অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Shilbari Village Guard Organization: শিলবৰীত গাঁওৰক্ষী সংগঠনৰ উদ্যোগত বিশেষ সজাগতা সভা

Spread the love

শিলবৰীত গাঁওৰক্ষী সংগঠনৰ উদ্যোগত বিশেষ সজাগতা সভা

DD TIMES শিলবৰী, ১২ নৱেম্বৰঃ দৰং জিলাৰ দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত শিলবৰী আৰক্ষী চকী আৰু বৃহত্তৰ শিলবৰী গাওঁৰক্ষী বাহিনীৰ উদ্যোগত মঙ্গলবাৰে আবেলি ৩ বজাৰ পৰা শিলবৰী খেলপথাৰত অনুষ্ঠিত হয় এক বিশেষ সজাগতা সভা।


সভাখনত বৰ্তমান সমাজত বেলেগ বেলেগ ৰূপ লৈ অহা বাল্য বিবাহ, নাৰী নিৰ্যাতন, শিশু শ্ৰমিক, মাদক দ্ৰব্য সেবন, ভাং-জোৱা, নাৰী শিক্ষা, ট্ৰাফিক আইন নিয়ন্ত্ৰণ আদিৰ বিষয়ে সচেতনামূলক আলোচনা কৰা হয়।


এই বিশেষ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া ভাৰ্গৱ দাস, দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ নাৰ্জাৰী, শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ক্ষীৰোদ সোনোৱাল, শিলবৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মৌছিনা খানম, স্থানীয় শিক্ষক সূৰুয আলী আদিসহ বহু মান্য-গণ্য ব্যক্তি।


বক্তাসকলে সভাত সমাজৰ বিভিন্ন অসংগতিৰ বিৰুদ্ধে একত্ৰিতভাৱে ৰাইজে আগবাঢ়ি অহাৰ আহ্বান জনায়।

তেওঁলোকে বিশেষকৈ যুৱ সমাজক সচেতন কৰি সুস্থ সমাজ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।


উক্ত সভাত বৃহত্তৰ শিলবৰী অঞ্চলৰ সহস্ৰাধিক ৰাইজ, ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলাসকলে অংশগ্ৰহণ কৰে। সভাৰ অন্তত সকলোৰে মুখে একে ধ্বনি— “এইধৰণৰ সচেতনামূলক সভা নিয়মিতভাৱে অনুষ্ঠিত হ’ব লাগিব।

সভাখনত অংশগ্ৰহণকাৰীসকলে বৃহত্তৰ শিলবৰী গাঁওৰক্ষী সংগঠনক এই গুৰুত্বপূর্ণ উদ্যোগৰ বাবে আন্তৰিক ধন্যবাদ জনায়।

মঙ্গলবাৰে শিলবৰী খেলপথাৰত আয়োজিত বিশেষ সজাগতা সভাখনত বিশেষভাৱে আগভাগ লয় দলগাওঁ গাওঁৰক্ষী বাহিনীৰ ক্ষেত্ৰ বিষয়া মহেশ্বৰ নাথ, বৃহত্তৰ শিলবৰী অঞ্চলৰ গাওঁ ৰক্ষী বাহিনীৰ মোজ্জামিল হক (বেছিমাৰী) সৰাফত আলী (নলবাৰী) আবুবাক্কাৰ ছিদ্দিক (৩নং কছাৰী ভেটিটুপ) জয়নাল আব্দিন (ৰঙাগড়া পথাৰ) তৰুন চৰকাৰ (দৰং বাহাঝাৰ) তাপস মল্লিক (বৰঝাৰ) হবিবুৰ ৰহমান (শিলবৰী) জাকিৰ হুছেইন (বেছিমাৰী) হাইছ উদ্দিন (ৰঙাগড়া) জমিলা খাতুন (২নং কছাৰী ভেটিটুপ) দিলোৱাৰা বেগম (শিলবৰী) ফৰিদা বেগম (নলবাৰী)।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!