অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SIV: জুবিন গাৰ্গ এজন শিৱভক্ত আছিল, কিন্তু বাঁওপন্থীসকলে নাস্তিক বনাই দিলেঃ মুখ্যমন্ত্ৰী

Spread the love

জুবিনৰ গানেৰে আমি জুবিনক স্মৰণ কৰিম, জুবিনৰ সমাধিত সাফৰেৰে মদ ঢালি নহয়

জুবিন গাৰ্গ এজন শিৱভক্ত আছিল, কিন্তু বাঁওপন্থীসকলে নাস্তিক বনাই দিলেঃ মুখ্যমন্ত্ৰী

উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে

অখিল গগৈয়ো ৰিজেক্টেড বস্তু, কংগ্ৰেছো ৰিজেক্টেড বস্তু

DD TIMES বঙাইগাঁও, ২৩ অক্টোবৰঃ জুবিন গাৰ্গৰ যিটো আদৰ্শ, আজি সেই আদৰ্শৰ বিপৰীতেই সকলো কাম হৈ আছে ৷ জুবিন গাৰ্গৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে ৷ তেওঁ এজন শিৱ ভক্ত আছিল ৷ এতিয়া তেঁৱক লগাই দিয়া হ’ল মোৰ জাতি নাই , মোৰ ধৰ্ম নাই ৷ মোৰ জাতি নাই ,ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডায়লগ ৷

কিন্তু জুবিন গাৰ্গ এজন আমাতকৈও ডাঙৰ শিৱ ভক্ত আছিল ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৃহস্পতিবাৰে বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত বিধান সভা সমষ্টিটোৰ হিতাধিকাৰীকসকলৰ মাজত চেক বিতৰণ অনুষ্ঠানত উপস্থিত থকাৰ পিছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰী শৰ্মাই শিল্পী জুবিন গাৰ্গ যে শিৱ ভক্ত আছিল সেই কথা প্ৰকাশ কৰিবলৈ সংবাদ মাধ্যমৰ আগত কয় যে ৰীতা চৌধুৰীৰ লগত হোৱা সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে ৷ আৰু মোৰ লগত জুবিনে মন্দিৰত পূজা কৰাৰ বহুত ফটো আছে ৷

কিন্তু বাওঁপন্থীসকলে জুবিনক নাস্তিক বনাই দিলে ৷ যি জুবিন নাছিল সেইটো জুবিন বনাবলৈ চেষ্টা কৰি থকা হৈছে ৷ সেই কাৰণে বিজেপিয়ে ৰাজ পথত নামিছে যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায় ৷ হুৰ হুৰ হুৰাই দে গানটো কোনে গাইছিলে ? এতিয়া সেই বিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে ৷ কয় জুবিনৰ জাতি নাই ধৰ্ম নাই ৷ জুবিনৰ শ্ৰাদ্ধ তেৰ দিনীয়া ,এঘাৰ দিনীয়া সম্পূৰ্ণ হিন্দু ধৰ্ম মতে হৈছে নে নাই ? গতিকে জাতি নাই ধৰ্ম নাইটো কোনে উলিয়ালে ? জুবিনক সন্মুখত লৈ সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচাৰা হৈছে ৷ গতিকে এই কথা বিলাক আমি এমাহ নোযোৱাৰ কাৰণে কোৱা নাছিলো ৷

এতিয়া আমি সকলোকে বিতৰ্কলৈ মাতিছো যে আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল বুলি,জুবিনৰ জাতি নাছিল বুলি ? কাঞ্চনজংঘা চিনেমাৰ এটা ডায়লগ তাক বাওঁপন্থীসকলে কিমান অপব্যৱহাৰ কৰি আছে তাক আপোনালোকে চিন্তা কৰক ৷ আজি আপোনালোকে কৈ আছে বোমা কিয় মানুহে ফুটালে ৷ কালি প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ পিছত কিয় সাংবাদিকসকলে ফটকা ফুটালে ? দেৱালীত ৰাইজে বোমা ফুটালে সমালোচনা কৰিছে, কালি প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ পিছত একেবিলাক সাংবাদিকে বোমা ফুটাই দিলে ৷ তাৰমানে হিন্দু ধৰ্মৰ নামত বোমা নুফুটাব আৰু আমাৰ যি মন যায় তাকে কৰি থাকিম ৷

ৰাজনীতি নহয়, জুবিন যেন হিন্দু বিৰোধী আছিল, জুবিনৰ যেন ধৰ্ম নাছিলে তেনেকুৱা পৰিৱেশ এটা অসমত সৃষ্টি কৰিব খোজা হৈছে, যাতে উচ্ছেদ হ’বলগীয়া মানুহবিলাকে নিৰাপত্তা পায়, যাতে এই যি আমি অসমত জাতি মাটি ভেঁটি বচাবৰ কাৰণে এটা তীব্ৰ গণচিন্তা কৰিছো তাক যাতে স্তিমিত কৰিব পৰা যায় ৷ ইয়াৰ নেপথ্যত বাওঁপন্থীসকল, অখিল গগৈ, কংগ্ৰেছ এইবিলাক আছে ৷

তেওঁ আৰু কয় যে কৰবাত এনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গলো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলো ৷ আত্মা ভগৱানৰ অংশ হয় ৷ জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি ? এই বিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা এশ বছৰত মানুহৰ মনত এটা বিৰূম মনোভাবৰ সৃষ্টি হয় ৷ এশ বছৰ পিছত নৱ প্ৰজন্মই জুবিনক এনেকৈ চিনিব যে জুবিনৰ গানেৰে নহয় ,যেন জুবিন এজন মদ ভালপোৱা ব্যক্তি আছিল ৷ জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম ৷ জুবিনৰ সমাধিত সাফৰেৰে মদ ঢালি নহয় ৷

আজি যোৱা এমাহত যিয়ে যি পাৰে তাকে কৰি আছে ৷ ভাবিছে সকলো নীৰৱ হৈ যাব ৷ আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিল ৷ এতিয়া কাইলৈৰ পৰা কোনোবাই ঢালকচোন ৷ মই কেতিয়াও জুবিনক মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিও ৷ জুবিনক মই মায়াবিনী, হুৰ হুৰ হুৰাই দে গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জনাৰ বাবে আমি কাম কৰিম ৷ এই বিলাক কি চলি আছে, কোনে চলাই আছে ?

অখিল গগৈয়ে পালপাতি পালপাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পালপাতি পালপাতি মানুহ পঠিয়ায় ৷ প্ৰচেষ্টা হ’ল জুবিনে যেন মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা এজন ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা ৷ এইটো ভুল নকৰিব ৷ জুবিনে মদ নেখাইছিল ৷ খাইছিল যদিও কিবা দুখত খাব পাৰে, কিবা কাৰণত খাব আৰু মদ নোখোৱা জুবিনজনক মই লগ পাইছো ৷ এইটো কোনেও ধাৰণা নিদিব যে জুবিনে ২৪ ঘণ্টাি মদ খাই আছিল ৷

ভুল কথা হৈ আছে ৷ জুবিনক অপমান কৰি থকা হৈছে ৷ জুবিনক ন্যায় দিয়াৰ নামত এচাম ব্যক্তিয়ে জুবিনৰ সত্বা আৰু জুবিনৰ আত্মাক হত্যা কৰিব বিচাৰি আছে ৷ সাফৰেৰে মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি নেকি ? এইটো কোনো সংস্কৃতি হ’ব নোৱাৰে ৷ চাধাৰ টেমা দিয়াটো সংস্কৃতি নেকি ? হয়, সি ভাল পাইছিল জুইৰ লগত ঘৰৰ মানুহে তাক উৎসৰ্গা কৰি দিলে, অগ্নিক তাক দি দিলে ৷ অগ্নিয়ে তাৰ কাপোৰযোৰ লৈ ললে, অগ্নিয়ে তাৰ শৰীৰ লৈ ললে, অগ্নিত যি যি দিব লাগে তাক ঘৰৰ মানুহে চিন্তা কৰি দি দিলে আৰু প্ৰজ্বলিত কৰি গুচি গ’ল ৷

এতিয়া জুবিনক আমি গানেৰে, সংস্কৃতিৰে জীয়াই ৰাখিব লাগিব ৷ উন্মাদনাৰে নহয় ৷ উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে ৷ উন্মাদনাৰে আমাক কোনেও এখোজও হিলাব নোৱাৰে ৷ কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে ৷

যিদিনালৈকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ আছে উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰো ৷ এইটো একেবাৰে নিশ্চত হৈ থাকক ৷ ইপিনে আহি থকা জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবি সন্দৰ্ভ সাংবাদিকে সোধাত মুখ্যমন্ত্ৰীয়ে কয় যে চিনেমা ৰাইজে চাব ৷ চৰকাৰে কৰিব নালাগে ৷ আপোনালোকে কৰিব, আমি কৰিব ৷ ব্যক্তিগতভাবে মই চাম, আপুনি চাব ৷ জুবিনক চৰকাৰী ব্যক্তি নবনাব, ৰাইজৰ ব্যক্তি কৰি ৰাখক ৷ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কিছুমানে উদণ্ড আচৰণ কৰা সন্দৰ্ভত কয় যে বুধবাৰে স্থানীয় ৰাইজে জিলা আয়ুক্তৰ লগত এখন সভা কৰিছে আৰু কেইটামান প্ৰস্তাৱ লৈছে ৷ জিলা আয়ুক্ত আৰু ৰাইজে এই দিশত সিদ্ধান্ত ল’ব ৷

তাতে চৰকাৰে কোনো হস্তক্ষেপ নকৰে ৷ বুধবাৰে সভা হৈছে আৰু দুই এদিনৰ ভিতৰতে যি প্ৰস্তাৱ আছে লাহে লাহে জিলা আয়ুক্তই তাক ৰূপায়ণ কৰিব ৷ কিন্তু চৰকাৰ বা ৰাজ্য চৰকাৰে ইয়াত হস্তক্ষেপ নকৰে ৷ আনহাতে জুবিন গাৰ্গ ক্ষেত্ৰ সন্দৰ্ভত কয় যে আমি এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছো আৰু তেওঁলোকে আলোচনা কৰি আছে ৷ সকলোকে সময়সীমা দি থাকিলে মুখ্যমন্ত্ৰীক বেয়া পাব ৷ গতিকে মই সময় দিয়া কামটো নকৰো ৷

ইপিনে জুবিন গাৰ্গৰ হৈ বিজেপিয়ে উলিওৱা ন্যায় যাত্ৰাকলৈ অখিল গগৈ আৰু কংগ্ৰেছ দলে সমালোচনা কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অখিল গগৈ আৰু কংগ্ৰেছৰ সমালোচনা কোনে কেয়াৰ কৰে ? অখিল গগৈয়ো ৰিজেক্টেড বস্তু, কংগ্ৰেছো ৰিজেক্টেড বস্তু ৷ গতিকে এনেকুৱা মানুহৰ নাম কওক যি ৰিজেক্টেড নহয় ৷ এই পঞ্চায়ত নিৰ্বাচন হৈ গ’ল দুয়োটা দলে ৰিজেক্টেত হৈ গ’ল নে নাই ? গতিকে ৰিজেক্টেড বস্তুক দোকানটো কোনেও নিকিনে ৷ সেয়ে আমি তেওঁলোকৰ কথা কিয় শুনিব লাগে বুলি কয় ৷

আমি আমাৰ কাম কৰিব লাগে ৷ লুৰীণজ্যোতি গগৈয়ে কৰা পদত্যাগৰ দাবী সন্দৰ্ভত কয় যে তেওঁ মোৰ আসনখনত বহিব বিচাৰে নেকি ? তেনেকে চুটিকৈ কাম নহয় ৷ লুৰীণজ্যোতি গগৈয়ে দুটা নিৰ্বাচন হাৰিছে ৷ হৰা মানুহজনো মুখ্যমন্ত্ৰী হ’ব নেকি ? তিনিবাৰ চেষ্টা কৰক ৷ আমাৰ শুভেচ্ছা আছে ৷

ইপিনে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখনৰ সন্দৰ্ভত কয় যে বৰ্তমানলৈকে ৰাজ্যখনৰ প্ৰায় ২০ টা সমষ্টিত এই আঁচনিখনৰ অধীনত আমাৰ পুঁজি বিতৰণৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে ৷ প্ৰত্যেক মাহতে আমি ২০ টা – ২৫ টা সমষ্টিত এনেদৰে পূঁজি বিতৰণ কৰি থাকিম যাতে জানুৱাৰীৰ মাঘ বিহুৰ আগতে আমাৰ এই বিতৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব পাৰে ৷

মহিলাসকলৰ মাজত যথেষ্ট উৎসাহ ৷ আঁচনিখন তেঁওলোকে ভালকৈ বুজি পাইছে আৰু সকলোৱে এই ধন উৎপাদনমুখী কামত ব্যৱহাৰ কৰাৰ কাৰণে সংকল্প লৈছে ৷ মই ভাবো ই ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিত এটা বিশাল প্ৰভাব পেলাবলৈ সক্ষম হ’ব৷

কোকৰাঝাৰৰ ৰে’ল পথত বিস্ফোৰণ সন্দৰ্ভত এজনক চিনাক্ত- মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বঙাইগাঁৱত কোকৰাঝাৰৰ ৰে’ল পথত সংঘটিত আইইডি বিস্ফোৰণৰ ঘটনাত জড়িত এজনক ইতিমধ্যে চিনাক্ত কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীক সাংবাদিকে ৰে’ল পথত হোৱা বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত সোধাত তেওঁ কয় যে যোৱা নিশা ক’বলৈ গলে ৰাজ্যবাসী এটা ভয়াৱহ দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিছে ৷ পুৱতি নিশা তিনি মান বজাত ডি জি পিয়ে ফোনযোগে তেওঁক অৱগত কৰিছিল যে ৰে’ল পথৰ এটা বিশেষ অংশ আইডি বিস্ফোৰণ ঘটাই উৰুৱাই দিয়া হৈছিল ৷ ৰে’ল এখন পাৰ হৈ গৈছিল ৷ লোক পাইলট গৰাকীয়ে দেখা পায় আৰু তেওঁ ৰে’লৱে বিভাগক খবৰ দিয়ে ৷ পিচত ৰে’লৱে বিভাগে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম ইতিমধ্যে লাভ কৰিছে আৰু আৰক্ষীয়ে অনুসন্ধান কৰি আছে ৷ এই ঘটনাটো যদি সেই লোক পাইলট গৰাকীৰ চকুত নপৰিলেহেতেন তেতিয়াহলে হয়তো পুৱতি নিশালৈকে আমি বহুত বেয়া খবৰ এটা শুনিবলগীয়া হ’লহেতেন ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে নিশাই কোকৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে আৰু নিশাৰ ভিতৰতে ৰে’ল পথচোৱা মেৰামতি কৰা হয় আৰু বৰ্তমান সাধাৰণভাবে ৰে’লৰ চলাচল আৰম্ভ হৈছে ৷ ঘটনাৰ লগত কোনোবা উগ্ৰপন্থী জড়িত হয় নে নহয় বিতংকৈ প্ৰকাশ কৰাৰ পৰা বিৰত থাকি তেওঁ কয় যে এজন ব্যক্তিক আমি চিনাক্ত কৰিছো আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে অসম আৰু ঝাৰখণ্ডত বিভিন্ন গোচৰ আছে ৷ খুব সম্ভৱ আমি বা অসম আৰক্ষীয়ে চেষ্টা কৰি ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ম ৷ ব্যক্তিজনৰ পিছফালে কোনোবা সংগঠন আছে নে নাই সেইটো পৰৱৰ্তী পৰ্যায়তহে ধাৰণা কৰা যাব বুলিও কয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!