অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SOCIAL WORKER: সাহিত্যিক তথা বিশিষ্ট সমাজসেৱক আবুবক্কৰ ছিদ্দিকৰ দে*হা*ৱ*সা*ন

Spread the love

নগাঁৱৰ ৰাঙলু স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সমাজসেৱক আবুবক্কৰ ছিদ্দিকৰ দেহাৱসান

DD TIMES বঢ়মপুৰ, ৮ নবেম্বৰঃ নগাঁৱৰ ৰাঙলু স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি, নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, ৰাঙলু ড° এ পি জে আব্দুল কালাম একাডেমীৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট সমাজসেৱক আবুবক্কৰ ছিদ্দিক (৫৯) আৰু নাই।

বিগত ছমাহ মানৰে পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। শেহতীয়াকৈ প্ৰায় দুমাহ ধৰি গুৱাহাটীৰ জি এন আৰ চি হস্পিটেলত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি পুৱা প্ৰায় ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁৰ নশ্বৰ দেহ নিজ গৃহ ৰাঙলু উৰিয়াগ্ৰাণ্ট টুবুকীলৈ অনাত শ শ শুভাকাংক্ষীয়ে শেষবাৰৰ দৰ্শন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ মুক্ত মনেৰে দান-বৰঙণি আগবঢ়াই অহা আবুবক্কৰ ছিদ্দিকৰ মৃত্যুত সকলোৱে গভীৰ শোক প্ৰকাশ কৰে।

ছিদ্দিকৰ নশ্বৰ দেহ প্ৰথমে তেওঁ প্ৰতিষ্ঠা কৰা ড° এ পি জে আব্দুল কালাম একাডেমীলৈ অনাত একাডেমীৰ প্ৰধান শিক্ষক গুলজাৰ হুছেইনকে ধৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে শেষ শ্ৰদ্ধা জনায়।

ইফালে, ৰাঙলু স্বৰ্ণ শাখা সাহিত্য সভাৰ ফালৰপৰা অসম সাহিত্য সভাৰ পতাকাৰে সন্মান জনাই অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সমিতিৰ আমন্ত্ৰিত সদস্য ঘনকান্ত বৰা, ৰাঙলু স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক নুৰ হুছেইন, নিজ কঠীয়াতলী স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক শ্যামজ্যোতি তছাৰ লগতে সকলো সদস্যই নশ্বৰ দেহত পুষ্পমাল্য প্ৰদান কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।

জানিব পৰা মতে, দেওবাৰে পুৱা ভাগত উৰিয়াগ্ৰাণ্ট ৰাঙলু কবৰস্থানত মৃতকৰ জানাজা সম্পন্ন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!