Senior Sports Journalists Honoured: হিউমেন পাৱাৰ ফাউণ্ডেচনৰ উদ্যোগত ৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা
হিউমেন পাৱাৰ ফাউণ্ডেচনৰ উদ্যোগত ৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা
জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহাৰ জন্মদিন পালন

DD TIMES গুৱাহাটী, ২৪ ডিচেম্বৰঃ বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত বে-চৰকাৰী সংস্থা “হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ উদ্যোগত ৪গৰাকী ৰাজ্যৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা প্ৰদান কৰা হয়। ২০১৫ চনৰ পৰা সমাজিক,সাংস্কৃতিক তথা ক্ৰীড়াৰ দিশত সামাজিক দায়বদ্ধতাৰে কাম কৰি আহিছে এই সংস্থাটোৱে।

১০টা বসন্ত গৰকা সংস্থাটোৱে ২০২৫ বৰ্ষৰ অন্তিমভাগত আয়োজন কৰা এই অনুষ্ঠানটোত ৪ গৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক ক্ৰমে- পবিত্র গগৈ,উদয় বৰগোঁহাই ,পুলিন সাহা আৰু জয়ন্ত কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন কৰে । ক্ৰীড়া সাংবাদিকতাৰ জৰিয়তে কেইবাটাও দশক জুৰি অসমৰ ক্ৰীড়া ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই এই সম্বৰ্ধনা জ্ঞাপন কৰে হিউমেন পাৱাৰ ফাউণ্ডেচনে।

গামোচা,চেলেং ,জাপি, প্ৰশস্তি পত্রৰে ৪ গৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক আদৰিলে সংস্থাৰ বিষয়-ববীয়াই । মৰম আৰু শ্ৰদ্ধাৰে এটাকৈ গছপুলিও উপহাৰ দিলে ৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক । “হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ সম্পাদিকা অঞ্জনা দাসে উদ্দেশ্য ব্যাখা কৰা অনুষ্ঠানটোৰ আঁতধৰে সংস্থাৰ সাংস্কৃতিক সম্পাদক চন্দন গৌতম গোস্বামীয়ে । সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিল “অভিৰুচি গোষ্ঠী”ৰ প্ৰতিস্থাপক অধ্যক্ষ তথা সক্ৰিয় ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী ।
তদুপৰি “হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ মুখ্য উপদেষ্টা ৰাজীৱ প্ৰকাশ বৰুৱা তথা কেইবাগৰাকীও নবীন-প্ৰবীণ সাংবাদিকৰ উপস্থিতিত এই সম্বৰ্ধনা গ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰে ৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকে ।
ইফালে ,জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহাৰ জন্মদিন উপলক্ষে কেক কাটি ওপজাদিনৰ ওলগ জনালে সংস্থাৰ বিষয়-ববীয়া তথা উপস্থিত শুভকাংশীয়ে । সম্বৰ্ধনা গ্ৰহণ কৰা ৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক শুভেচ্ছা জ্ঞাপন কৰে “হিউমন পাৱাৰ ফাউণ্ডেচন”ৰ সভাপতি বিদ্যা ইংতি-এ ।
“হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰিছে উপস্থিত ক্ৰীড়া অনুৰাগীয়ে । শেষত শলাগৰ শৰাই আগবঢ়ায় “হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ সদস্য তথা যুৱ ক্ৰীড়া সাংবাদিক চিন্ময় কুমাৰ দাসে ।
অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰথমগৰাকী সাঁতোৰৰ এন আই এছ প্ৰশিক্ষক ৰমেন দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে
৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকৰ বিষয়ে কিছু কথাঃ
পবিত্র গগৈঃ ফুটবলৰ এন আই এছ ,প্ৰাক্তন খেলুৱৈ ,ধাৰাভাষ্যকাৰ পবিত্র গগৈয়ে ১৯৯২ চনত “আসাম ট্ৰিবিউন” কাকতৰ জৰিয়তে ক্ৰীড়া সাংবাদিক ৰূপে আত্মপ্ৰকাশ কৰিছিল । ২০২০ বৰ্ষত “আসাম ট্ৰিবিউন” কাকতৰ পৰা অৱসৰ লোৱাৰ পাছত ৰচনা কৰি উলিয়াইছে ৮ খন গ্ৰন্থ । পবিত্র গগৈৰ প্ৰশিক্ষণতে ১৯৮৬ চনত আৰু ১৯৯২ চনত “সুব্ৰত কাপ”ত অসমে দুবাৰকৈ দখল কৰিছিল চেম্পিয়নৰ খিতাপ।
উদয় বৰগোঁহাইঃ কলেজীয়া দিনত পঢ়ি থাকোতেই চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ ডিপ্লিং চাহ বাগিছাৰ পৰা আৰম্ভ হৈছিল সাংবাদিকতাৰ কেৰিয়াৰ ।গুৱাহাটীলৈ আহি “নৱজ্যোতি “,” অভিযান” আদি সাপ্তাহিক বাতৰি কাকত সংবাদসেৱা আগবঢ়ায় । পিছৰ পৰ্যায়ত “নতুন দৈনিক”, “অগ্ৰদূত” আদি কিছু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰাৰ পাছত “অসমীয়া খবৰ” কাকতত আৰম্ভণীৰে পৰা সংবাদ সেৱাত ব্ৰতী হোৱাৰ পাছত অৱসৰ গ্ৰহণ কৰে। “ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা,অসম”ত দুটা বছৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পাছত বৰ্তমান মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।
পুলিন সাহাঃ বিগত ৪৬টা বছৰে অসমৰ ক্ৰীড়া সাংবাদিকতা ক্ষেত্রত এগৰাকী অক্লান্ত প্ৰহৰী হ’ল পুলিন সাহা। ১৯৭৯ চনত “যুংগশংখ”ৰ জৰিয়তে আৰম্ভ কৰিছিল সাংবাদিকতাৰ কেৰিয়াৰ ।”যুগশংখ”ৰ উপৰি “আজিৰ বাতৰি”,”নতুন দৈনিক”,”অসমীয়া প্ৰতিদিন” আদি কেইবাখনো প্ৰতিষ্ঠিত বাতৰি কাকতত বিগত কেইবা দশক আগবঢ়াইছে সংবাদসেৱা।
জয়ন্ত কুমাৰ দাসঃ সাংবাদিকতাৰ ক্ষেত্রত ৩৯টা বসন্ত গৰকিলে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাসে। ১৯৮৬ চনৰ পৰা ২০০৯ বৰ্ষলৈকে খবৰ কাকতত সেৱা আগবঢ়াইছিল তেওঁ। ইয়াৰ ভিতৰত অন্যতম “আজিৰ অসম”, “নতুন দৈনিক”,”দৈনিক অসম”, “অসমীয়া খবৰ”, “জনমভূমি” আদি। ২০০৯ বৰ্ষৰ পৰা বিগত ১৬ টা বছৰে অসমৰ এটি জনপ্ৰিয় চেটেলাইট চেনেলত জ্যেষ্ঠ সাংবাদিক ৰূপে কৰ্মৰত হৈ আছে জয়ন্ত কুমাৰ দাস।

