অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

TANVI 17: মহিলাৰ একক শাখাৰ ছেমিত প্ৰৱেশৰে পদক নিশ্চিত তনবিৰ

Spread the love

বিডব্লিউএফ বিশ্ব জুনিয়ৰ বেডমিণ্টনঃ মহিলাৰ একক শাখাৰ ছেমিত প্ৰৱেশৰে পদক নিশ্চিত কৰিলে তনবিয়ে

DD TIMES গুৱাহাটী, ১৮ অক্টোবৰঃ বিশ্ব ৰেংকিঙৰ জুনিয়ৰ মহিলাৰ শীৰ্ষ বাচনিৰ শ্বাটলাৰ ভাৰতৰ তনবি শৰ্মাই গুৱাহাটীত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে৷

আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা প্ৰতিযোগিতাৰ শুকুৰবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ১৬ বছৰীয়া তনবিয়ে তিনিটা ছেটৰ অন্তত জাপানৰ ছাকি মাটছুমোটোক ১৩-১৫, ১৫-৯, ১৫-১০ৰ ব্যৱধানত পৰাস্ত কৰে৷

উল্লেখ্য যে তনবি প্ৰতিযোগিতাৰ অন্যতম পদক প্ৰত্যাশী যদিও আজি ঐতিহাসিক সফলতা নিৰ্ণয়ৰ সন্ধিক্ষণত স্বাভাৱিকতে চাপৰ সন্মুখিন হয়৷ যাৰবাবে প্ৰথমটো ছেট জাপানৰ মাটছুমোটোই লাভ কৰে৷

কিন্তু দ্বিতীয় ছেটৰ আৰম্ভণিৰ পৰাই তনবিয়ে সাবধানে খেলি বিপক্ষৰ লগত অগ্ৰগতিৰ দুই-তিনি পইণ্টৰ ব্যৱধান ধৰি ৰাখে আৰু ৪৭ মিনিটৰ যুঁজৰ অন্তত সাফল্যৰ হাঁহি মাৰিবলৈ সমৰ্থ হয়৷ কাইলৈ হ’বলগা ছেমিফাইনেলত তনবি চীনৰ লি ছি য়াৰ মুখামুখি হ’ব৷

এই বছৰে এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জ লাভ কৰা তনবিয়ে আজিৰ সফলতাক লৈ তনবি কয় ‘মাটছুমোটোৰ বিৰুদ্ধে খেলাটো অলপ কঠিন৷ কাৰণ তেওঁ ধীৰ গতিৰে খেলে৷ সেয়ে মই আক্ৰমণৰ ৰণনীতি লৈছিলো৷ পদক নিশ্চিত কৰি মই সুখী৷

উল্লেখ্য যে তনবিয়ে ১৭ বছৰৰ অধীৰ অপেক্ষাৰ পাছত দেশৰ মহিলা শ্বাটলাৰৰূপে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত পদক জয় কৰাৰ গৌৰৱ লাভ কৰিছে৷

আনহাতে, অপৰ্ণা প’পাট আৰু ছাইনা নেহৱালৰ পাছত ভাৰতৰ তৃতীয় মহিলা শ্বাটলাৰ হিচাপে বিশ্ব জুনিয়ৰত পদক অৰ্জনৰ গৌৰৱো লাভ কৰে৷

অন্তিমবাৰৰ বাবে ২০০৮ত পুনেত ছাইনা নেহৱালে সোণ তথা ২০০৬ত ছাইনাই ৰূপ তথা ১৯৯৬ত অপৰ্ণাই ৰূপ অৰ্জন কৰিছিল৷

ইফালে, তনবিৰ সফলতাৰ বিপৰীতে ভাৰতে আজি অন্য তিনিখন কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখিন হয়৷ ভাৰতে নিজৰ দিনটোৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলতে ব্যৰ্থ হৈ হতাশাৰে আৰম্ভণি কৰিছিল৷

মিক্সড ডাবলচৰ মেচত ভাৰতীয় যুটি ভাব্য চহাব্ৰা আৰু বিশাখা চাইনিছ টাইপেৰ বিং ফু হুং আৰু য়ুন আন চুৰ বিৰুদ্ধে ৯-১৫,৭-১৫ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাত অভিযান সামৰে৷

ৰেংৰিঙৰ ১৪ নম্বৰ স্থানৰ ভাৰতীয় যুটিটোক মাত্ৰ ১৯ মিনিটৰ খেলতে পৰাস্ত কৰি পদক জয় নিশ্চিত কৰে বাচনি বিহিন চাইনিছ টাইপেৰ যুটিটোৱে৷

ভাৰতৰ হাতাশা কিন্তু ইয়াতে সমাপ্ত হোৱা নাছিল৷ মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা উন্নতি হুদাও ব্যৰ্থতাৰ সন্মুখিন হয়৷

দ্বিতীয় বাচনিৰ থাইলেণ্ডৰ শ্বাটলাৰ অনিয়াপাত ফিছিতপ্ৰীচাছকে ১৫-১২,১৫-১৩ ৰ পোনপটিয়া ব্যৱধানত ৰেংকিঙৰ অষ্টম নম্বৰ স্থানৰ উন্নতিক পৰাস্ত কৰি ভাৰতীয় সমৰ্থকৰ আশাত চেচাপানী ঢালি দিয়ে৷

ইফালে, পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলতো চীনৰ তৃতীয় বাচনিৰ য়াং মিং য়ুৰ বিৰুদ্ধে ১৫-১১,১৫-১৩ৰ পোনপটিয়া ছেটত পৰাস্ত হয় ভাৰতৰ টি জি ডাট্টু তালাছিলা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!