অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

TENNIS COMPETITION, GUWAHATI: গুৱাহাটীত দুখনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতা

Spread the love

গুৱাহাটীত দুখনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতা

DD TIMES গুৱাহাটী, ১ নৱেম্বৰঃ সদৌ অসম টেনিছ সন্থাই চলিত মাহতে গুৱাহাটীত দুখনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতা আয়োজন কৰিব৷ সন্থাৰ চচলত থকা টেনিছ প্ৰকল্পত অহা ১০ নৱেম্বৰৰ পৰা আই টি এফ বিশ্ব ৰেংকিং টেনিছ প্ৰতিযোগিতা দুখন অনুষ্ঠিত হ’ব৷

আজি সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই এই বিষয়ে সদৰি কৰি জনাই যে অহা ১০-১৪ নৱেম্বৰলৈ পুৰুষ-মহিলাৰ আই টি এফ মাষ্টাৰ্ছ এম টি ২০০ প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ বিপৰীতে অহা ১৭-২২ নৱেম্বৰলৈ চচল প্ৰকল্পত দ্বিতীয়খন আন্তৰ্জাতিক প্ৰতিযোগিতা আই টি এফ জুনিয়ৰ [জে ৬০] প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব৷

ল’ৰা-ছোৱালীৰ দ্বিতীয় প্ৰতিযোগিতাখন ১৮ বছৰ অনূধ্বৰ্ শাখাৰ৷ ১৭ নৱেম্বৰৰ পৰা মুল ৰাউণ্ডৰ খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ১৫-১৬ নৱেম্বৰত দুদিনীয়াকৈ কোৱালিফায়িং ৰাউণ্ডৰ খেল হ’ব৷

ইতিমধ্যে প্ৰতিযোগিতাত আয়োজক ভাৰতৰ লগতে জাৰ্মানী, আমেৰিকা, শ্ৰীলংকা, জাপান, হংকং, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, কাজাখস্তান, ফ্ৰান্স, মালয়েছিয়া, তুৰস্ক, মেক্সিকোৰ খেলুৱৈয়ে যোগদান নিশ্চিত কৰিছে৷

ইফালে, আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনে ভাৰতৰ ছাইকট ৰয়ক আইটিএফৰ তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!