অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SHOOTING: জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত ভাৰতৰ অনুষ্কা ঠাকুৰৰ দ্বিতীয়টো সোণ

Spread the love

জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত ভাৰতৰ অনুষ্কা ঠাকুৰৰ দ্বিতীয়টো সোণ

DD TIMES নতুন দিল্লী, ২৮ ছেপ্টেম্বৰঃ ভাৰতৰ অনুষ্কা ঠাকুৰে চলিত আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত নিজৰ দ্বিতীয়টো সোণৰ পদক জয়ৰ গৌৰৱ অৰ্জন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্বোধনীৰ দিনা মহিলাৰ ৫০ মিটাৰ ৰাইফল প্ৰ’ন ইভেণ্টত ভাৰতক প্ৰথমটো সোণ দিয়া অনুষ্কাই আজি ৫০ মিটাৰ ৰাইফল থ্ৰী প’জিছন ইভেণ্টত দ্বিতীয়টো সোণ অৰ্জন কৰে৷ উল্লেখ্য যে এয়া প্ৰতিযোগিতাত ভাৰতীয় শ্বুটাৰৰ চতুৰ্থটো সোণৰ পদক৷

Oplus_131072

ইফালে, নতুন দিল্লীৰ ডাঃ কাৰ্ণী সিং শ্বুটিং ৰেঞ্জত চলি থকা প্ৰতিযোগিতাখনৰ আজি চতুৰ্থদিনা ভাৰতে আৰু এটা ৰূপৰ পদক জয় কৰি মুঠ ১৩ টা পদকৰে তালিকাৰ শীৰ্ষস্থানতে আছে৷ পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী প’জিছন ইভেণ্টত ভাৰতৰ হৈ ৰূপ অৰ্জন কৰে এড্ৰিয়ান কৰ্মকাৰে৷ ইফালে, আজি আই অ’ চিৰ নিৰপেক্ষ শ্বুটাৰে অনবদ্য প্ৰদৰ্শন কৰি এটা সোণসহ চাৰিটা পদক পায়৷

মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী প’জিছনত প্ৰত্যাশিত আৰম্ভনি কৰা অনুষ্কাই কোৱালিফায়িং ৰাউণ্ডত শীৰ্ষত থকাৰ পাছত ফাইনেলতো প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি ৪৬১.০ পইণ্টকে সোণৰ পদকৰ গৰাকী হয়৷ এই শাখাত নিৰপেক্ষ এথলীট আনাষ্টাছিয়া ছ’ৰ’কিনাতে ৰূপৰ তথা তেওঁৰ সতীৰ্থ মাৰিয়া ক্ৰুগ্ল’ভাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে অনুষ্কাই প্ৰথমদিনা ৫০ মিটাৰ ৰাইফল প্ৰ’ন ইভেণ্টত ছটা ছিৰিজৰ শ্বুটিঙৰ অন্তত মুঠ ৬২১.৬ পইণ্টৰে স্বৰ্ণ পদক লাভ কৰিছিল৷

ইফালে, পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী প’জিছন ইভেণ্টত ভাৰতৰ এড্ৰিয়ান কৰ্মকাৰেও শীৰ্ষস্থানতে থাকি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল যদিও পদক নিৰ্ণয় খেলত মানসিক দৃঢ়তা ধৰি ৰাখিব নোৱাৰি ৪৫৪.০ পইণ্টৰে ৰূপ পায়৷ নিৰপেক্ষ খেলুৱৈ ডিমিট্ৰি পিমেনভে ৪৬১.০ ৰে স্বৰ্ণ তথা আন এজন নিৰপেক্ষ খেলুৱৈ কামিল নুৰিয়াখমেটভে ৪৪১.০ পইণ্টৰে ব্ৰঞ্জৰ পদক দখল কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!