Snail lime Manufacturing Industry: পাহৰণিৰ গৰ্ভত ৰজাদিনীয়া লুপ্তপ্ৰায় শামুক চূণ প্ৰস্তুত শিল্প
পাহৰণিৰ গৰ্ভত ৰজাদিনীয়া লুপ্তপ্ৰায় শামুক চূণ প্ৰস্তুত শিল্প
আজিও এই শিল্পক জীয়াই ৰাখিছে ঢকুৱাখনাৰ এগৰাকী আইতাই

DD TIMESত ঢকুৱাখনাৰ পৰা লিখিছে ৰাজীৱ বৰুৱাইঃ অসমত আহোম সকলৰ ৰাজত্ব কালৰ আগৰ পৰাই বিশেষকৈ-সোণ, লোণ আৰু চূণ উৎপাদিত হৈছিল।

অসমৰ একাংশ থলুৱালোকে নিজা পৰম্পৰাগত পদ্ধতিৰে সোণ,লোণ আৰু চূণৰ উৎপাদন কৰিছিল।বিশেষকৈ বৰ্তমানৰ বৃহত্তৰ ঢকুৱাখনা অঞ্চলত আৰু অতীজৰ হাবুঙত সোণ আৰু চূণ অধিক পৰিমাণে উৎপাদন কৰা হৈছিল।

উল্লেখ্য যে হাবুঙৰ সোৱণশিৰি নৈৰ বালিৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে সোণ আহৰণ কৰা সমান্তৰালভাৱে, ডাংধৰা, চামপৰা, কঢ়া আৰু চাৰিকড়িয়া নদীৰ বুকুৰ পৰা সংগ্ৰহ কৰা শামুকৰ খোলাৰে এক বিশেষ পদ্ধতিৰে চূণ উৎপাদন কৰা হৈছিল।
গঞা অসমীয়াৰ ঘৰলৈ কোনো অতিথি আহিলে প্ৰথমে স-সন্মানেৰে আগবঢ়াই দিয়া তামোলখনৰ সৈতে অভিন্ন সম্পৰ্ক আছিল পৰম্পৰাগত পদ্ধতিৰে উৎপাদন কৰা এই চূণৰ। সোণ,লোণ আৰু চূণ উৎপাদনৰ বাবে আহোম সকলৰ ৰাজত্বৰ কালত একো একোটা বিশেষ শ্ৰেণীৰ পাইক বা হজুৱাক নিয়োগ কৰা হৈছিল।
এসময়ৰ চূণ উৎপাদনৰ এই চহকী পৰম্পৰা এতিয়া কালৰ সোঁতত ক্ৰমে নোহোৱা হৈ গ’ল যদিও;ঢকুৱাখনাৰ এগৰাকী ৭৫ বছৰীয়া আইতাই আজিও বহু প্ৰত্যাহ্বানৰ মাজেৰে অকলেই পৰম্পৰাগতভাৱে শামুকৰ চূণ উৎপাদন শিল্পটোক জীয়াই ৰাখিছে।
চাৰিকড়িয়া নৈৰ পৰা সংগ্ৰহ কৰা শামুকেৰে নিজেই চূণ উৎপাদন কৰি তামোলৰ সৈতে খাই অহা ঢকুৱাখনাৰ সুঁতিমুখৰ গুণমাই দাস আইতাই চূণ উৎপাদনৰ পদ্ধতি শিকিছিল তেওঁৰ ককাক-আইতাকৰ পৰা।এতিয়াও তজবজীয়া স্বাস্থ্যৰ আইতাগৰাকীয়ে আমাৰ আগত প্ৰকাশ কৰা মতে-“আহোম ৰাজত্বৰ আগৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে শামুকৰ পৰা বিশেষ পদ্ধতিৰে উৎপাদন কৰা প্ৰাকৃতিক চূণৰ আছে বহু উপকাৰী গুণ।কিন্তু শেহতীয়াকৈ নদীবোৰ বাম হৈ অহাৰ ফলত শামুক পাবলৈ নোহোৱাত এই শিল্পৰ মৃত্যু ঘটিছে।”
উল্লেখ্য যে দেশে স্বাধীনতা লাভৰ কিছুদিন পিছলৈকে ঢকুৱাখনাৰ এই সুঁতিমুখ গাঁৱৰ কেইবাটাও পৰিয়ালে পৰম্পৰাগত চূণ উৎপাদন শিল্পটোক জীয়াই ৰাখিছিল।এই গাঁৱৰ চূণ স্থানীয় কেইখনমান গাঁৱত বিক্ৰীও হৈছিল কলপাতৰ টোপোলাত।
কিন্তু পৰবৰ্তী সময়ত শামুকৰ নাটনিৰ লগতে এই চূণ উৎপাদনত জড়িত পৰিয়ালকেইটাৰ আৰ্থিক উপাৰ্জনৰ বৃত্তি পৰিবৰ্তন ঘটাত চূণ উৎপাদন শিল্পৰ মৃত্যু ঘটিল।
এটা ভাল খবৰ যে ঢকুৱাখনাত এতিয়াও এগৰাকী লোক এই পৰম্পৰাগত চূণ উৎপাদন শিল্পৰ সৈতে জড়িত হৈ আছে। সেইগৰাকী হৈছে-ঢকুৱাখনাৰ সুঁতিমুখৰ গুণমাই দাস।
উল্লেখ্য যে-৭৫ বছৰীয়া গুণমাই দাসে অনেক প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকৰ পৰিয়ালৰ অতীতৰ শিল্পটোক জীয়াই ৰাখিছে।
গুণমাই দাসে অকলেই জীয়াই ৰখা এই পুৰণি চূণ উৎপাদন শিল্পটোৰ বিষয়ে সবিশেষ তথ্য সন্নিবিষ্ট কৰি-“অসম চৰকাৰৰ যুৱ লেখক-২০২৫” সন্মান লাভ কৰা উদীয়মান লেখক আৰু প্ৰকৃতিকৰ্মী ধ্ৰুৱজ্যোতি চেতিয়াই এখন তথ্যচিত্ৰ নিৰ্মাণৰ কাম হাতত লৈছে।নতুন বছৰৰ মাজ ভাগতে এই তথ্যচিত্ৰখনিয়ে মুক্তি লাভ কৰিব।

