অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SENIOR JOURNALIST: প্ৰবীণ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীৰ মৃত্যুত দল-সংগঠনৰ শোক

Spread the love

প্ৰবীণ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীৰ মৃত্যুত
মিডিয়া এছ’চিয়েছন, অসমৰ শোক প্ৰকাশ

DD TIMES গুৱাহাটী, ২৪ অক্টোবৰঃ প্ৰবীণ সাংবাদিক, সাহিত্যিক, দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা অসম ভূমি কাকতৰ সম্পাদক বৈকুণ্ঠনাথ গোস্বামীয়ে আজি পুৱা হেঙেৰাবাৰী হাউছিং কলনিৰ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে৷

গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে মিডিয়া এছ’চিয়েছন, অসমে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত মিডিয়া এছ’চিয়েছনৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা আৰু সম্পাদক প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়াই উল্লেখ কৰে যে গোস্বামীদেৱে বিভিন্ন কাকতত সাংবাদিকতা কৰাৰ উপৰি ইউ এন আইৰ পাটনাৰ ব্যুৰ’ চীফ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷

দৈনিক গণ অধিকাৰ, নিয়মীয়া বাৰ্তা, অসম বাণী আদি কাকতৰ নিয়মীয়া স্তম্ভলেখক গোস্বামীৰ মৃত্যু অসমৰ সংবাদ আৰু সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি৷


দেশৰ লগতে ৰাজ্যখনৰ ৰাজনীতি, অৰ্থনীতি, সমাজনীতি সকলো বিষয় তেখেতৰ নখ দৰ্পণত আছিল।পৰোপকাৰী, স্পষ্টবাদী গোস্বামী আছিল এগৰাকী সুদক্ষ ৰাজনৈতিক বিশ্লেষক৷

মৃত্যুৰ সময়ত গোস্বামীয়ে পত্নী, জী-জোৱাই, পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায়৷ বাসগৃহ আৰু গুৱাহাটী প্ৰেছ ক্লাবত শেষ শ্ৰদ্ধা জনোৱাৰ পাছত বিয়লি স্থানীয় নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!