TEZPUR: বৰছলাৰ বিহগুৰিত ব্ৰহ্মপুত্ৰৰ সংহাৰী খহনীয়া
ব্ৰহ্মপুত্ৰৰ সংহাৰী খহনীয়া বৰছলাৰ বিহগুৰিত
DD TIMES তেজপুৰ, ৫ অক্টোবৰঃ বিহগুৰিত বৰ্তমানেও অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰলংকৰী খহনীয়া৷ এখনৰ পাছত এখনকৈ গাঁও নিশ্চিহ্ন হোৱাৰ পিচত এতিয়া ইয়াৰ ঝাৱনি গাঁওখনেই খহনীয়াত সম্পূৰ্ণ জাহ যোৱা অৱস্থা৷

একোজন কৃষকৰ সমস্ত কৃষি মাটি এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত৷ একেদৰে বিহগুৰিৰ বহুসংখ্যক কৃষকৰ মাটি জাহ গ’ল ব্ৰহ্মপুত্ৰত৷
আনকি তেজপুৰৰ পৰা গাভৰুমুখলৈকে থকা মথাউৰিৰ বৃহৎ অংশ ডিপোতাৰ পৰা গাভৰুমুখ পৰ্যন্ত নিশ্চিহ্ন কৰি ব্ৰহ্মপুত্ৰই ইতিমধ্যে গ্ৰাস কৰিলে কেবাখনো গাঁও৷
আজি একাংশ কৃষকে কয় যে জীৱন জীৱিকাৰ একমাত্ৰ ভৰষা এই কৃষিভূমি, বাসস্থান নিশেষ হোৱা সত্বেও বিভাগীয় মন্ত্ৰী, স্হানীয় বিধায়কে প্ৰতিশ্ৰুতি দিও মথাউৰি নিৰ্মাণ নকৰিলে৷
বৰছলাৰ এই অঞ্চলৰ বিধ্বংসী খহনীয়াৰ ফলত সমগ্ৰ বিহগুৰি মৌজা নিশেষ হোৱাৰ আশংকা কৰি আজি কৃষক ৰাইজে ব্ৰহ্মপুত্ৰৰ পাৰত গামোচাত ইয়াত এখন গাঁও আছিল বুলি লিখি নিজৰ ক্ষোভ আৰু শোক প্ৰকাশ কৰে৷
উল্লেখযোগ্য যে, আপোন ঘৰ, খেতি-মাটি হেৰোৱাই ৰাজপথতে আশ্ৰয় ল’ব লগা হৈছে বিহগুৰিৰ দক্ষিণ প্ৰান্তৰ ৰাইজে। কোনো মথাউৰিৰ অস্তিত্ব নথকা অঞ্চলটোত হুৰাহুৰা খহিছে গড়া। ৰাতিটোৰ ভিতৰতে বিঘাই বিঘাই মাটি খহনীয়াৰ কবলত পৰি জাহ গৈছে ব্ৰহ্মপুত্ৰত। ইতিমধ্যে খহনীয়াত সম্পূৰ্ণৰূপে জাহ গৈছে তিনিখৰীয়া নামৰ গাঁওখন।
আনহাতে বিপদসংকুল অৱস্থাত আছে ঝাৱনি নামৰ গাঁওখনৰ বাকী অংশ। উল্লেখযোগ্য যে, গাঁওখনৰ অৰ্ধেকাংশ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ পিছত যি অৱশিষ্ট অংশ বাকী আছে সিও সংকটৰ গৰাহত পৰিছে।ক্ৰমান্বয়ে খহি গৈ আছে ইয়াৰ বাকী অংশ৷ অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান প্ৰাথমিক বিদ্যালয়খনো আজি অস্তিত্বৰ সংকটত।
জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান দিয়া চৰকাৰৰ দিনত মাটি-ভেটি হেৰোৱাইছে খিলঞ্জীয়া লোকে। এই সম্বন্ধে পূৰ্বতেও বিভিন্ন বা-বাতৰি প্ৰকাশ হৈছে যদিও গা লৰা নাই কুম্ভকৰ্ণ নিদ্ৰাত থকা বিধায়ক গণেশ কুমাৰ লিম্বু তথা বিভাগীয় মন্ত্ৰীৰ। চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এক অবৰ্ণণীয় পৰিৱেশৰ সূচনা হৈছে বিহগুৰিৰ দক্ষিণ প্ৰান্তত।
অচিৰেই উক্তস্থানত খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণে বাস কৰা বৃহৎ সংখ্যক মানুহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বুলিও কয় ৰাইজে।
ৰাইজক শান্তনা দিবলৈ খহনীয়া বৃদ্ধি পালে দুটামান জিঅ বেগ পেলাই দি বিভাগে দায়িত্ব সামৰে বুলি অভিযোগ কৰি ৰাইজে কয় যে,সেয়া কেদিনমানৰ পিছতে ব্ৰহ্মপুত্ৰত জাহ যায়৷
ঠিকাদাৰৰহে খহনীয়াৰ বাবে লাভ হয় বুলি প্ৰকাশ কৰি ৰাইজে আনকি এয়া দুৰ্গাপূজাৰ বিসৰ্জনৰ পূৰ্বে ৰাইজ আৰু ৰাইজৰ মাটি ভেটি বিসৰ্জন কৰা বুলিও বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷