অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SRI KRISHNA RASLEELA: জয়সাগৰত অনুষ্ঠিত কৰিবলগীয়া ৰাসলীলাৰ লাইখুঁটা স্থাপন

Spread the love

জয়সাগৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাসলীলাৰ আয়োজন, লাইখুঁটা স্থাপন

DD TIMES শিৱসাগৰ, ১৮ অক্টোবৰঃ শাৰদীয় দূৰ্গাপূজা শেষ হোৱাৰ পিছতে ৰাজ্যবাসী সাজু হৈছে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে। পিছ পৰি ৰোৱা নাই শিৱসাগৰৰ জয়সাগৰবাসীও।

জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, ৰাসলীলা উদযাপন সমিতি আৰু ৩২ খন গাঁৱৰ ৰাইজৰ সহযোগত ৪ আৰু ৫ নৱেম্বৰত দুদিনীয়াকৈ জয়সাগৰৰ সেউজকোঁৱৰ পৰাগধৰ চলিহা খেলপথাৰত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে ২৫ টি বৰ্ষত ভৰি দিয়া ৰাস ভাগিয়ে এইবাৰ ৰূপালী জয়ন্তী শুভা আৰম্ভণি বৰ্ষ হিচাপে পালন কৰিবলৈ অঞ্চল বাসীয়ে ব্যাপক প্ৰস্তুতি চলাইছে।

সেই উদ্দেশ্যে আজি কাতি বিহুৰ দিনাই ৰাসলীলা থলীত সমবেত হোৱা প্ৰায় দুই শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত খোল তাল, উৰুলি আৰু হৰিধ্বনিযে মুখৰিত কৰা এক মাংগলিক পৰিৱেশৰ মাজত লাইখুঁটা স্থাপন কৰা হয়।

ৰাসলীলাৰ অস্থায়ী নামঘৰৰ লাইখুঁটা স্থাপন কৰে বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি যদুমনি মহন্তই আৰু ৰাস মণ্ডপৰ লাইখুটা স্থাপন কৰে বিশিষ্ট শিক্ষাবিদ তথা শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ বোধিন মিশ্ৰয়ে। ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন আৰু ভাগৱত পাঠৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰ তথা ৰাস উদযাপন সমিতিৰ সম্পাদক আনন্দ কুমাৰ বৰাই আঁত ধৰা লাইখুটা স্থাপন অনুষ্ঠানত জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি ড° হেমন্ত কুমাৰ ফুকন, উপসভাপতি প্ৰদীপ গগৈ, অতুল দত্ত, ৰাজীৱ ফুকন, শৰৎ বৰুৱা, ভবেন চেতিয়াকে প্ৰমুখ্য কৰি বহু গণ্য মান্য ব্যক্তিৰ লগতে আয়োজক সমিতিৰ বিষয়ববীয়া তথা ৰাসলীলাত অভিনয় কৰিবলগা শিল্পীসকলে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!