TAMULPUR: তামুলপুৰ আদৰ্শ গুৰুকুল ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উদ্যোগত ‘গুৰুকুল কলা উৎসৱ কেন্দ্ৰ’ শুভাৰম্ভ
তামুলপুৰ আদৰ্শ গুৰুকুল ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উদ্যোগত ‘গুৰুকুল কলা উৎসৱ কেন্দ্ৰ’ শুভাৰম্ভ
DD TIMES তামুলপুৰ,১৮ অক্টোবৰঃ আজি এক গাম্ভীৰ্য পূৰ্ণ পৰিৱেশত তামুলপুৰত আদৰ্শ গুৰুকুল ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উদ্যোগত “গুৰুকুল কলা উৎসৱ কেন্দ্ৰ” নামৰ এক সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

আজি পুৱাৰ ভাগত আদৰ্শ গুৰুকুল ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী চুমি বৰকাকতীয়ে বন্তি প্ৰজ্বলন কৰি “গুৰুকুল কলা উৎসৱ কেন্দ্ৰ” ৰ শুভাৰম্ভণি কৰে। ইয়াৰ পিছতেই বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী সকলে বাৰেৰহণীয়া বিভিন্ন নৃত্য গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌস্তভ বৃদ্ধি কৰে।
আজিৰ এই দিনজোৰা কাৰ্যসূচীত বিশিষ্ট সত্ৰীয়া শিল্পী গিৰিশ চন্দ্ৰ মহন্ত,বিশিষ্ট বাহী বাদক ৰামহৰি দাস, কাৰাটে প্ৰশিক্ষক মনোজ বড়ো, কাৰাটে ব্লেক বেল্ট দেৱপ্ৰতীম পাঠক, বিশিষ্ট নাট পৰিচালক অনুপ নাথ, সাংস্কৃতিক কৰ্মী শ্যামল দাস, লিপিকা পাঠককে আদিকৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
উল্লেখযোগ্য যে তামুলপুৰৰ মটঙাপাৰস্থিত আদৰ্শ গুৰুকুল ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উদ্যোগত আজিৰে পৰা শুভাৰম্ভ কৰা “গুৰুকুল কলা উৎসৱ কেন্দ্ৰ” ত কাৰাটে বা সমৰকলা, সত্ৰীয়া নৃত্য, সত্ৰীয়া সংগীত, আধুনিক নৃত্য, নাটক প্ৰশিক্ষণ, বাদ্যযন্ত্ৰ, শিল্প-কলা আদিৰ প্ৰশিক্ষণ ছাত্ৰ ছাত্ৰী সকলে গ্ৰহণ কৰিব পাৰিব।
তাৰোপৰি ইচ্ছুক ছাত্ৰ- ছাত্ৰীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিশ্ব বড়ো আৰু সম্পাদক জয়ন্ত দাসে জনাইছে।
ইয়াৰ জড়িয়তে নানা জাতি জনগোষ্ঠীৰ মিলনভূমি তামুলপুৰখনক সাংস্কৃতিক ক্ষেত্ৰখনত এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে।

