অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Spondonor Award: কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত ‘স্পন্দনৰ বঁটা’ প্ৰদান

Spread the love

কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত স্পন্দনৰ বঁটা প্ৰদান অনুষ্ঠান

DD TIMES গুৱাহাটী, ১৪ ডিচেম্বৰঃ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত বছৰি আয়োজন কৰা হয় এলানি সাহিত্য প্ৰতিযোগিতা।

ইয়াৰ লগতে অনুষ্ঠানটিয়ে প্ৰতি বছৰে সাহিত্য-সংস্কৃতিলৈ বিশেষ বৰঙনি আগবঢ়োৱা একোগৰাকী ব্যক্তিক প্ৰদান কৰি আহিছে বিশেষ বঁটা।

এই বঁটাসমূহ প্ৰদান কৰাৰ বাবে কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত আজি অনুষ্ঠিত কৰা হয় ‘স্পন্দন বঁটা প্ৰদান অনুষ্ঠান ২০২৫’।

গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত এই অনুষ্ঠানত লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা-২০২৫, দ্বিজেন নাথ গৱেষণা বঁটা-২০২৫, গোলাপ চন্দ্ৰ বৰা সাহিত্য বঁটা-২০২৫ আৰু লক্ষেশ্বৰ হাজৰিকা যুৱ-অনুপ্ৰেৰণা বঁটা-২০২৫ প্ৰদান কৰা হয়।

এই অনুসৰি ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা-২০২৫’ লাভ কৰা যুৱ কবি মিণ্টুল হাজৰিকাক প্ৰদান কৰা হয়। এই বঁটাত আছে অংগবস্ত্ৰ, এটা স্মাৰক, মানপত্ৰ, নগদ ধন ১৫ হাজাৰ টকা আৰু কিতাপৰ টোপোলা।

‘যাত্ৰা, যাত্ৰাৰ নাট আৰু ভ্ৰাম্যমাণ থিয়েটাৰ’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে অবন্তিকা পৰাশৰক প্ৰদান কৰা ‘দ্বিজেন নাথ গৱেষণা গ্ৰন্থ বঁটাত আছে এটা স্মাৰক, মানপত্ৰ, নগদ ধন ৩৫ হাজাৰ টকা আৰু ফুলাম গামোচা।

একেদৰে কলচুম বিবিক “ছিন্নমূল” শীৰ্ষক উপন্যাসৰ বাবে ২০২৫ বৰ্ষৰ ‘গোলাপ চন্দ্ৰ বৰা সাহিত্য বঁটা’ প্ৰদান কৰা হয়।

এই বঁটাত আছে মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা, ফুলাম গামোচা আৰু নগদ ধন ১৫ হাজাৰ টকা। আনহাতে, চন্দ্ৰমণি গগৈক প্ৰদান কৰা লক্ষেশ্বৰ হাজৰিকা যুৱ-অনুপ্ৰেৰণা বঁটাত আছে অংগবস্ত্ৰ, মানপত্ৰ, ৰূপৰ পদক আৰু নগদ ধন ১০ হাজাৰ টকা।

অনুষ্ঠানত বিশিষ্ট সাহিত্যিক পলী হিলৈদাৰী, জ্যেষ্ঠ সাংবাদিক-লেখক গৌতম শৰ্মা আৰু কটন কটন কলেজৰ স্ৰষ্টা, প্ৰকাশক, বিশিষ্ট সাহিত্যক নৱীন বৰুৱা উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

স্পন্দনৰ সভাপতি ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক দেবব্ৰত বৰাই। আদৰণি ভাষণ দাঙি ধৰে স্পন্দনৰ প্ৰতিষ্ঠাক নিকুঞ্জ নাথে।

অনুষ্ঠানত বিশিষ্ট কবি নীলিম কুমাৰ, সাহিত্যক-অনুবাদক বিপুল দেউৰীৰ লগতে শতাধিক সাহিত্যানুৰাগী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!