TANVI SARMAH: বিডব্লিউএফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ফাইনেলত পৰাস্ত হৈ ৰূপ লাভ ভাৰতৰ তনবিৰ
বিডব্লিউএফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ফাইনেলত পৰাস্ত হৈ ৰূপ লাভ ভাৰতৰ তনবিৰ

DD TIMES গুৱাহাটী, ১৯ অক্টোবৰঃ ভাৰতীয় বেডমিণ্টনৰ নতুন তাৰকা তনবি শৰ্মাৰ বিশ্বজয়ৰ লক্ষ্যপ্ৰাপ্তিৰ সপোনটো অপূৰ্ণ হৈ ৰ’ল৷ গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ আজি অনুষ্ঠিত মহিলাৰ একক শাখাৰ ফাইনেলত অপ্ৰত্যাশিতভাবে পৰাজয়ৰ সন্মুখিন হ’ল ৰেংকিঙৰ শীৰ্ষ বাচনিৰ শ্বাটলাৰগৰাকী৷
আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা মহিলাৰ একক শাখাৰ স্বৰ্ণ নিৰ্ণয় মেচত থাইলেণ্ডৰ দ্বিতীয় বাচনিৰ অনিয়াপাত ফিছিতপ্ৰীচাছকে ১৫-৭, ১৫-১২ৰ পোনপটিয়া ব্যৱধানত তনবিক পৰাস্ত কৰে৷

অৱশ্যে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ৰূপৰ পদক জয়ৰ সফলতাও তনবি তথা ভাৰতীয় বেডমিণ্টনৰ বাবে এক নতুন আশাৰ গৌৰৱময় ৰেঙনি৷

গুৱাহাটীত ভাৰতে প্ৰথমবাৰৰ বাবে মিক্সড দলীয় শাখাত ঐতিহাসিক ব্ৰঞ্জ তথা তনবিৰ একক শাখাৰ ৰূপৰ পদক জয়ৰে সাফল্যৰ নতুন অধ্যায়ৰ পাতনি মেলিলে৷ তনবিয়ে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ প্ৰতিযোগিতাত পঞ্চম গৰাকী ভাৰতীয়ৰূপে একক শাখাত ৰূপৰ পদক জয় কৰিলে৷
ইয়াৰপূৰ্বে ভাৰতৰ অপৰ্ণা প’পাট [১৯৯৬], ছাইনা নেহৱাল [২০০৬], ছিৰিল বাৰ্মা [২০১৫] আৰু শংকৰ মুথুস্বামীয়ে [২০২২] ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদক জয় কৰিছিল৷ বিপৰীতে ২০০৮ ত ছাইনাই লাভ কৰা স্বৰ্ণ জয়ৰ সফলতা এতিয়াও বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতৰ শ্ৰেষ্ঠ সফলতাৰূপে অক্ষত থাকিল৷
দেশবাসীৰ আশাৰ চাপ লৈ বিপক্ষতকৈ দুই মিনিট পূৰ্বে ক’ৰ্টত প্ৰৱেশ কৰা তনবিয়ে মেচৰ প্ৰথম পইণ্টটো অৰ্জন কৰিছিল যদিও প্ৰথম ছেটতো সহজে এৰি দিয়ে৷ দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰা তনবিয়ে নেট আৰু লাইন নিৰ্ণয় কৰাতো ব্যৰ্থ হয়৷
যাৰ বাবে ৪-৬ ত চলি থকা প্ৰথমটো ছেট ফিছিতপ্ৰীচাছকে ১৫-৭ ত দখল কৰে৷ দ্বিতীয় ছেটত তনবিয়ে আত্মবিশ্বাসৰে আৰম্ভণি কৰি ৬-১ ত অগ্ৰগতি লৈছিল৷ কিন্তু চাপৰ ভাৰাক্ৰান্তই চেপা মাৰি ধৰাত তনবিয়ে খেলত ছন্দ বিচাৰি নাপালে তথা নেটৰ সন্মুখত প্ৰতিবাৰে ব্যৰ্থ হৈ বিনাযুদ্ধই পৰাজয় স্বীকাৰ কৰে৷
আচলতে তনবি দ্ৰুত পইণ্ট লাভ কৰিবলৈ চেষ্টা কৰাৰ ফলতে যথেষ্ট ভুল কৰিছিল৷ ‘মই মেচখনত এবাৰো সহজ হ’ব পৰা নাছিলো৷
আৰম্ভণিৰ পৰাই মই বহুত ভুল কৰিছিলো৷ মোৰ প্ৰশিক্ষকে স্বাভাৱিক খেল খেলি থাকিবলৈ কৈছিল যদিও সেইটো কৰিব নোৱাৰিলোঁ৷ বিপক্ষই মোৰ দুৰ্বলতা ভালকৈ বোধগম্য হৈছিল৷’ তনবিয়ে কয়৷
ইফালে, প্ৰতিযোগিতাৰ ল’ৰাৰ একক শাখাৰ ফাইনেলত চীনৰ লিউ ইয়াং মিং ইউৱে চলিত বৰ্ষৰ আৰম্ভণিতে এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত পৰাজয়ৰ প্ৰতিশোধ গুৱাহাটীত লৈ শীৰ্ষ বাচনিৰ ইণ্ডোনেছিয়াৰ মহম্মদ জাকি উবাইদিল্লাহক ১৫-১০, ১৫-১১ ত পৰাস্ত কৰি খিতাপ দখল কৰে৷
আনহাতে, মিক্সড ডাবলছৰ খিতাপ লাভ কৰে কোৰিয়াৰ হিয়ং লী আৰু চিয়ন হি ইনে৷ দ্বিতীয় বাচনিৰ যুটিটোৱে তিনিটা ছেটৰ অন্তত ১৫-৯, ১১-১৫, ১৫-১০ ৰ ব্যৱধানত পৰাস্ত কৰে চাইনিছ টাইপেৰ বিং ফু হুং আৰু য়ুন আন চুক৷
মহিলাৰ ডাবলছৰ ফাইনেলত মালয়েছিয়াৰ তৃতীয় বাচনিৰ যুটি ন’ৰাকিলাছ মাইচাৰহ আৰু জি ইউ লৱক ১৩-১৫, ১৭-১৯ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে চীনৰ তান কি জুৱান আৰু ইউ ইউ ৱেই৷
পুৰুষৰ ডাবলছৰ ফাইনেলত চীনৰ চেন জুন টিং আৰু লিউ জুন ৰঙে ১৫-১৪, ১৫-১২ ত পৰাস্ত কৰে কোৰিয়াৰ যুটি হেৱং উ চু আৰু হেৱং উ লীক৷

