SRIMANTA SANKARDEV: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ ছ’চাইটীৰ তৃতীয় মাণ্ডলিক সভা
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ তৃতীয় মাণ্ডলিক সভা
মহাপুৰুষ গুৰুজনা এজন ধৰ্মপ্ৰচাৰকে নহয় তেওঁ এজন অৰ্থনীতিবিদোঃ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া
DD TIMES নগাঁও, ১৭ অক্টোবৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ তৃতীয় মাণ্ডলিক সভাখনি আজি সংঘৰ নগাঁওস্থিত মূখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়।

চ’চাইটিৰ নগাঁও জিলা শাখাৰ সম্পাদক মৃণাল ভাগৱতীয়ে আঁতধৰা সভাখনৰ সভাপতিত্ব কৰে থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই। চ’চাইটিৰ জিলা সভাপতি অজিত কুমাৰ ভূঞাৰ ঘোষাৰে শুভাৰম্ভণি ঘটা সভাত আদৰণি ভাষণ প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সম্পাদক বিপুল শইকীয়াই।
সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই কয় যে মহাপুৰুষ গুৰুজনা এজন ধৰ্মপ্ৰচাৰকে নহয়, তেওঁ এজন অৰ্থনীতিবিদো। লগতে তেওঁ সংঘৰ সংগী সকলক সংস্কাৰমুখী হোৱাৰ লগতে মহাপুৰুষীয়া আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়।
সভাত থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ নগাঁও জিলা শাখাৰ আতিথ্যত নগাঁও, কলিয়াবৰ, তেজপুৰ, তিনিচুকীয়া, মৰিগাঁও আদি জিলা শাখাৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।
থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ পৰিচালন সঞ্চালক মমতা বৰকাকতিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ কলিয়াবৰ শাখাৰ সভাপতি সোমেশ্বৰ বৰা, সম্পাদক জুৱেল ওজা, তেজপুৰ শাখাৰ সভাপতি হিৰণ্য কুমাৰ হাজৰিকা, সম্পাদক হেমকান্ত নাথ, নগাঁও শাখাৰ সভাপতি অজিত কুমাৰ ভূঞা,সম্পাদক মৃণাল ভাগৱতী, মৰিগাঁও শাখাৰ সভাপতি গহীন চন্দ্ৰ বৰদলৈ, চ’চাইটিখনৰ কাৰ্যবাহী বিষয়া ভবেন বৰদলৈ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য গোবিন চন্দ্ৰ দাস, প্ৰফুল্ল চন্দ্ৰ বৰা(বৈদ্যটুপ)কে ধৰি চ’চাইটিৰ বিভিন্ন বিষয়ববীয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
উল্লেখ্য যে সভাৰ সামৰণিত গুৰু বন্দনাৰে অনুষ্ঠানৰ সামৰণি পৰে।

