TAMARHAT: তামাৰহাট থানাত বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰ*তি*বা*দ
DD TIMES তামাৰহাট, ৯ অক্টোবৰঃ আৰক্ষীৰ প্ৰহাৰত কৰুণ মৃত্যুক সাৱটি লোৱা ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মেছপাৰা গাঁৱৰ প্ৰয়াত মনোহৰী ৰায়ৰ উচিত ন্যায়, হত্যাকাণ্ডৰ খলনায়ক তামাৰহাট থানাৰ তদানিন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰা আৰু হত্যাকাণ্ডৰ লগত জড়িত অন্যান্য দোষী আৰক্ষী জোৱান সকলৰ শাস্তিৰ দাবীত আজি বিভিন্ন দল-সংগঠনে তামাৰহাট থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দুয়োটা গোট, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, বিশ্বহিন্দু পৰিষদ, কোচ জাতিনি মাথপ আৰু দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সহস্ৰাধিক কৰ্মী-সমৰ্থকে আজি তামাৰহাট থানাৰ সন্মুখত সমবেত হয়। পিছত সমবেত ৰাইজে ‘হত্যাকাৰী আৰক্ষী বিষয়া কপিল বৰা মূৰ্দাবাদ’, ‘কপিল বৰাক ফাঁচি দিয়ক’, ধুবুৰী আৰক্ষী মূৰ্দাবাদ’, ‘ভূমিপুত্ৰ কোচ ৰাজবংশীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ বন্ধ কৰক’, ‘মনোহৰী ৰায়ৰ ন্যায্য বিচাৰ লাগিবই’, আদি প্ৰতিবাদী শ্ল’গানেৰে তামাৰহাটৰ পৰিবেশ উত্তাল কৰি তোলে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত আক্ৰাছুৰ সম্পাদক নিমাই চন্দ্ৰ ৰায়, ধুবুৰী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি চন্দন কুমাৰ ৰায়, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ ৰায়, আক্ৰাছুৰ আনটো গোটৰ ধুবুৰী জিলা সমিতিৰ উপ সভাপতি দামোদৰ ৰায়, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক উদয়ৰঞ্জন ৰায় প্ৰধানী, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পাৰিষদ মনোজকুমাৰ ৰায়, দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ ধুবুৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক আব্দুল্লাহ খন্দকাৰ আৰু কোচ জাতিনি মাথপৰ সভাপতি মদন কামা কোচে উক্ত প্ৰতিবাদী কাৰ্যসূচীত তদন্ত ক্ৰমে মৃত মনোহৰী ৰায়ৰ উপযুক্ত ন্যায়, হত্যাকাৰী আৰক্ষী বিষয়া কপিল বৰা আৰু হত্যাকাণ্ডৰ লগত জড়িত আন আন আৰক্ষী জোৱান সকলৰ শাস্তিৰ দাবীত উদাত্ত ভাষণ প্ৰদান কৰে।

কাৰ্যসূচীৰ অন্তত থানা চৌহদত উপস্থিত হোৱা গোলকগঞ্জ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নৱী সোনোৱালৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা মনোহৰী ৰায়ৰ পৰিয়ালক পঞ্চাছ লাখ টকা এক কালীন আৰ্থিক সাহায্য প্ৰদান, তামাৰহাট থানাৰ হত্যাকাৰী আৰক্ষী বিষয়া কপিল বৰাৰ ফাঁচি আৰু হত্যাকাণ্ডৰ লগত জড়িত আন আন আৰক্ষী জোৱান সকলৰ উচিত শাস্তিৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ উপৰি ঘটনাৰ তদন্তৰ ছি আই ডিক দিয়াৰ বাবে আহ্বান জনায়।
উল্লেখ্য যে যোৱা ২৮ ছেপ্টেম্বৰৰ দিনা তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ডিংডিংগা, হৰিপুৰ আৰু মেছপাৰা গাঁৱৰ তিনি জন নিৰীহ যুৱকক উঠাই আনি থানা খনৰ পিছফালে মাতি নি অমানৱীয় ভাবে প্ৰহাৰ কৰে।
উক্ত মাৰপিটৰ ফলত তিনিজন যুৱকৰ ভিতৰত মনোহৰী ৰায় নামৰ যুৱক জন গুৰুতৰ ভাবে অসুস্থহৈ পৰে। পিছত গুৰুতৰ ভাবে অসুস্থহৈ পৰা মনোহৰী ৰায়ক যোৱা ১ অক্টোবৰৰ দিনা তামাৰহাট প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও পথতে মনোহৰী ৰায়ৰ মৃত্যু হয়।
ইপিনে তামাৰহাট থানা নাগৰিক সমিতিৰ চেয়াৰ মেন গৰাকীক যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে সামাজিক মাধ্যম যোগে উচটনি মূলক বাৰ্তা দিয়াৰ বাবে ঘটনাৰে জড়িত থকাৰ অভিযোগ তুলি তদন্তৰ আওতাত নিয়াৰ বাবে দাবী জনায়৷

