অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SBI-ITF Junior J60 International Tennis: এছবিআই-আইটিএফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছৰ ছোৱালীৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰত অসমৰ শ্বেৰী শৰ্মা

Spread the love

এছবিআই-আইটিএফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছৰ ছোৱালীৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰত অসমৰ শ্বেৰী শৰ্মা

DD TIMES গুৱাহাটী, ১৮ নৱেম্বৰঃ ৱাইল্ড কাৰ্ড লাভ কৰি চলিত এছবিআই-আইটিএফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ মুল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰা অসমৰ শ্বেৰী শৰ্মাই আজি দ্বিতীয় দিনা অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ এখন খেলত দেশৰে প্ৰতিদ্বন্দ্বী সৱৰ্ণিকা বিছানাকাৰক ৭-৫, ৬-১ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি ছোৱালীৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷

বিপৰীতে মহানগৰীৰ চচলস্থিত অসম টেনিছ সন্থাৰ প্ৰকল্পত চলি থকা প্ৰতিযোগিতাখনৰ ল’ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ এখন মেচত ৱাইল্ড কাৰ্ড লাভ কৰি মুল ৰাউণ্ডত খেলা অসমৰ আন এগৰাকী খেলুৱৈ ৰৌণক কাশ্যপ শীৰ্ষ বাচনিৰ আৰধ্যা ক্ষিতিজৰ বিৰুদ্ধে ৬-০, ৬-১ৰ পোনপটিয়া ছেটত পৰাস্ত হৈ বিদায় লয়৷

ইফালে, আজিয়ে আৰম্ভ হোৱা ডাবলচৰ খেলতো ৰাজ্যৰ খেলুৱৈয়ে ব্যৰ্থতাৰ সন্মুখীন হয়৷ ল’ৰাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অসমৰ নিব্ৰাছ কে হুছেইন আৰু ৰৌণক কাশ্যপ যুটি হৃতিক কটাকম আৰু প্ৰকাশ ছাৰণৰ বিৰুদ্ধে ৬-৪, ৬-১ পোনপটিয়া ছেটত পৰাস্ত হয়৷

উল্লেখ্য যে সৰ্বভাৰতীয় টেনিছ সন্থা [আইটা] আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন [আইটিএফ] ৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনত অসমৰ চাৰিগৰাকী খেলুৱৈয়ে ৱাইল্ড কাৰ্ড লাভ কৰি মুল ৰাউণ্ডত খেলাৰ সুযোগ পাইছিল৷

প্ৰথমদিনা অসমৰ নিব্ৰাছ আৰু অৰ্ণৱী দেবনাথ ল’ৰা-ছোৱালীৰ একক শাখাৰ প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈছিল৷

প্ৰতিযোগিতাৰ আজি হোৱা ল’ৰাৰ একক শাখাৰ অন্য খেলত জয়ৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে প্ৰকাশ ছাৰণ, আৰুষ কোটে, আদিত্য মোড়, প্ৰতীক শ্বেৰণ, ওম বাৰ্মা, শৌয্য স্বৰূপ, প্ৰনীল শৰ্মা আৰু অমৃত ধনকাৰে৷ আনহাতে, ছোৱালীৰ একক শাখাত জয়া কাপুৰ, চৈলেশ্বৰী ভেলমণিকন্দন আৰু অদ্বিতা গুপ্তাই প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে৷

ইফালে, ল’ৰাৰ ডাবলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিছে ভাৰতৰ যশৱিন দহিয়া আৰু কাজাখস্তানৰ মনছুৰ চাইনভ যুটি, এল এছ কম্বিলা আৰু প্ৰতীক শ্বেৰণ তথা অমৃত ধনকাৰ আৰু গৌতম শনমুগাসুন্দৰম যুটি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!