী অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কবি সন্মিলন ৷ কবি সন্মিলনখন উদ্বোধন কৰে সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট কবি জ্ঞান পূজাৰীয়ে ৷

তেওঁ ভাষণ প্ৰসংগত কয়—‘যি কবিতাই হৃদয় স্পৰ্শ কৰে সেয়ে ভাল কবিতা ৷ অনুজসকলে যিপিনে আমাৰ ভাষাক লৈ যাব, অসমীয়া ভাষাটো সেইপিনেই যাব ৷ মাতৃভাষাক মই ভালপাঁও ৷ কবি অজিত বৰুৱাই কোৱাৰ দৰে গোৱাৰৰ দৰে ৷ কবিয়ে পাঠকৰ কথা ভাবেনে ? ভাবে, ভাবে এক পাঠক মহাসংঘৰ কথা ৷ পাঠক কিন্তু স্বাধীন, স্বতন্ত্ৰ ৷ আদৰি লবও পাৰে নলবও পাৰে ৷’

কবি সন্মিলনখন সঞ্চালনা কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, কবি-লেখক ড° ৰাতুল কুমাৰ লাহনে ৷সঞ্চালকৰ বক্তব্যত তেওঁ কয় যে কবিতাৰ অনুষ্ঠান গ্ৰন্থমেলাৰ এক নান্দনিক কাৰ্যসূচী ৷ কবিতাৰ ছন্দেৰে আজি লখিমুৰৰ অসম গ্ৰন্থমেলাও সমৃদ্ধ হ’ল ৷

কবি-লেখক নৱজ্যোতি পাঠকে পৰিচালনা কৰা এই মনোজ্ঞ কবি সন্মিলনত অংশগ্ৰহণ কৰি মনপৰশা কবিতা পাঠ কৰে জিতেন নৰহ, ড° ধীৰাজ পাটৰ, জ্যোতিনীলিমা গগৈ, সিদ্ধাৰ্থ শংকৰ কলিতা, ড° জাহ্নৱী লহকৰ বৰুৱা, দেৱকান্ত বৰুৱা, হেঙুল হাজৰিকা, দিলীপ গগৈ, নৃপেণ ফুকন, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, মৃদুপৱন চুতীয়া, মিন্টু দাস, হেমচন্দ্ৰ কছাৰী, কল্যাণী চক্ৰৱৰ্তী গগৈ, জুপিতৰা নাথ, বিপুল কুমাৰ দিহিঙীয়াই৷

ইয়াৰ পাছতে প্ৰবোধ দাসে আঁত ধৰা অসম গ্ৰন্থমেলা, লখিমপুৰৰ আজিৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে লখিমপুৰ নেশ্যনেল একাডেমী, এ ডি কে উচ্চতৰ মাধ্যমিক বিদ্যালয়, পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!