TEZPUR AND ZUBEEN GARG: তেজপুৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিঃ ৰং তুলিকা, সাংস্কৃতিক কাৰ্যসূচীৰে ন্যায় প্ৰাপ্তিৰ দাবী
তেজপুৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিঃ ৰং তুলিকা, সাংস্কৃতিক কাৰ্যসূচীৰে ন্যায় প্ৰাপ্তিৰ দাবী

DD TIMES, তেজপুৰ, ১৯ অক্টোবৰঃ লুইত সন্তান,অসম গৌৰৱ জুবিন গাৰ্গৰ অনাকাংক্ষিত আৰু ৰহস্যজনক মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হোৱাৰ দিনটোত তেজপুৰ চহৰত অৱস্হিত ভূপেন হাজৰিকা কলাভূমিত বৃহত্তৰ তেজপুৰ সন্মিলিত যুৱ সমাজৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে মাহেকীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে শিল্পীগৰাকীক গীত মাত তথা নৃত্যৰে স্মৃতিচাৰণ কৰা হয়৷

জনতাৰ শিল্পী জনৰ মৃত্যু ৰহস্য উদ্ঘাটন তথা ইয়াৰে জড়িত সকলোৰে বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰো কামনা কৰে এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰা বহুসংখ্যক গুণমুগ্ধ তথা অনুৰাগীয়ে৷
.
উল্লেখযোগ্য যে,আজি ভূপেন হাজৰিকা কলাভূমিত ৰং-তুলিকাত প্ৰাণ পাই উঠিল কিংবদন্তি শিল্পী জুবিন৷এজাক কন-কন শিশুৰ কোমল হাতৰ পৰশত আপোন শিল্পী জুবিন গাৰ্গ প্ৰাণৱন্ত হৈ উঠাৰ লগতে এদল চিত্ৰশিল্পীয়ে কেনভাচত জুবিনৰ ভিন্ন চিত্ৰ অংকনেৰে ন্যায়প্ৰাপ্তিৰ দাবী তোলে৷

উল্লেখযোগ্য যে আজি পুৱা ন বজাত বৃহত্তৰ তেজপুৰ সন্মিলিত যুৱ সমাজৰ উদ্যোগত আয়োজিত এই মাহেকীয়া শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আৰম্ভণিতে জুবিনৰ প্ৰিয়
প্ৰথমটো নাহৰপুলি আনুষ্ঠানিকভাৱে ৰোপন কৰে জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি প্ৰশান্ত মহন্তই৷
ইয়াৰ পিছতে জুবিনৰ চিত্ৰ অংকন, আয়তীৰ উৰুলিৰে মুখৰিত পৰিৱেশত শ্ৰদ্ধা তৰ্পন, নামপ্ৰসংগ, সৰ্বধৰ্ম প্ৰাৰ্থনা কৰা হয়৷ আনহাতে, এই কাৰ্যসূচী সমূহৰ পাছতে পৰিবেশন কৰা হয় দিহানাম৷
“মাটিতে বাগৰি কান্দে অনুৰাগী, জুবিনৰ মুখলৈ চাই,
পাৱতে পৰিয়া, কান্দিছে গৰিমাই জুবিনৰ মুখলৈ চাই শীৰ্ষক দিহানাম শুনি উপস্থিত ৰাইজ শোকবিহ্বল হৈ পৰাৰ লগতে প্ৰিয় শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ দাবী উত্থাপন হয়৷
তদুপৰি, এই কাৰ্যসূচী অনুসৰি জুবিনৰ গীতৰ আধাৰত নৃত্য পৰিৱেশন কৰাৰ লগতে আমন্ত্ৰিত কন্ঠশিল্পী তেজপুৰৰ মুৰ্চনা শিৱম, ডিব্ৰুগড়ৰ মৃদুপবন গগৈ আৰু গুৱাহাটীৰ চাজুৱে জুবিনৰ গীত পৰিৱেশন কৰে৷
আনহাতে, সন্ধিয়া ৫২ গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে ৫২ গৰাকী মহিলাই পৰিৱেশন কৰে মায়াবিনী গীতটি৷
উল্লেখযোগ্য যে,এই কাৰ্যসূচীতে কলাগুৰু সংগীত মহাবিদ্যালয়ৰ শিল্পীৰ দ্বাৰা জুবিন গাৰ্গৰ গীতৰ আধাৰত নৃত্য পৰিৱেশন কৰা হয়৷
আনহাতে বৃহত্তৰ তেজপুৰ সন্মিলিত যুৱ সমাজৰ এগৰাকী অন্যতম আহ্বায়ক অকুল নাথে কয় যে,পৰৱৰ্তী সময়ত এখন ৰাজহুৱা সভাৰ জৰিয়তে তেজপুৰত কিংবদন্তী শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তি স্হাপনৰ বাবেও পৰিকল্পনা কৰা হৈছে৷
উল্লেখযোগ্য যে,আজি তেজপুৰৰ বিভিন্ন স্হানত জনতাৰ শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় বিভিন্ন কাৰ্যসূচীৰে৷দৰংমহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহতো তেজপুৰ শিল্পী সমাজে জুবিন গাৰ্গৰ স্মৃতিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে মুঢ়াতেতেলী যুৱ সমাজৰ উপৰি জুবিন অনুৰাগীসকলে তেজপুৰত পৃথকে প্ৰিয় শিল্পীজনক স্মৰণ কৰে ভিন্ন কাৰ্যসূচীৰ জৰিয়তে৷

