অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SRIMANTA SANKARDEV: গেডাৰবড়ি আৰু পূৱ হাতীচোঙত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন

Spread the love

৭৫ সংখ্যক বৰ্ষত পূৱ হাতীচোং আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ মহোৎসৱ

গেডাৰবড়িত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্বৰ শ্ৰেষ্ঠ গুৰুঃ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া

জগত গুৰুজনা আছিল সৰ্ব্বগুণাকৰঃ মন্ত্ৰী কেশৱ মহন্ত

DD TIMES নগাঁও, ২ অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়া নিকটবৰ্তী পূৱ-হাতীচোং আঞ্চলিক সাৰ্ব্বজনীন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ সৌজন্যত মহাপুৰুষ জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱটি ২৯ চেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ নগাঁৱৰ বেবেজীয়াৰ সমীপৱৰ্তী ১নং গেদাৰবড়িৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যাসূচীৰে আয়োজন হৈছে ৷

তদুপলক্ষে ১ অক্টোবৰত কালি পুৱা প্ৰাতঃপ্ৰসংগৰে শুভাৰম্ভ হোৱাৰ পাছত পৰিবেশ নিকাকৰণ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়৷ দুপৰীয়া উৎসৱ উদযাপন সমিতিৰ সভাপতি নৰেন্দ্ৰ বৰাৰ সভাপতিত্ব অনুষ্ঠিত হয় মুকলি সভা ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই মুকলি সভাখনি উদ্বোধন কৰি নিজৰ ভাষণত কয় যে– মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্বৰ এজন সৰ্ব্বশ্ৰেষ্ঠ গুৰু আছিল ৷ কাৰণ এইখন অসমত তেওঁ জন্মগ্ৰহণ কৰি অসমক ধন্য কৰাৰ লগতে সমগ্ৰ অসমীয়া জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল ৷ কিন্তু এইজনা গুৰুক আমি চিনি পাবলৈ যে আজিও সক্ষম হোৱা নাই ৷

আমি গুৰুজনাক আজিও ভালকৈ চিনি নাপালো ৷ তেওঁ লগতে আৰু কয় যে মানুহক সেৱা কৰাটোৱেই প্ৰকৃত আৰু পৰম ধৰ্ম ৷ মানুহৰ স্থান আৰু কালৰ এটা নিৰ্দিষ্ট সময় থাকে ৷ মানুহে মানুহক মানুহ হিচাপে ভাবিব পৰাটোৱেই মানৱতাবোধ ৷ তেওঁ লগতে কয় যে মহাপুৰুষ শংকৰদেৱ বিশ্বৰ শ্ৰেষ্ঠ পুৰুষ আছিল ৷

অন্যহাতে জুবিন গাৰ্গে সমগ্ৰ বিশ্বৰ মানুহক যি ধৰণে আজি কন্দুৱাই গলেও তেওঁৰ আত্মা আমাৰ মাজতেই জীয়াই থাকিব ৷ জুবিনে আজি অমৰত্ব লাভ কৰিছে ৷ গুৰুজনাই আবিৰ্ভাৱ হোৱাৰ পূৰ্বে সমগ্ৰ অসমৰ সমাজ ব্যৱস্থাটো এক বিশৃখংল অৱস্থাত আছিল ৷

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানুহক আৰোহণ কৰাইছে, কিন্ত এতিয়াও কিছু মানুহ সংকীৰ্ণতাৰ গ্ৰাসত আছে ৷ উদযাপন সমিতিৰ সম্পাদক বিপুল শইকীয়াই আঁতধৰা সভাখনিত আমন্ত্ৰিত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি অসমৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তই কয় যে- অসমীয়া জাতি এটা সৌভাগ্যৱান জাতি । কাৰণ এই অসমতে গুৰুজনাই জন্মগ্ৰহণ কৰি অসমীয়া জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল ৷

আমাৰ মাজৰ পৰা মহাপ্ৰয়াণ ঘটা সুধাকণ্ঠ আৰু সদ্যপ্ৰয়াত জুবিন গাৰ্গে সকলোৰে মাজত জাতীয় চেতনা জাগ্ৰত কৰিছিল ৷ তেওঁলোকৰ সৃষ্টিৰ প্ৰতিটো গীতে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক হৃদয় স্পৰ্শ কৰি গৈছিল যাৰ বাবে এই শিল্পী দুজনাৰ মৃত্যুত কোটি কোটি জনতাই অশ্ৰুসিক্ত নয়নেৰে চকুলো টুকিছে ৷ গুৰুজনাই সমাজখনক যি ধৰণেৰে গতি দিবলৈ চেষ্টা কৰিছিল তাত তেওঁ সফল হৈছিল ৷

গুৰুজনাই সকলোকে একগোট কৰিবলৈ চেষ্টা কৰিছিল ৷ গুৰু জনাই সকলো ধৰণেৰে সমাজখনক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল ৷ গুৰুজনাই গণতন্ত্ৰ তেতিয়াই প্ৰতিষ্ঠা কৰি থৈ গৈছে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি চেনিৰাম ডেকাই ড° মনিকা শইকীয়া আৰু শোনিত ৰঞ্জন হাজৰিকাৰ সম্পাদিত “ভকতৰ কল্পতৰু” স্মৃতিগ্ৰন্থখনি উন্মোচন কৰা সভাত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে কয় যে স্মৃতিগ্ৰন্থ এখনে একোটা অঞ্চলৰ ঐতিহ্য বহন কৰে ৷

এই স্মৃতিগ্ৰন্থখনে এই বৃহত্তৰ অঞ্চলটোৰ স্মৃতি ধৰি ৰখাত সহায়ক হব ৷ সভাত সংঘৰ মূলৰ সদস্য গোবিন দাসে সুধাকণ্ঠ আৰু জুবিন গাৰ্গৰ গীতে মাতে গুৰুজনাৰ আদৰ্শৰাজিক আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৷ সভাত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক ৰাণা প্ৰকাশ বৰা,অসম মহিলা আয়োগৰ সদস্যা মামনি বৰা,শিল্পী দেৱ বৰা,ৰোহিত শইকীয়া, মিহিৰাম ভূঞা, বীৰেন বৰা,সূৰ্য শইকীয়া,সাংস্কৃতিক কৰ্মী দৰ্শন মহন্তকে ধৰি সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷

সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভাপতি নিৰ্মল শইকীয়াই ৷ নিশালৈ শংকৰী সংগীতৰ অনুষ্ঠান যাকেৰি নাহিকে উপাম অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানটি উদ্বোধন কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ৷ ইফালে ৩০ চেপ্তেম্বৰত পুৱা ঊষা কীৰ্তনৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি নৰেন্দ্ৰ বৰাই ৷

ইয়াৰ লগে লগে অঞ্চলৰ আন বিশিষ্ট ৭৪ গৰাকী ব্যক্তিয়ে ৭৪ খন ধৰ্মধ্বজা উত্তোলন কৰে ৷ ইয়াৰ পাছত উৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি বীৰেন বৰাই শ্ৰদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠানৰ জ্ঞাপক হিছাপে উপস্থিত থাকে ৷ পুৱা ১০ বজাত বাটচ’ৰা উন্মোচন কৰে অসম মহিলা আয়োগৰ সদস্যা মামনি বৰাই ৷ পুৱা ১০:২০ বজাত প্ৰেক্ষাগৃহ উন্মোচন আৰু ভাগৱত ভ্ৰমণ তথা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ৷

উদ্বোধনী ভাষণত বিধায়কগৰাকীয়ে কয় যে অসমীয়া জাতিৰ জনক,সৰ্ব্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ বহুমুখী প্ৰতিভাৰ পৰশ সৰ্ব্বস্তৰৰ জনতাৰ হৃদয়ঙ্গম হ’বলৈ তথা এখন সৰ্বাঙ্গসুন্দৰ সমাজ সৃষ্টিৰ মহান উদ্দেশ্যক আগত ৰাখি আয়োজন কৰা পবিত্ৰ মহাৰজত জয়ন্তী ভাগত অংশগ্ৰহণ কৰিবলৈ পাই নথৈ সৌভাগ্যৱান অনুভৱ কৰিছোঁ বুলি মন্তব্য কৰে ৷

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ কেৱল এজন ধৰ্মপ্ৰৱৰ্তক, প্ৰচাৰক আৰু সমাজ সংস্কাৰকেই নাছিল, তেওঁ আছিল একেধাৰে স্ৰষ্টা আৰু দ্ৰষ্টা, ধৰ্মগুৰু আৰু কৰ্মগুৰু ভাষাবিদ আৰু সাহিত্যক এগৰাকী দাৰ্শনিক পণ্ডিত আৰু অনান্য বহুগুণে পাণ্ডিত্য সম্পন্ন এজন সৰ্ব্বশ্ৰেষ্ঠ অসমীয়া ৷

অসমীয়া জাতীয় জীৱনৰ পৰা মহাপুৰুষ জনাৰ যিকোনো এটা অৱদান বাদ দিলে আমাৰ জাতীয় জীৱন অসম্পূৰ্ণ হৈ ৰব ৷ মহাপুৰুষ জনাৰ সমূহ সৃষ্টিৰাজি আজি আমি সকলোবে আমাৰ মাজত জীয়াই ৰাখিব লাগিব বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে দিনৰ ১১ বজাত নাম প্ৰসংগ সম্পন্ন হোবাৰ পাছতে বিয়লি ৪বজাত অস্থায়ী গুৰু আসন প্ৰতিষ্ঠা কৰে নামাচাৰ্য তৰুণ শইকীয়াই ৷ সন্ধিয়া পাঁচ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ মুকলি কৰে প্ৰাক্তন সভাপতি ৰাণাপ্ৰকাশ বৰাই ৷

সন্ধিয়া ৫:৩০বজাত প্ৰয়াত লুহুৰাম শইকীয়া আৰু বুলমাই শইকীয়াৰ সোঁৱৰণত প্ৰবীন চন্দ্ৰ শইকীয়াৰ পৰিয়ালৰ তৰফৰ পৰা আগবঢ়োৱা তথা জিতু ডেকাৰ দ্বাৰা পৰিচালিত হোৱা অংকীয়া নাট ‘ পাৰিজাত হৰণৰ’ আৰদণিৰ লগে লগে নাটকৰ শুভ উদ্বোধন কৰে নগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়াই ৷

আনহাতে, আজি ২অক্টোবৰত পুৱা প্ৰাতঃ প্ৰসংগ,পৰিবেশ নিকাকৰণ,নাম প্ৰসংগ,স্মৃতিৰ একাঁজলি,বন্তি প্ৰজ্বালন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন ইত্যাদি কাৰ্যসূচীৰ বন্তি প্ৰজ্বলক হিছাপে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ নেতা তথা অগপ নগাঁও জিলা সভাপতি মণিমাধৱ মহন্তই ৷ উক্ত অনুষ্ঠানটি সঞ্চালনা কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি নৰেন্দ্ৰ বৰাই আৰু অনুষ্ঠানটি উদ্বোধন কৰে উৎসৱ উদযাপন সমিতিৰ সম্পাদক বিপুল শইকীয়াই ৷ দিনৰ ১২ বজাত উৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি সম্পাদক আৰু জ্যেষ্ঠ শিল্পী সকলক সম্বদ্ধৰ্না অনুষ্ঠান সম্পন্ন হোৱাৰ পাচতে আমন্ত্ৰিত নামতি দলৰ দ্বাৰা দিহানাম পৰিবেশন কৰা হয় ৷

বিয়লি অস্থায়ী গুৰু আসন প্ৰতিষ্ঠা কৰিব নামাচাৰ্য দিলীপ হাজৰিকাই ৷ সন্ধিয়া পাঁচ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে প্ৰাক্তন সভাপতি মেঘৰাম শইকীয়াই ৷ সন্ধিয়া ৫:৩০ বজাত প্ৰয়াত মহেশ্বৰ বৰাৰ সোৱঁৰণত দেৱেশ্বৰী বৰা আৰু পৰিয়ালবৰ্গই আগবঢ়োৱা তথা বিনোদ ভূঞাৰ পৰিচালনাত অংকীয়া নাট ‘পত্নী প্ৰসাদৰ’ৰ শুভ উদ্বোধন কৰে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই ৷ নিশা অঞ্চলৰ মহিলা শিল্পী সকলৰ দ্বাৰা অভিনীত অভিমন্যু বধ ভাওনা প্ৰদশৰ্ন কৰা হয় ৷


আনহাতে কাইলৈ ৩ অক্টোবৰত শুক্ৰবাৰে পুৱা প্ৰাতঃ প্ৰসংগ,পৰিবেশ নিকাকৰণ,দিনৰ ১১বজাত আইসকলৰ নাম,বিয়লি ৪বজাত ধৰ্মধ্বজা অৱনমন,সন্ধিয়া পাঁচবজাত বন্তি প্ৰজ্বালন কৰিব প্ৰাক্তন সভাপতি সূৰ্য কুমাৰ শইকীয়াই ৷ সন্ধিয়া ৬ বজাত নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ সামাজিক নাটক মাক আৰু মৰম উদ্বোধন কৰিব নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ নাটকৰ পৰিচালক বিশিষ্ট অভিনেতা অজয় বৰঠাকুৰৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!