অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Teachers are messengers sent by God: শিক্ষকসকল ঈশ্বৰ প্ৰেৰিত দূতঃ প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাস

Spread the love

শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক খগেন মুক্তিয়াৰ-সহকাৰী শিক্ষক সুজিত কুমাৰ বৰদলৈৰ বিদায় সম্বৰ্ধনা সভা

শিক্ষকসকল ঈশ্বৰ প্ৰেৰিত দূতঃ প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাস

DD TIMES বেবেজীয়া, ২২ নৱেম্বৰঃ নগাঁও জিলাৰ শিক্ষা-সাংস্কৃতিক-ক্ৰীড়াৰ সংগমস্থলী ডিমৌ চাৰিআলিস্থিত ঐতিহ্যমণ্ডিত শালমৰা হাইস্কুলত শুকুৰবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক খগেন মুক্তিয়াৰ আৰু সহকাৰী শিক্ষক সুজিত কুমাৰ বৰদলৈৰ বিদায় সম্বৰ্ধনা সভাখনি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত হয়।

বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম গোস্বামীয়ে সভাপতিত্ব কৰা সভাখনিত প্ৰাক্তন মীন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে, শিক্ষকসকল ঈশ্বৰৰ প্ৰেৰিত দূত। কাৰণ শিক্ষক সকলে জ্ঞানৰ আলোকেৰে সমাজ আলোকিত কৰে।

বিদ্যালয়ৰ প্ৰধান শিক্ষক মাধৱ দাসে উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনিত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক যোগেন দাস, ললিত ডেকা, শিক্ষক দিব্যজ্যোতি শৰ্মা, শিক্ষয়িত্ৰী জোৎস্না বৰা, লিজা শৰ্মা, অংকিতা বৰাই অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয়ৰ কৰ্মৰাজিৰ আলোকপাত কৰি ভাষণ প্ৰদান কৰে।

প্ৰাক্তন ছাত্ৰনেতা পংকজ দাসে আঁতধৰা বিদায় সম্বৰ্ধনা সভাখনিত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ইৰালতা মেধি, জিনু ৰাজখোৱা, অমিয়া ডেকা, ৰীতা হাজৰিকা, শিল্পী পেঞ্চনাৰ পৰাণ চন্দ্ৰ দাস, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বকুল দেউৰী, জিতেন দাস, পৰমানন্দ হাজৰিকা, ৰজনী নাথ, শালমৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ববিতা মেধি, বাৰপূজীয়া জিলা পৰিষদৰ সদস্যা ৰূপজ্যোতি বৰদলৈ, জ্যোতিপ্ৰসাদ ডেকা আৰু ভাস্কয শিল্পী ধ্ৰুৱ কুমাৰ ৰাজাকে ধৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।

উল্লেখ্য যে অৱসৰ গ্ৰহণ কৰা শিক্ষকদ্বয়ক শৰাই, চেলেং, গামোছা, ফুলৰ থোপা, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয়।

অন্যহাতে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ প্ৰিয় শিক্ষাগুৰু দুজনক কলম, জাপি আৰু গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি শিক্ষকদ্বয়ে স্মৃতি ৰোমন্থনেৰে নষ্টালজিক হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!