TEZPUR: তেজপুৰত গোটমৰা দাইল ওলাল পেকেটত
সুলভ মূল্যৰ মচুৰ দাইলৰ অৱস্থাক লৈ হতচকিত গ্ৰাহক
তেজপুৰত গোটমৰা দাইল ওলাল পেকেটত

DD TIMES তেজপুৰ, ১৩ নৱেম্বৰঃ সুলভ মূল্যত চৰকাৰে যোগান ধৰা মচুৰ দাইলৰ মানক লৈ প্ৰশ্ন উত্থাপিত হৈছে শোণিতপুৰৰ একাংশ অঞ্চলৰ ৰাইজৰ মাজত৷
উল্লেখযোগ্য যে, জিলাখনৰ হলেশ্বৰ সমবায় সমিতিৰ অধীনত বিভিন্ন অঞ্চলৰ সুলভমূল্যৰ এজেন্টৰ জৰিয়তে ৰাইজে লাভ কৰা মচুৰ দাইলৰ পেকেটৰ ভিতৰতে একোটা আলু বা শিলৰ আকাৰত গোট বন্ধাক লৈ হিতাধিকাৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
প্ৰনিধানযোগ্য যে, ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালক খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টিৰ নিশ্চিত কৰাৰ উদ্দেশ্যে বজাৰতকৈ সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ যোগানৰ আঁচনিখন মুকলি কৰাৰ পাচতে শোণিতপুৰতো এই সামগ্ৰীসমূহ সুলভ মূল্যত যোগান ধৰা হৈছে৷
কিন্তু তেজপুৰৰ নিকটৱৰ্তী হলেশ্বৰ সমবায় সমিতিৰ দ্বাৰা যি সমূহ অঞ্চললৈ এই সামগ্ৰী তালিকাৰ অন্তৰ্ভুক্ত মচুৰ দালি গ্ৰাহকে লাভ কৰিছে, তেওঁলোকে এই দালিৰ অৱস্থা দেখি মূৰে কঁপালে হাত দিব লগীয়া হৈছে৷
উল্লেখযোগ্য যে, তেজপুৰৰ নিকটৱৰ্তী বজাৰ গাঁও, তেলেৰিয়া, ডিপোটা, মোৱামাৰী, গটঙা, হলেশ্বৰ, বালিগাঁও আদিকে ধৰি বহু কেইটা অঞ্চলৰ সুলভ মূল্যৰ দোকানৰ পৰা গ্ৰাহকে লাভ কৰা চৰকাৰী দাইলৰ পেকেটত গোটা হৈ পৰা দাইল ওলোৱাৰ বিষয়ে প্ৰকাশ কৰিছে ভুক্তভোগীয়ে।
তদুপৰি এই সামগ্ৰীসমূহ যথেষ্ট পুৰণা হোৱাৰ বাবেই এই অৱস্থা হোৱা বুলি মন্তব্য কৰি একাংশ লোকে কয় যে, এইদৰে দীৰ্ঘদিন গুডামতে পৰি থকা চাউল, দালিৰ অবস্থা সাধাৰণতে এনে হয়৷
ইপিনে হলেশ্বৰ সমবায় সমিতিৰ এক সূত্ৰয়ো এই সন্দৰ্ভত সুলভ মূল্যৰ সামগ্ৰীৰ এজেন্টৰ পৰা আপত্তি লাভ কৰা বুলি প্ৰকাশ কৰিছে৷
চৰকাৰীভাৱে ব্যাপক প্ৰচাৰ চলোৱা এই আঁচনিৰ অধীনত লাভ কৰা সামগ্ৰীৰ ভিতৰত দাইলৰ পেকেটৰ ভিতৰৰ অৱস্থাই এই সামগ্ৰীৰ মানদণ্ড আৰু এয়া প্ৰকৃততে কিমান পুষ্টিকৰ সেয়া উদঙাই দিয়া বুলিও একাংশই মন্তব্য কৰিছে৷

