THE ASSAM TRIBUNE: দ্য আছাম ট্ৰিবিউন ডায়লগ ২০২৫ আৰু আৰ জি বৰুৱা মেম’ৰিয়েল এৱাৰ্ড-২০২৫ প্ৰদান
গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰে৷ মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
“দ্য আছাম ট্ৰিবিউন ডায়লগ ২০২৫ আৰু আৰ জি বৰুৱা মেম’ৰিয়েল এৱাৰ্ড ২০২৫” অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য, দ্য আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক ববিতা ৰাজখোৱাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
সাংবাদিকতাৰ ক্ষেত্ৰত ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, সংস্কৃতিৰ ক্ষেত্ৰত জাহ্নু বৰুৱা, ক্ৰীড়া ক্ষেত্ৰত ফুটবলাৰ লাৰসিং চোয়ান আৰু উদ্যমিতা ক্ষেত্ৰত নৰেন্দ্ৰ নাথ দত্তক বঁটা প্ৰদান
দ্য আছাম ট্ৰিবিউনৰ ইতিমধ্যে ৮৬টা বছৰ সম্পূৰ্ণ হোৱাটো আমাৰ ৰাজ্যখনৰ সংবাদ ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটিঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
জনগণৰ সচেতন আৰু শক্তিশালী কণ্ঠস্বৰ তথা আমাৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ জাগ্ৰত প্ৰহৰী হিচাপে কাকতখনৰ ভূমিকা সুদূৰপ্ৰসাৰীঃ সোণোৱাল

DD TIMES গুৱাহাটী, ১০ নৱেম্বৰ ২০২৫ঃ “দ্য আছাম ট্ৰিবিউন ডায়লগ ২০২৫ আৰু আৰ জি বৰুৱা মেম’ৰিয়েল এৱাৰ্ড ২০২৫” অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য, দ্য আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক ববিতা ৰাজখোৱাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু সাংবাদিকতা, সংস্কৃতি, উদ্যমিতা আৰু ক্ৰীড়া ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা গণ্য-মান্য ব্যক্তিক আৰ জি বৰুৱা মেম’ৰিয়েল এৱাৰ্ড ২০২৫ প্ৰদান কৰে।

সাংবাদিকতাৰ ক্ষেত্ৰত ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, সংস্কৃতিৰ ক্ষেত্ৰত জাহ্নু বৰুৱা, ক্ৰীড়া ক্ষেত্ৰত ফুটবলাৰ লাৰসিং চোয়ান আৰু উদ্যমিতা ক্ষেত্ৰত নৰেন্দ্ৰ নাথ দত্তক উক্ত বঁটা প্ৰদান কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঁটাপ্ৰাপকসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৰিহণাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

সোণোৱালে ভাষণ প্ৰসংগত কয়, “অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ সংবাদক্ষেত্ৰত ইতিমধ্যে ৮৬ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সম্পূৰ্ণ কৰা দ্য আছাম ট্ৰিবিউনে গুণগত সংবাদ সেৱাৰে বৰ্ণাঢ্য ইতিহাস ৰচনা কৰিছে।

সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱে আৰম্ভ কৰা এই বৰ্ণিল যাত্ৰাৰ আঁত ধৰি গুৱাহাটীত আয়োজিত ‘দ্য আছাম ট্ৰিবিউন ডায়লগ ২০২৫’ অনুষ্ঠান আৰু আৰ জি বৰুৱা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠানত দেওবাৰে অংশগ্ৰহণ কৰি আপ্লুত হ’লোঁ। দ্য আছাম ট্ৰিবিউনৰ ইতিমধ্যে ৮৬টা বছৰ সম্পূৰ্ণ হোৱাটো আমাৰ ৰাজ্যখনৰ সংবাদ ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি।

এই অনন্য সাফল্য উদযাপনৰ জৰিয়তে আমি কেৱল অসমৰ অন্যতম আগশাৰীৰ বাতৰিকাকতখনৰ প্ৰতি সন্মান প্ৰকাশ কৰাই নহয়, আঠ দশকৰো অধিক সময় ধৰি বাতৰিকাকতখনে দেশ-বিদেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰি অহাৰ উপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চেতনা আৰু সামাজিক, সাংস্কৃতিক পৰিচয়ক নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে অটুট ৰখাৰ বাবে কৃতজ্ঞতা জনাইছোঁ।

অৰুণোদয়ৰ পথ প্ৰদৰ্শক প্ৰচেষ্টাৰ পৰা আৰম্ভ কৰি অসমৰ সংবাদপত্ৰই অসমীয়া জাতিৰ নৱজাগৰণৰ গুৰুত্বপূৰ্ণ চালিকাশক্তি হিচাপে কাম কৰি আহিছে। মহান দূৰদৰ্শী ব্যক্তিসত্তা ৰাধাগোবিন্দ বৰুৱাদেৱৰ নেতৃত্বত সূচনা হোৱা দ্য আছাম ট্ৰিবিউন এই গৌৰৱময় পৰম্পৰাৰ এক গৌৰৱান্বিত উত্তৰাধিকাৰী।

সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱে সাংবাদিকতাক এক মিছনৰ পৰা আমাৰ ৰাজ্যখনত এক বহনক্ষম উদ্যোগলৈ ৰূপান্তৰিত কৰিছিল। সত্যৰ প্ৰতি তেখেতৰ অটল প্ৰতিশ্ৰুতি আৰু দায়বদ্ধতাৰ শ্ৰেষ্ঠ প্ৰকাশ ঘটিছিল দ্য আছাম ট্ৰিবিউনৰ জৰিয়তে।
দৈনিক বাতৰিকাকত হিচাপে জিলিকি থাকি দ্য আছাম ট্ৰিবিউনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ আস্থা-বিশ্বাসৰ এক শক্তিশালী নিদৰ্শন দাঙি ধৰিছে। গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰাত সহায় কৰে৷ মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ।
এই বাতৰিকাকতখনে মোকো জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ হৈ নিষ্ঠাৰে কাম কৰাৰ বাবে গঠনমূলক দৃষ্টিভংগীৰে অনুপ্ৰাণিত কৰি আহিছে। বাতৰিকাকতখন জনগণৰ আশা-আকাংক্ষাৰ নিৰ্ভৰযোগ্য আৰু বলিষ্ঠ কণ্ঠস্বৰ হৈ আহিছে। এই বাতৰিকাকতখন অসংখ্য লেখক, কবি আৰু বুদ্ধিজীৱীৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হৈ পৰিছে আৰু বৌদ্ধিক দিক্-দৰ্শক হিচাপেও কাম কৰি আহিছে।
ইয়াৰ স্তম্ভসমূহে পঢ়ুৱৈসকলক বৌদ্ধিক জাগৰণ আৰু দেশ-বিদেশৰ বিভিন্ন বতৰাৰে সমৃদ্ধ কৰিছে, নতুন প্ৰতিভাক পোহৰলৈ আনিছে, আৰু ইয়াৰ সম্পাদকীয়সমূহে গণতান্ত্ৰিক নিৰ্ভীক আলোচনা-বিলোচনাক এক নতুন গতি দি আহিছে।
জনগণৰ সচেতন আৰু শক্তিশালী কণ্ঠস্বৰ আৰু আমাৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ জাগ্ৰত প্ৰহৰী হিচাপে কাকতখনৰ চিৰপৰিচিত ভূমিকা অব্যাহত ৰখাৰ ক্ষেত্ৰত ইয়াৰ সংবাদসেৱীসকলে সুচাৰুৰূপে দায়িত্ব পালন কৰি যাব বুলি আমি আশাবাদী।
আঠ দশকৰো অধিক সময় ধৰি অসমৰ ৰূপান্তৰৰ ইতিহাস লিপিবদ্ধ কৰা এই বাতৰিকাকতখনে আমাৰ ৰাজ্যৰ ভৱিষ্যৎ গঢ় দিয়াত সুস্থ, সমালোচনাত্মক, বস্তুনিষ্ঠ, যোগাত্মক আৰু গুণগত সংবাদ সেৱাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি দৃঢ় বিশ্বাসী।
এই শুভক্ষণত মহান অসমীয়া, অসমৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু দ্য আছাম ট্ৰিবিউনৰ সৈতে জড়িত সকলোকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনালোঁ।”
সামুদ্ৰিক খণ্ড তথা জলপথে দেশৰ বহনক্ষম উন্নয়নত কিদৰে শক্তিশালী ভূমিকা পালন কৰিছে, বন্দৰ নেতৃত্বাধীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অভিলাষী পদক্ষেপ আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ সুযোগ-সম্ভাৱনা ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দৃষ্টিভংগী সন্দৰ্ভতো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত আলোকপাত কৰে।

