SHADOW: মই আৰু মোৰ ছাঁ
মই আৰু মোৰ ছাঁ
DD TIMESৰ আজিৰ কবি ঐজ্যোতি চুতীয়া

আইৰ পৰা যদি শিকিছো এটা
পিতাইৰ পৰা শিকিছো দুটা
দেখিও শিকিছো
শুনিও শিকিছো
ভুলৰ পৰা শিকিছো
কিতাপৰ পৰাও শিকিছো
গুৰুৰ পৰাও শিকিছো
অনাখৰীৰ পৰাও শিকিছো
শিকিছো সূৰ্যৰ পৰাও
কেনেকৈ পোহৰ বিলাব লাগে
গছৰ পৰাও শিকিছো
কেনেকৈ ছাঁ দিব লাগে
মাটিৰ পৰাও শিকিছো
নিৰাশ্ৰয়ক কেনেকৈ আশ্ৰয় দিব লাগে
নদীৰ পৰাও শিকিছো
নিজৰ লক্ষ্য স্থিৰ কৰি
কেনেকৈ মৃত্যুৰ দিনটোলৈকে
নিৰন্তৰ কৰ্ম কৰিব লাগে
তথাপি কিবা এটা সংশয়ে
সঘনে বুকুত খুন্দিয়াই থাকে মোক
যদি জীৱনে কয়
তুমি মোক একো নিদিলা
সজাৰ পখীৰ দৰে
তুমিও মোক পিঞ্জৰাবদ্ধ কৰি ৰাখিলা
আগফালে গ’লেও কোৱা
নদীখন পাৰ নহ’বা
পাছফালে গ’লেও কোৱা
হাবিখন পাৰ নহ’বা
মুক্ত মনে ঘূৰি
ক’ত আছে কানাইৰ খোজ
তাতে আঁঠু লৈ
প্ৰাপ্তিৰ সুখত
মূৰত ল’বলৈ নিদিলা এটা ধূলি
তেতিয়া বাৰু মই কি প্ৰত্যুত্তৰ দিম
যা, গোলাপৰ কাঁইটৰ আঁচুৰ খাই
ক’ত মৰিব মন গৈছে
আজিয়েই মৰগৈ যা বুলি
গা এৰি দিম!
নিদিওঁ নিদিওঁ
হিয়াৰ মমতাত বুজাম
এবাৰত বুজি নাপালে
এশবাৰ বুজাম
বিচাৰিব যদি জানা
তুমি বিচাৰি থকা জনক
নিজৰ বুকুৰ মাজতে পাবা
আৰু যদি অবাধ্য হোৱা
সংসাৰখন বিচাৰিলেও মিছা
নোপোৱা ক’তো তেৱঁৰ উৎস
যেনেকৈ এদিন
আশা সপোন সিঁচি
আয়ে বুজাইছিল মোক।
,

