SRISRI Ramkhapeeth Devalaya: শ্ৰীশ্ৰীৰামখাপীঠ দেৱালয়ৰ পবিত্ৰ ভূমিত প্ৰখ্যাত সাংবাদিক, প্ৰিয় ব্যক্তিৰে ভাল লগা সময়
শ্ৰীশ্ৰীৰামখাপীঠ দেৱালয়ৰ পবিত্ৰ ভূমিত প্ৰখ্যাত সাংবাদিক, প্ৰিয় ব্যক্তিৰে ভাল লগা সময়
DD TIMESত লিখিছে সত্যজিৎ শইকীয়াই
প্ৰিয় শিল্পীৰ বিয়োগৰ বিষাদে আৱৰা আকাশখনত শাওণৰ ৰং, শাওণৰ খং৷ গুৱাহাটীৰ পৰা আহি আপোন ঠাই দিখৌমুখত আছো৷ সাংবাদিকতাৰ দুটা দশক পাৰ হোৱাৰ সময়ত এটাই ভাল লাগে যে অসমৰ প্ৰথম গৰাকী শ্বহিদ সাংবাদিক কমলা শইকীয়া ছাৰৰ আবক্ষ মূৰ্তিটো ভৰলুৱা তিনিআলিত আছে ৷

কমলা শইকীয়া ছাৰৰ আদৰ্শ ধিয়াই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ কৰি অহা দশকজোৰা এই যাত্ৰা পথত অহা বিভিন্ন ঘাট প্ৰতিঘাতৰ বা মাৰলিত নিজক উৰুৱাই নিব নোৱাৰাকৈ তিনিআলিটোৱে আৰু ছাৰৰ আবক্ষ মূৰ্তিটোৱে যেন মোৰ শিপাবোৰ মজবুত কৰি তুলিছে ৷ পুৱাই সাহস আৰু অনুপ্ৰেৰণাৰ স্ৰোত এটাত মন মগজু হৃদয় সকলো এৰি দিওঁ ৷ ভৰলুৱা তিনিআলি যি মোৰ জীৱন যুঁজৰ এক ৱাটাৰলু ৷
দেখা অদেখা অলেখ স্মৃতি আৰু বিষাদৰ ৰেল গাড়ীখন এইটো জংচনত আহি জিৰাই ৷ শৰীৰ য’তেই থাকক লাগিলে তিনিআলিটো নদীৰ দৰেই বৈ থাকে ৷ বৈ থাকিব মোৰ জীৱন পৰিক্ৰমাৰ অন্তিম উশাহ পৰ্যন্ত ৷ ইয়াৰ পৰাই হিছ হিছ হিছ হিছ ০০০০০ ৰেলৰ গতি অপ্ৰতিৰোধ্য হৈ পৰে ৷

হ’লেও ভাল লাগেঃ
গুৱাহাটীৰ পৰা আহি দিখৌমুখত থকা দিনকেইটাত পুৱাৰ খোজ কঢ়াৰ ৰুটিনত গন্তব্যস্থান হৈ পৰে শ্ৰীশ্ৰীৰামখাপীঠ দেৱালয় ৷ আহৰি পালেই গাওঁবোৰলৈ যাওঁ ৷
ৰামখাপীঠলৈ যাওঁ ৷ ভৰলুৱা বৰ নামঘৰলৈ যাওঁ। নিজ হাতে গঢ়া হেলথ এণ্ড এথলেটিকছ ক্লাবলৈ যাওঁ ৷ বিল্ড চাইল্ডহুড বিল্ড নেশ্যনৰ সমাজ আৰু দেশ গঢ়াৰ বাৰ্তা লৈ ৰূপহীমুখলৈ দৌৰ মাৰো ৷ দিখৌমুখ খনক সাৱটি ৰখাৰ গৌৰৱ, ইয়াৰ মানুহখিনিৰ মৰম হেঁপাহ আৱেগ অভিমানে আৱৰি ৰখাৰ স্বাভিমানত বুকুখন ফুলাই ৰাখো৷ চিনাকি মানুহৰ অচিন দুখবোৰৰ খবৰ লওঁ ৷ চাহ জলপান ভাতৰ সোৱাদ বিচাৰো ৷ কাৰন এইয়া মোৰ হেঁপাহৰ দিখৌমুখ ৷

সাংবাদিকতাৰ কাইটীয়া পথত আকাশলৈ চাওঁ ০০০
সাংবাদিকতাৰ কাইটীয়া পথত প্ৰয়াত যতীন্দ্ৰকুমাৰ বৰগোহাঞি, প্ৰয়াত দেৱ প্ৰসাদ বৰুৱা, প্ৰয়াত হোমেন বৰগোহাঞি, প্ৰয়াত ৰাধিকামোহন ভাগৱতী ছাৰ আৰু শ্ৰীযুত কনকসেন ডেকা ছাৰৰ দৰে মণিষীৰ আশীৰ্বাদ আৰু দিক নিৰ্দেশনাই প্ৰতিটো জটিল মুহূৰ্তত সাহস দিছে৷
জটিল সময়ৰ আঁৰে আঁৰে কমলা শইকীয়া ছাৰৰ কঠোৰ মাত এষাৰ যেন কাণত ভাহি থাকে— “ এই ননচেন্স অকল সাংবাদিকতা কৰিলেই নহ’ব। সমাজখনকো আগুৱাই নিব লাগিব ৷ কালৈকো কেয়াৰ নকৰিবি ৷ দৰকাৰ হ’লে ৰাজনীতিও কৰিবি সমাজ গঢ়িবলৈ ৷ ভয়ত নপলাবি ৷ কিন্তু ৰাং কুকুৰৰ জাকবোৰৰ পৰা সাৱধান হ’বি”
“দৈনিক অগ্ৰদূত”ৰ পৰা “অসম আদিত্য”লৈঃ
কলেজ এৰাৰ পিছতেই “ দৈনিক অগ্ৰদূত” “জনসাধাৰণ” কাকতত আৰম্ভ হোৱা মফচলীয়া সাংবাদিকতাই ২০০৬ চনৰ পৰা “ আজিৰ দৈনিক বাতৰি”ৰ জৰিয়তে নতুন গতি পালে ৷ সাংবাদিকতাৰ যাত্ৰাৰ বাট দেখুউৱা মোমাইটি দেৱকান্ত বৰুৱা ( কাকপথাৰৰ দৈনিক অগ্ৰদূতৰ সাংবাদিক), যাত্ৰাৰম্ভৰ দিনবোৰত গাইডৰ দৰে থকা “ দৈনিক অগ্ৰদূত” ৰ তেতিয়াৰ যোৰহাট সংস্কৰণৰ তত্বাৱধায়ক- জ্যেষ্ঠ সাংবাদিক যোগেশ ওজাদা, পৰৱৰ্তী সময়ত অফ বীট ষ্টৰী একোটাৰে সাংবাদিকতাৰ আমেজ ল’বলৈ শিকোৱা “ দৈনিক জনসাধাৰণ” কাকতৰ বাৰ্তা সম্পাদক সাহিত্যিক দিগন্ত ওজাদা, “আজিৰ দৈনিক বাতৰি”ত সম্পাদনাৰ কাম কাজ শিকোৱা কাকতৰ সম্পাদক ভূপেন ভট্টাচাৰ্য দাদা, অতনু ভূঞাদা, মিহিৰ দেউৰীদা, জিষ্ণু মেধিদা, কিশোৰদাৰ দৰে বিভিন্নজনৰ আদেশ উশদেশ অনুপ্ৰেৰণাই উপহাৰ দিছে নিত্য নতুন মূহূৰ্ত ৷ ইয়াৰ পিছত “ দৈনিক অসম ” The Assam Rising”ৰ বকিয়াইদি আহি আহি পালোহি “ অসম আদিত্য” ৷ ডিবৰুৰ সপোন যেন হেঁপাহৰ কাকতখনৰ ছিনিয়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে এতিয়া মই যেন প্ৰাপ্তিৰ এখন পৃথিৱীলৈ খোজ পেলাইছো !
বন্ধু তথা “ অসম আদিত্য”ৰ সম্পাদক মনজিত বৰাৰ সাহস অনুপ্ৰেৰণা আৰু অনুশাসনে সাংবাদিকতাৰ যাত্ৰাক গতি দিছে ৷ “ দৈনিক অসম”ৰ জ্যেষ্ঠ সাংবাদিক যশোৱন্ত শৰ্মাৰ পৰা আৰম্ভ কৰি “ নিয়মীয়া বাৰ্তা”ৰ জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰ, “ দৈনিক জনমভূমি”ৰ জ্যেষ্ঠ সাংবাদিক পবিত্ৰ গগৈ, দ্য আছাম ট্ৰিবিউনৰ জ্যেষ্ঠ সাংবাদিক পংকজ বৰঠাকুৰ, উদয়জিৎ বুঢ়াগোহাঁই, জয়জ্যোতি গগৈকে ধৰি হৃদয়ত আঁকি বহুকেইজন সাংবাদিক বন্ধুৱে সমৃদ্ধ কৰিছে সাংবাদিকতাৰ জীৱন ৷
সঞ্জীৱ কুমাৰ ফুকন দাদাক লগ পাইঃ
শ্ৰীশ্ৰীৰামখাপীঠ দেৱালয়ৰ পবিত্ৰ ভূমিত প্ৰখ্যাত সাংবাদিক, “দৈনিক জনমভূমি”ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন দাদাৰ সৈতে কটোৱা কিছু মূহুৰ্তই লৈ গ‘ল অতীতলৈ ৷ কাম ঠিকে চলিছেনে, নিউজ কিমান লিখিব লাগে, দৰমহা ৰেগুলাৰ পাই আছানে ০০০ ইত্যাদি বিভিন্ন প্ৰশ্ন ৷ আমি শিৱসাগৰৰ ৷ দাদাৰ কালুগাঁও৷ মোৰ দিখৌমুখ ৷ এনেয়ে থাকে এটা টান ৷ সদৌ অসম ছাত্ৰ সন্হাৰ নেতৃত্ব লৈ থকাৰ সময়ৰে পৰা দিখৌমুখৰ সমাজ জীৱনৰ স’তে সঞ্জীৱদাৰ ওতঃপ্ৰাতঃ সম্পৰ্ক ৷
গুৱাহাটী প্ৰেছ ক্লাবৰ দায়িত্বত থকাৰ সময়ৰে পৰা ঘনিষ্ঠতা বৃদ্ধি পাইছিল ৷ প্ৰায়ে ভাল বেয়াৰ খা খবৰ ৰখা সঞ্জীৱদাই অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰিছে, নেতৃত্ব দিছে শক্তিশালীভাৱে ৷ ব্যক্তিগত কথা বতৰা সমস্যাৰ উপৰি দিখৌমুখৰো সমস্যা সম্পৰ্কত কথা হ’লো ৷ দাদাৰ পৰম বন্ধু, সদৌ অসম ছাত্ৰ সন্হাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক – সমাজকৰ্মী পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য দাদাকো লগ পালো ৰামখাপীঠত ৷ তেওঁও মোৰ পৰম হিতৈষী ৷
সাংবাদিকতাৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ দাদাইও সাংঘাতিক উৎসাহ যোগাই আহিছে ৷ শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড° প্ৰতীম শৰ্মা ছাৰো আহিছিল৷ শৰ্মা ছাৰে সঞ্জীৱ ফুকনদাক চিনাকি কৰাই দিলে — “ সত্যজিৎ দিখৌমুখ কলেজত ইংৰাজী ( সাহিত্য)ৰ ফাৰ্ষ্ট বেটছৰ ষ্টুডেণ্ট ৷ ” ইংৰাজী সাহিত্যৰ লেংগুৱেজ চেপ্টাৰটো বৰ দুৰ্বোধ্য আছিল মোৰ বাবে ৷ তথাপি এনেদৰে চিনাকি কৰি দিলে নিজকে চিকুটি চাওঁ — ছাত্ৰ হৈ আছো নেকি ? এইবোৰেই সুখ প্ৰাপ্তি ৷ সাহিত্য পঢ়িছিলো ৷ সাহিত্যক নহ’লোগৈ ৷ হ’লোহি সাংবাদিক৷ তথাপিও ইংৰাজী সাহিত্যৰ লেংগুৱেজ চেপ্টাৰটোৰ দৰেই দুৰ্বোধ্য জীৱনৰ কিছু মুহূৰ্ত !
বিদায় ল’লো সকলোৰে পৰা ০০০ ব্যুৰোক্ৰেট কে নটৱাৰ সিঙৰ One Life is Not Enough খনৰ এশাৰী বাক্য মনলৈ আহিল — I am a short term pessimist and a long term optimist. সেউজীয়া আকাশ পথাৰখনে সামৰি ল’লে উশাহটো৷
(বন্ধু তথা লেখক ৰণজিৎ বৰাই আমাৰ কেইখনমান আলোকচিত্ৰ তেওঁৰ কেমেৰাত তুলি দিলে ৷ বৰালৈকো কৃতজ্ঞতা জনাইছো ৷)