অসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SPORTS JOURNALIST: বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ স্বাস্থ্যৰ বুজ ললে পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে

Spread the love

বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ স্বাস্থ্যৰ বুজ ললে পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়েঃ চৰকাৰক চিকিৎসাৰ ব্যৱস্থা কৰাৰ আহ্বান

DD TIMES গুৱাহাটী, ১২ অক্টোবৰঃ বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা বাৰ্ধক্য জনিত কাৰণত দীৰ্ঘ দিন ধৰি শয্যাশায়ী হৈ আছে৷

তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে ১১ অক্টোবৰ তাৰিখে ক্ৰীড়া মহীৰূহ পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে স্বাস্থ্যৰ বুজ লবলৈ তেখেতৰ পাণবজাৰস্হিত বাসগৃহত উপস্থিত হয়৷

স্মৃতি ৰক্ষা সমিতিৰ সভাপতি নয়ন প্ৰসাদ, সম্পাদক কল্যাণ কুমাৰ দাস আৰু সদস্য পাৰ্থ চক্ৰৱৰ্তীয়ে তেখেতে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰে৷

তদুপৰি স্মৃতি ৰক্ষা সমিতিয়ে তেখেতলৈ কিছু পৰিমাণে আৰ্থিক সাহাৰ্যও আগবঢ়োৱাৰ লগতে আশু আৰোগ্য কামনা কৰে৷

স্মৃতি ৰক্ষা সমিতিয়ে বৰ্ষীয়ান ক্ৰীড়া সাংবাদিকগৰাকীৰ চিকিৎসাৰ সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও ৰাজ্য চৰকাৰক অনুৰোধ জনায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!