অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনভ্ৰমণমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

STORY: কিয় ফা-মহাদেৱে কাৰো প্ৰাৰ্থনা নুশুনিলে ?

Spread the love

কিয় ফা-মহাদেৱে কাৰো প্ৰাৰ্থনা নুশুনিলে ?

DD TIMESৰ আজিৰ গল্পকাৰ ৰাজীৱ বৰুৱা

আঘোণ মহীয়া দিন। সোণবৰণীয়া পকা ধানেৰে
উপচি পৰিছিল পথাৰবোৰ। গোভা ৰাজ্যৰ অংশ-বঘৰা, মায়ং, নেলী, উলুকুঞ্চি আদি ৰাজ্যৰ প্ৰজাগণে সুখে-সন্তোষে দিন কটাইছিল। ৰজাসকল আছিল প্ৰজাৰ সুখ-দুখৰ সমভাগী। চুবুৰীয়া ৰাজ্যৰ বিপদ-বিঘিনিতো সহায়ৰ হাত আগবঢ়াইছিল ৰজাসকলে। মায়ঙৰ ৰজা জ্যোতি সিংহই ৰাজ দৰবাৰত পাৰিষদবৰ্গক লৈ এক আলোচনাত নিমগ্ন আছিল।


তেনে সময়তে নেলী ৰাজ্যৰ এগৰাকী কটকী আহি উপস্থিত হৈছিল মায়ং ৰজাৰ ৰাজ দৰবাৰত। নেলীৰ ৰজাৰ ফালৰ পঠিওৱা হৈছিল জৰুৰী বাৰ্তা। কটকীয়ে ৰাজ দৰবাৰত উপস্থিত সকলোৰে প্ৰতি প্ৰণিপাত জনাই ৰজাৰ আগত আঁঠু লৈ অৱগত কৰিছিল তেওঁৰ আগমণৰ বতৰা-
:ৰজাদেও পবিতৰা হাবিৰ পৰা উলাই অহা বনৰীয়া হাতীজাকে আমাৰ ৰাজ্যৰ প্ৰজাৰ ঘৰ-বাৰী ভাঙি,খেতিৰ পকা ধান খায়-গছকি বহু অনিষ্ট কৰিলে।এতিয়া বঘৰা হৈ আপোনাৰ ৰাজ্যৰ দিশে আগবাঢ়িছে হাতীজাক।
সেইয়ে আমাৰ ৰজাদেওৱে আপোনালৈ বাৰ্তা পঠিয়াইছে-:সময় থাকোতেই আপোনাৰ ৰাজ্যৰ প্ৰজাৰ খেতি-সম্পত্তি অনিষ্ট হোৱাৰ পৰা ৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। চুবুৰীয়া ৰাজ্য নেলীৰ ৰজাই কটকীৰ জড়িয়তে পঠিওৱা বাৰ্তা পায়-বিষয়টো গুৰুত্ব সহকাৰে লৈছিল-ৰজা জ্যোতি সিংহই। কিয়নো যোৱাবেলিও এই হাতীজাকে মায়ঙৰ বহু প্ৰজাৰ ঘৰ-বাৰী,খেতি তহিলং কৰি গৈছিল। ফলত কেইবাখনো গাঁৱৰ প্ৰজাই ৰজাঘৰক দিব লগা কৰ দিব নোৱাৰিলে। এইবেলিও যদি হাতীজাকে মায়ঙত প্ৰৱেশ কৰি তাণ্ডৱ চলাই;তেনেহলে প্ৰজাসকল নেখায় মৰিব লাগিব ! বনৰীয়া হাতীৰ জাকটোক কিদৰে প্ৰতিৰোধ কৰি আঁতৰাই পঠিয়াব পৰা যায়-এই বিষয়ে চিন্তা কৰি ততালিকে ব্যৱস্থা ল’বলৈ মায়ংৰাজে তেওঁৰ মহামন্ত্ৰী সুধিৰক আদেশ দিলে।


:মহামন্ত্ৰী,আপুনি বচা বচা কিছু সৈন্য লৈ গৈ আমাৰ ৰাজ্যৰ সীমাৰ পৰাই বনৰীয়া হাতীৰ জাকটোক কিবা কায়দা কৰি উভটাই পঠিওৱাৰ ব্যৱস্থা কৰক।নহলে নেলীৰ প্ৰজাসকলৰ দৰে আমাৰ প্ৰজাৰো বহু ক্ষতি হ’ব।ৰজাৰ আদেশ পায় মহামন্ত্ৰীয়ে সৈন্য ঠিক কৰে মানে ইতিমধ্যে হাতীৰ জাকটো আহি বঘৰা আৰু মায়ং ৰাজ্যৰ সীমান্ত অঞ্চল পাইছিলহি। বঘৰা ৰাজ্যৰ প্ৰজাসকলৰো খেতি-ঘৰ-বাৰী অনিষ্ট সাধন কৰিছিল হাতীৰ জাকটোৱে।মহামন্ত্ৰী সুধিৰে হাতীৰ জাকটো খেদিবলৈ যো-জা চলালে; ধনু কাড়েৰে দূৰৰ পৰা লক্ষ্য ভেদত পাকৈত বচা বচা কিছু সৈন্য লৈ। হাতী খেদিবলৈ মহামন্ত্ৰীয়ে প্ৰস্তুতি চলোৱাৰ কথাটো গৈ মায়ঙৰ ৰাজকুমাৰ বসন্তৰ কানত পৰিল। সুঠাম সবল ডেকা মায়ঙৰ ৰাজকুমাৰ বসন্ত ধনু বিদ্যাত অতিকৈ নিপুণ আছিল। ৰাজকুমাৰে-মহামন্ত্ৰীক বাধা দি তেওঁ নিজেই পিতৃৰ পৰা হাতী খেদিবলৈ যোৱাৰ অনুমতি বিচাৰিলে।পুত্ৰৰ অস্ত্ৰ চালনাৰ কৌশল আৰু বল-বিক্ৰমৰ এক উপযুক্ত পৰীক্ষা হ’ব বুলি ভাবিয়ে পিতৃ জ্যোতি সিংহই পুত্ৰক সন্মতি দিলে।পিতৃৰ আদেশ পোৱা মাত্ৰকে পলম নকৰি বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ লগত কেইজনমান সৈন্য লৈ আগবাঢ়িছিল মায়ঙৰ ৰাজকুমাৰ বসন্ত।ৰাজকুমাৰ গৈ যেতিয়া হাতীৰ জাকটো প্ৰত্যক্ষ কৰিছিল;তেতিয়ালৈ হাতীৰ জাকটো চাৰণ বিলৰ কাষেৰে বঘৰা ৰাজ্যৰ সীমায়েদি মায়ঙৰ দিশে আগুৱাই আহি আছিল।


সৈন্যসহ ৰাজকুমাৰ বসন্তই এক নিৰাপদ দূৰত্বত অৱস্থান কৰিলে পাহাৰৰ ওপৰত আৰু হাতীৰ জাকটোক কিদৰে খেদাই অন্য দিশলৈ পঠিয়াব পাৰি তাৰ কৌশল চিন্তিলে।হাতীজাকক নেতৃত্ব দি আগত অহা দঁতালটোক যদি প্ৰথমে ঘাইল কৰি বগৰাব পৰা যায়; তেনে বাকীবোৰ হাতী পিছুৱাই বেলেগ দিশলৈ গুছি যাব ! কথাটো ঠিৰাং কৰি হাতত ধনু কাঁড় তুলি লৈছিল ৰাজকুমাৰ বসন্তই।দুবাহুৰ বলেৰে আটাইতকৈ আগত খোজলোৱা হাতীটোক লক্ষ্য কৰি ধনুৰ কাঁড় এপাত এৰি দিলে।ৰাজকুমাৰৰ ধনুৰ কাঁড়ে নিমিষতে গৈ লক্ষ্য ভেদ কৰিলে। সেই একে সময়তে আন এটা দিশৰ পৰাও এপাত কাঁড় আহি হাতীটোৰ মুৰৰ কুমত আঘাট কৰিলে।লগে লগে এটা দিঘলীয়া বিকট চিঞৰ মাৰি হাতীটো বাগৰি পৰিল মাটিত।বাকীবোৰ হাতীয়ে ঢলি পৰা হাতীটোক তৎক্ষণাত বেৰি ধৰিছিল।শোকাতুৰ হৈ কিছুসময় অন্য হাতীবোৰে চিঞৰি ইফালে-সিফালে ঘূৰি থাকি বেলি ডুবাৰ আগেয়ে অহা বাটেৰে ওভটি গৈছিল।
ইফালে ৰাজকুমাৰ বসন্ত চিন্তাত পৰিছিল-তেওঁ মৰা কাঁড়ৰ উপৰিও হাতীটোৰ কুমত একেসময়তে লগা ইপাত কাঁড় আহিল ক’ৰ পৰা ? তেওঁৰ লগত যোৱা সৈন্যসকলক অনুসন্ধান কৰিবলৈ লগাই দিছিল।ইপাত কাঁড়ৰ ৰহস্য ভেদ কৰিবলৈ সৈন্যসকলৰ সমানে সমানে ৰাজকুমাৰে নিজেও অনুসন্ধান চলাই গম পালে যে-সেই পাত কাঁড় এৰিছিল এগৰাকী ৰাজকুমাৰীয়ে ! বঘৰাৰ ৰজা দেৱ সিংহৰ কন্যা বৃন্দাৱনী কুমাৰীৰ ধনুৰ পৰা আহি ইপাত কাঁড়ে হাতীটোৰ কুমত আঘাট কৰিছিলহি।সচৰাচৰ ৰাজ হাউলীৰ পৰা বাহিৰলৈ নোলোৱা বঘৰাৰ ৰাজকুমাৰী বৃন্দাৱনী অপৰিসীম সৌন্দৰ্যৰ অধিকাৰী আছিল।অস্ত্ৰ চালনাত পাকৈত বৃন্দৱনীৰ নামটো পূৰ্বৰে পৰা শুনি আছিল মায়ঙৰ ৰাজকুমাৰ বসন্তই। বনৰীয়া হাতী জাকক খেদিবলৈ আহি ৰাজকুমাৰীক নিজ চকুৰে দেখাৰ সৌভাগ্য হোৱাৰ পিছত ৰাজকুমাৰৰ বুকুত থৌকিবাথৌ লাগিল !


বঘৰা আৰু মায়ঙৰ সীমান্তত দুয়ো মুখামুখি হোৱাত চিনা-পৰিচয় ঘটিছিল সৌজন্যতাৰে।


ৰাজকুমাৰীয়ে নিজ ৰাজ্য বঘৰালৈ আমন্ত্ৰণ জনাইছিল মায়ঙৰ ৰাজকুমাৰক। সময় সুবিধা মিলিলে ৰাজকুমাৰ এদিন বঘৰালৈ যাব বুলি প্ৰতিশ্ৰুতি দি পঠিয়াইছিল ৰাজকুমাৰীক।


ৰাজকুমাৰীৰ ৰূপ-যৌৱন আৰু পৰাক্ৰম দেখি
ৰাজকুমাৰ মোহিত হৈ পৰিছিল।ৰাজকুমাৰীক লৈ তেওঁৰ হিয়াত লাহে লাহে এক অজান অনুভৱৰ সৃষ্টি হৈছিল ! ৰাজকুমাৰৰ আকুলতা বৃদ্ধি পাবলৈ ধৰিলে ইদিন সিদিনকৈ।ৰাজকুমাৰী বৃন্দৱনীক কাষত পাবলৈ ৰাজকুমাৰ বসন্তৰ মন বিয়াকুল হৈ উঠিছিল।কিন্তু ৰাজকুমাৰীয়ে ৰাজকুমাৰৰ বুকুৰ ভাৱনাৰ একো উমান পোৱা নাছিল।


বনৰীয়া হাতীজাক খেদি পঠিওৱাৰ কথাৰ প্ৰসংগত নিজ কন্যাৰ মুখৰ পৰা মায়ঙৰ ৰাজ কুমাৰৰ পৰাক্ৰমৰ কথা শুনি ৰজা দেৱ সিংহৰ ৰাজকুমাৰ বসন্তক লগ পোৱাৰ এটা ইচ্ছা জাগিছিল।কিয়নো ৰজা দেৱ সিংহই বিবাহৰ উপযুক্ত হৈ পৰা ৰাজকুমাৰীৰ বাবে তলে তলে এগৰাকী সুদৰ্শন সুযোগ্য ৰাজকুমাৰৰ সন্ধান কৰি আছিল।সেইয়ে ৰজাই মায়ঙৰ ৰাজকুমাৰ বসন্তক বঘৰা ৰাজ্যত হ’ব লগীয়া-“ছগ্ৰা মিছৱা”ত ভাগ ল’বলৈ নিমন্ত্ৰণ পঠিয়াইছিল কটকীৰ দ্বাৰা।এই নিমন্ত্ৰণ লাভ কৰি ৰাজকুমাৰ বসন্তই-বঘৰাৰ”ছগ্ৰা মিছৱা”ত ভাগ ল’বলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।


চ’তৰ সংক্ৰান্তীৰ পিছৰ প্ৰথমটো বুধবাৰৰ পৰা-বঘৰা ৰাজ্যত আয়োজিত হৈছিল “ছগ্ৰা মিছৱা” উৎসৱ।ৰজা ঘৰীয়া-প্ৰজাঘৰীয়া সকলোৰে মনত অপাৰ আনন্দ-উৎসৱৰ ৰং।তেতিয়া বঘৰা পাহাৰৰ দাতিৰ শিমলু গছবোৰ ফুলি আকাশখন ৰঙীণ হৈ উঠিছিল;বনৰীয়া চৰাইবোৰৰ কিৰিলিত মুখৰিত হৈ আছিল চৌপাশ।বঘৰাৰ ৰজাৰ ৰাজহাউলীৰ সমীপৰ বাকৰিত-“ছগ্ৰা মিছৱা”ৰ আয়োজন কৰা হৈছিল।বঘৰাৰ ৰাজ পৰিয়াল,ৰজাঘৰীয়া বিষয়া আৰু সকলো প্ৰজাই এইটো উৎসৱৰ আনন্দত ভাগ লৈছিল।ইফালে সেই একে সময়তে মায়ং ৰাজ্যৰ ৰজহাউলীৰ সমীপতো-“ফাদৰ” সকলে আয়োজন কৰিছিল এক মেলাৰ। ফাদৰ সকলে-আদা ,ৰঙালাউ,আলু , হালধি ,শুকান মাছ ,কচু আৰু বিভিন্ন শাক ইত্যাদিৰ ভাৰ লৈ আহি এই মেলাত বিনিময় কৰিছিল সামগ্ৰীৰ। বঘৰাত “ছগ্ৰা মিছৱা”ত ভাগ লৈ আনন্দতে ডেকা-গাভৰুসকলে লালিলাং গীত জুৰি তাৰ সুৰৰ লহৰে লহৰে নাচি বাগি মতলীয়া হৈছিল।ৰাজ পৰিয়ালৰ লোক আৰু ৰাজ বিষয়াবৰ্গই উৎসৱস্থলীৰ ওচৰতে অৱস্থান কৰি নৃত্য-গীত উপভোগ কৰি আছিল।
মায়ঙৰ ৰাজকুমাৰ বসন্ত আহি উপস্থিত হৈছিল-“ছগ্ৰা মিছৱা”ত।বিভিন্ন গাঁৱৰ তি’ৱা ডেকা-গাভৰুসকলে এইটো উৎসৱত ভাগ লৈ লালিলাং গীতৰ মাজেৰে প্ৰকাশ কৰা মনৰ ভাৱ অনুভূতিৰ কথাবোৰে হৃদয় চুই গৈছিল ৰাজকুমাৰ বসন্তৰ।বঘৰাৰ ৰাজকুমাৰী বৃন্দাৱনীকো যদি লালিলাং গীতৰ জড়িয়তে মনৰ কথাবোৰ এবাৰ মুকলিকৈ খুলি ক’ব পাৰিলেহেঁতেন ! -তাকে ভাৱি ভাৱি বিভোৰ হৈ পৰিছিল ৰাজকুমাৰ বসন্ত।ৰাজকুমাৰৰ মনটো বাৰে বাৰে উৰা মাৰিছিল ৰাজকুমাৰীৰ কাষলৈ।পিতৃ জ্যোতি সিংহক-চামাদিত লগ হোৱা ডেকা সকলক চাই অহোঁ বুলিহে মিছা কথা কৈ বঘৰা ৰাজ্যৰ-“ছগ্ৰা মিছৱা”ত ভাগ ল’বলৈ গৈছিল ৰাজকুমাৰ।ৰাজকুমাৰ গৈ যেতিয়া বঘৰাৰ ৰাজহাউলি পাইছিল তেতিয়ালৈ ৰাজহাউলিৰ কাষৰ বাকৰিত-“ছগ্ৰা মিছৱা”ত সকলো মচগুল হৈ আছিল।ৰাজ বিষয়া সকলে নিদিষ্ট আসনত বহি লালিলাং নৃত্য-গীত উপভোগ কৰি আছিল।আমন্ত্ৰিত অতিথি আৰু একাংশ ৰাজ বিষয়াই লগ হৈ
জু-ছ্যু খাই আছিল বাঁহৰ চুঙাত।এই উৎসৱৰ আনন্দ ফুৰ্তিতে ইজনে-সিজনৰ লগত কথা পাতিছিল হাঁহি-তামাচা কৰি কৰি।কিন্তু ৰাজকুমাৰ বসন্তৰ মন বিষাদময় হৈ উঠিছিল-কিয়নো সকলোফালে চকু ফুৰাই;কেনিও ৰাজকুমাৰী বৃন্দাৱনীক দেখা নাছিল !


যি গৰাকী ৰাজকুমাৰীক এবাৰ ওচৰৰ পৰা হেপাঁহ পলুৱাই চোৱাৰ আশাৰে,এষাৰ কথা পতাৰ আকুলতাৰে পিতৃকো মিছা কথা কৈ বঘৰা ৰাজ্যলৈ আহিছিল তেওঁ;সেই আশা পূৰ্ণ নহ’ব নেকি ? -এই কথা ভাবি থকা ৰাজকুমাৰৰ দৃষ্টিত ৰাজকুমাৰী অনুপস্থিত থকা সকলোবোৰ উৎসৱ-আনন্দ যেন অৰ্থহীন হৈ পৰিছিল ! লালিলাং গীতৰ সুৰবোৰ ৰাজকুমাৰৰ কানত গৈ বিষাদৰ সুৰ হৈ বাজিছিল ! ৰাজকুমাৰ বসন্তই কি কৰো নকৰো কৈ উচপিচাই ইফালে সিফালে চকু ফুৰাই থকাৰ ক্ষণতে ৰাজহাউলিৰ পৰা উলাই অহা দেখিবলৈ পাইছিল-ৰাজকুমাৰীক।বিমৰ্ষ হৈ পৰা ৰাজকুমাৰৰ মুখমণ্ডলত তেতিয়া জেউতি চৰিছিল।লালিলাং গীতৰ সুৰবোৰ
পুনৰ ভাল লগা হৈ আহিছিল।

ডেকা-গাভৰুবোৰে লালিলাঙৰ মাজেৰে প্ৰকাশ কৰা কথাবোৰে ৰাজকুমাৰৰ মনটোক খেলিমেলি কৰি পেলাইছিল।নিজক সম্বৰণ কৰিব নোৱাৰি”ছগ্ৰা মিছৱা”ত ডেকা-গাভৰু জাকৰ মাজলৈ গৈ লালিলাং গীতৰ তালে তালে নাচিবলৈ লৈছিল ৰাজকুমাৰ বসন্তই।তাকে দেখি যৌৱনমতী ৰাজকুমাৰী বৃন্দৱনীয়েও ভাগ লৈছিল-“ছগ্ৰা মিছৱা”ৰ নৃত্য-গীতত।সাধাৰণ ডেকা-গাভৰুহঁতৰ
মাজত মলি গৈ ৰাজকুমাৰ-ৰাজকুমাৰীয়েও
আনন্দ উপভোগ কৰিছিল হেপাঁহ গুচাকৈ।
মুখ ফুটাই একো এষাৰ নকলেও লালিলাং গীতৰ সুৰেৰে নাচোনৰ লয়লাসৰে দুইয়ো যেন দুইয়োকে বহু কথাই কৈ পেলাইছিল দুচকুৰ ভাষাৰে ! মায়ং ৰাজ্যৰ ৰাজকুমাৰ বসন্তৰ বুকুৰ চিলঠত লিখি ৰখা মনৰ ভাষাবোৰ যেন বঘৰা ৰাজ্যৰ ৰাজকুমাৰী বৃন্দাৱনীৱে নিমিষতে পঢ়ি পেলাইছিল !


“ছগ্ৰা মিছৱা”ত ভাগ লোৱাৰ পিছৰে পৰা ক্ৰমান্বয়ে ৰাজকুমাৰ আৰু ৰাজকুমাৰীৰ ঘনিষ্ঠতা বাঢ়িছিল।দিন বাগৰাৰ লগে লগে এই কথাবোৰ প্ৰজাৰ কান বাগৰি গৈ গৈ দুই ৰাজ্যৰ ৰাজহাউলী পাইছিলগৈ।ৰাজকুমাৰী বৃন্দাৱনী আৰু ৰাজকুমাৰ বসন্তৰ প্ৰেম কাহিনী জনাজাত হৈ পৰাত বঘৰাৰ ৰজা দেৱ সিংহ আৰু মায়ঙৰ ৰজা জ্যোতি সিংহই আলচ কৰি ব’হাগ মাহৰ এটা ভাল দিন-বাৰ চাই বিয়া ঠিক কৰি পেলাইছিল।দুই ৰাজ পৰিয়ালৰ সন্মতিত বিয়াখন হ’বগৈ বুলি গম পায় ৰাজকুমাৰ বসন্ত-ৰাজকুমাৰী বৃন্দৱনী দুয়ো বহুত সুখী হৈ পৰিছিল।


অৱশেষত ৰাজকুমাৰ আৰু ৰাজকুমাৰীৰ দুটি মন-এটি প্ৰাণ হৈ থকাৰ সংকল্প লোৱাৰ সেই আকাংক্ষিত দিনটো আহিছিল।দুখনকৈ চবুৰীয়া ৰাজ্যৰ ৰাজ পৰিয়ালৰ মাজত যিহেতু বিয়াখন অনুষ্ঠিত হ’ব।সেইয়ে দুইখন ৰাজ্যৰ প্ৰজাসকলৰ হিয়া আনন্দে নধৰা হৈছিল।বঘৰা আৰু মায়ং দুইখন ৰাজ্যৰ ৰাজহাউলীতে মহা ধুমধামেৰে আৰু যথা বিহত ৰীতিৰে বিয়াৰ আয়োজন কৰা হৈছিল।অতিথি অভ্যাগতক অভ্যৰ্থনাৰ ক্ষেত্ৰত অকনো কৃপনালি কৰা হোৱা নাছিল দুইখন ৰাজ্যৰ ৰাজহাউলীতে।প্ৰজাই আনন্দ-ফূৰ্টিৰে দকচি খাইছিল এইখন মহা আৰম্বৰপূৰ্ণ বিয়াত। দুই ৰাজপৰিয়ালৰ সন্মতিৰে হোৱা এই বিয়াখন কুলদেওৱে যথাৰীতিৰে সম্পন্ন কৰিছিল।কন্যা
দান পৰ্বৰ পিছতে বঘৰা ৰাজ্যৰ ৰাজহাউলীৰ পৰা বৰ-যাত্ৰীসকলে কইনাক লৈ ৰং-ৰহইছ কৰি মায়ং ৰাজ্যৰ ৰাজহাউলীলৈ বাট বুলিছিল।


পুৱতি নিশা বঘৰা পাহাৰৰ লুংলুঙীয়া পথেৰে আগবাঢ়ি গৈ আছিল দৰা-কইনাসহ বৰযাত্ৰীৰ দলটো।নিশাৰ পহৰ অনুসৰি ফেঁচাই কুৰুলিয়াইছিল।এইদৰে গৈ থাকোতেই এটাও তৰা নোলোৱা হৈ আকাশখন গোমা হৈ পৰিছিল। মৃদুকৈ বৈ আহিছিল এজাক বতাহ।কিন্তু লাহে লাহে বতাহজাক ডাঙৰ হৈ গৈ প্ৰচণ্ড ধুমুহাৰ ৰূপ লৈছিল।কিছু সময় পিছতেই কান তাল মৰা শব্দৰে আহিছিল বিজুলী ধেৰেকণিৰ সৈতে শিলাবৃষ্টি।এই ধুমুহা-শিলাবৃষ্টিৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিবলৈ ওচৰতে থকা বঘৰা পাহাৰৰ এটা শিলাখণ্ডৰ গুহাত ঢপলিয়াই গৈ আশ্ৰয় লৈছিল দৰা-কইনা সহিতে সকলো বৰযাত্ৰীয়ে।ধুমুহা-শিলাবৃষ্টিৰ প্ৰকোপ কিছু কমিলেই পুনৰ মায়ঙলৈ যাত্ৰা আৰম্ভ কৰিব বুলি ভাবিছিল সকলোৱে।

পিছে ধুমুহা-শিলাবৃষ্টিৰ প্ৰকোপ অলপো নকমিল।পৰিবৰ্তে বেছিকৈ প্ৰকোপ বাঢ়িলহে।ইফালে প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ সমান্তৰালভাৱে এক প্ৰৱল ভূমিকম্পও উদ্ভৱ হৈছিল সেই সময়ছোৱাতে।প্ৰকৃতিৰ এনে
তাণ্ডৱ লীলা দেখি গুহাৰ ভিতৰত সোমাই
থকা সকলোৱে বাৰে বাৰে ইষ্ট দেৱতা
“ফা-মহাদেৱ”ক স্মৰণ কৰি আছিল-:হে-ফা মহাদেৱ; আমাক এই বিপদৰ পদৰ পৰা বচোৱা !


প্ৰৱল ভূমিকম্পৰ সঘন জোকাৰণিত পাহাৰৰ উপৰৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিলবোৰ সমতললৈ যেনি-তেনি বাগৰি সিঁচৰতি হৈ পৰিছিল।বঘৰা পাহাৰৰ বাগৰি অহা বৃহৎ শিলাখণ্ড গুহাটোৰ ওপৰত আৰু প্ৰৱেশ পথত পৰাত দৰা-কন্যাসহ বৰযাত্ৰীসকল আবদ্ধ হৈ পৰিল।প্ৰকাণ্ড প্ৰকাণ্ড শিলে হেচাঁ মাৰি,চেপি ধৰাৰ ফলত অক্সিজেনৰ অভাৱত দৰা-কইনাসহ সকলোবোৰ লোক জীৱন্তে গুহাৰ ভিতৰতে সমাধিস্থ হৈছিল।


এই মহাপ্ৰলয়ৰ পিছদিনা পুৱালৈ আকাশত সুৰ্যোদয় হৈছিল যদিও বঘৰা আৰু মায়ং ৰাজ্যৰ আনন্দৰ বেলি মাৰ গৈছিল চিৰদিনলৈ।দুয়োখন ৰাজ্যতে হিয়া ভঙা কান্দোনৰ ৰোল উঠিছিল।


ৰাজঘৰ-প্ৰজাঘৰ সকলোতে শোকৰ বন্যা বৈছিল।কোনেও কাকো শান্তনা দিব পৰা নাছিল।কিয় বাৰু ফা-মহাদেৱে ইমানবোৰ বৰযাত্ৰীৰ প্ৰাৰ্থনা নুশুনিলে ? তাকে ভাৱি ভাৱি নিজম নিশাবোৰত বঘৰা পাহাৰৰ শিলাখণ্ডৰ গুহাটোত চিঞৰি চিঞৰি কান্দি
থাকিবলৈ লৈছিল দৰা-কইনাহালৰ অতৃপ্ত আত্মাই।

@তিৱা ভাষাৰ কেইটামান শব্দ:-
১/ “ছগ্ৰা মিছৱা”:-লালিলাং গীত গাই একেলগে নৃত্য কৰা এক তি’ৱা লোক উৎসৱ।
২/ লালিলাং:-লালিলাং হ’ল তি’ৱা সকলৰ প্ৰেমগীত বা বিহুগীত।
৩/চামাদি:-তি’ৱা সমাজৰ ডেকাচাং।
৪/জু-ছ্যু:-তি’ৱা সকলৰ পৰম্পৰাগত পানীয়।
৫/ফাদৰ:-সেনাপতি পৰ্যায়ৰ তি’ৱা ৰাজ বিষয়া।

(মৰিগাঁও জিলাৰ “কইনা কন্দা শিল”লোকগাঁথাৰ আলম লৈ গল্পটি প্ৰস্তুত কৰা হৈছে।
ফোনঃ ৮১৩৫০১১০২৬

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!