অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Santal Student Association: জনজাতিকৰণৰ দাবীত চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰ*তি*বা*দী সমদল

Spread the love

জনজাতিকৰণৰ দাবীত চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰ*তি*বা*দী সমদল


জনজাতিকৰণ নিদিলে ’২৬ত বিজেপিক ৰঙা চকু দেখুৱাব চাওঁতাল ৰাইজে

DD TIMES ধনশিৰি, ১০ নৱেম্বৰঃ অসমত বাস কৰা চাওঁতাল সকলক জনজাতি মৰ্যদা প্ৰদান কৰক, চাওঁতাল জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, কলা-কৃষ্টিৰ সংৰক্ষণৰ কাৰনে চাওঁতাল উন্নয়ন পৰিষদ গঠন কৰা, ইনক্লাৱ জিন্দাবাদ, নৌ এছ টি নৌ ৰেষ্ট, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ লাজ নাই, চাওঁতাল আজি ৰাজপথত হিমন্ত তোমাৰ কাম নাই, আমাৰ দাবী মানিবই লাগিব, চাওঁতাল ছাত্ৰ সন্হা জিন্দাবাদ, চাওঁতাল সকলক চাহ জনজাতি নামকৰণ বন্ধ কৰক, চাওঁতালত মাটিৰ পট্টা প্ৰদান কৰক, আমাৰ দাবী ন্যায্য দাবী আদি প্ৰতিবাদী শ্ল’গানেৰে সৰুপথাৰ নগৰ উত্তাল কৰি তুলে সদৌ গোলাঘাট জিলা চাওঁতাল ছাত্ৰ সন্হাৰ উদ্যোগত সৰুপথাৰ সমজিলা, মেৰাপানী, উত্তৰ গোলাঘাট, বোকাখাট আঞ্চলিক সমিতি, ধনশিৰি আঞ্চলিক চাঁওতাল মাঝি মণ্ডলৰ সহযোগত প্ৰায় তিনি হাজাৰ চাওঁতাল ৰাইজে সৰুপথাৰত বৃহৎ প্ৰতিবাদী সমদল কাৰ্যসুচী হাতত লয় ৷

প্ৰতিবাদী সকলে সৰুপথাৰ পি এম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা সৰুপথাৰ নগৰ মাজমজিয়াইদি প্ৰায় চাৰি কিলোমিটাৰ পথ অতিক্ৰম কৰি সৰুপথাৰ ৰাজহুৱা খেলপথাৰলৈকে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷

ভাৰতীয় সংবিধানৰ ৩৪২নং অনুচ্ছেদ অনুসৰি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ লগতে অসমৰ চাওঁতাল সকলক মাটি পট্টা প্ৰদান, অসমত বাস কৰা চাওঁতাল সকলক চাহ জনজাতি নামাকৰণৰ সলনি চাঁওতাল হিচাপে জাতিগত প্ৰমান প্ৰত্ৰ প্ৰদান কৰা, বিগত ২২ বৰ্ষত হোৱা ত্ৰিপাক্ষিক আদিবাসী শান্তি চুক্তি প্ৰতিটো দফা কাৰ্যকৰীকৰণ, অসমত আন্তঃৰাজ্যিক পাৰ প্ৰত্ৰৰ ব্যৱস্হা প্ৰৱৰ্তন কৰাৰ দাবীত প্ৰতিবাদী সমদল কাৰ্যসুচীত চাওঁতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ হেম্বৰম, উপ-সভাপতি লক্ষীনাথ হেম্বৰম, প্ৰচাৰ সম্পাদক পুণেশ্বৰ বাস্কে,পনত পাৰগানা প্ৰত্যেকৰাম কিস্কু, ধনশিৰি আঞ্চলিক মাঝি মণ্ডলৰ সভাপতি ফনিচন্দ্ৰ মাৰ্ডি, বুধনাথ কিস্কু, সম্পাদক চিদ চৰেন, এছুৰ কাৰ্য্যনিৰ্বাহ সদস্য বাবুল হেমৰম, এছুৰ প্ৰাক্তন সভাপতি দিলীপ মুৰ্মু, জিলাৰ সভাপতি প্ৰদীপ হেমৰম, সম্পাদক দিবাকৰ মুৰ্মু, এছু সৰুপথাৰ সম জিলাৰ সভাপতি চম্পক মাৰ্ডি, সম্পাদক যতীন হাচঁদা, জিলাৰ কাৰ্য্যালয় সম্পাদক ৰাহুল চৰেন, সম্পাদক ৰাজেন মাৰ্ডি, ৰবিন হাচঁদা, ৰুপু বেশ্ৰা, শিবু চৰেন,আকাশ চৰেন,মুনু মুৰ্মু,মুনমুন হাচঁদা, জিলাৰ সদস্য মনোজ মুৰ্মু, জীতেন মুৰ্মু, সঞ্জীৱ হেমৰম,ৰমেশ কিস্কু, ৰশ্মি হাচঁদাকে ধৰি ভালে সংখ্যক চাওঁতাল ৰাইজে অংশগ্ৰহন কৰে ৷


প্ৰতিবাদী কাৰ্যসুচীৰ শেষত দণ্ডাদীশৰ উপস্হিতিত চাওঁতাল উন্নয়ন পৰিষদ গঠন, চাওঁতালসকলক চাহ জনজাতি পৰিৱৰ্তে চাওঁতাল জনগোষ্ঠীৰ জাতিৰ প্ৰমাণ প্ৰদান কৰা, চাওঁতাল সকলৰ ভুমি সংৰক্ষণ কৰি মাটি পট্টা প্ৰদান, চাওঁতালী ভাষাৰ শিক্ষক নিযুক্তি, উচ্চ শিক্ষাৰ ক্ষেত্ৰত চাওঁতাল ছাত্ৰ-ছাত্ৰীসকলৰ কাৰনে সংৰক্ষনৰ ব্যৱস্হা কৰা, ভুমিহীন লোকক মাটি প্ৰদান, অসমত ইনাৰ লাইন পাৰমিটৰ ব্যৱস্হা প্ৰৱৰ্তন কৰাৰ দাবীত সৰুপথাৰ সমজিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখনি স্মাৰক প্ৰত্ৰ প্ৰদান কৰি ৰাষ্ট্ৰপতি আৰু গৃহ বিভাগলৈ প্ৰতিলিপি প্ৰেৰণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!