অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SANSKRT PANDIT: সংস্কৃত পণ্ডিত বৈকুণ্ঠ নাথ চক্ৰৱৰ্তীৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন

Spread the love

অসম সাহিত্য সভাৰ উদ্যোগত সংস্কৃত পণ্ডিত বৈকুণ্ঠ নাথ চক্ৰৱৰ্তীৰ ১২৫ বছৰীয়া জন্ম জয়ন্তী উদযাপন আৰু স্মাৰক গ্ৰন্থ ‘জ্ঞান বৃক্ষ’ উন্মোচন

DD TIMES গুৱাহাটী, ২০ অক্টোবৰঃ পণ্ডিত বৈকুণ্ঠ নাথ চক্ৰৱৰ্ত্তী ৰ ১২৫ বছৰীয়া জয়ন্তী অসম সাহিত্য সভাৰ উদ্যোগত আৰু গুৱাহাটী কাৰ্যালয়ৰ সহযোগত ১৯ অক্টোবৰ তাৰিখে সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হৈ যায়।

বিশিষ্ট সাহিত্যিক গৰাকীৰ লগতে সদ্য প্ৰয়াত সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণৰ পিছতে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কনক চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় মূল সভা।

আদৰণী ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মাই বিশিষ্ট পণ্ডিত আৰু সাহিত্যিক গৰাকীৰ অসামান্য অৱদানৰ উল্লেখ কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমাহীয়া তিথিত শিল্পীগৰাকীয়ে মৃত্যুৰ পাছত অসমীয়া জাতিক সমন্বয়ৰ বন্ধনীৰে বান্ধি যোৱা শিল্পীগৰাকীৰ ক্ষীপ্ৰ আৰু নিৰপেক্ষ তদন্তৰ বাবে আহ্বান জনায়।

অসমীয়া বিশিষ্ট সংস্কৃত পণ্ডিত গৰাকীৰ পৰিয়ালৰ কেইবাজনো লোকো উপস্হিত থকা স্মৃতিচাৰণ সভাতে প্ৰয়াত সাহিত্যিক গৰাকীৰ জীৱন আৰু কৰ্মৰাজি সামৰি সাহিত্যিক যোগেন্দ্ৰ নাথ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা ‘জ্ঞানবৃক্ষ শীৰ্ষক ১৬০পৃষ্ঠাৰ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক কনক চন্দ্ৰ শৰ্মাৰ লগতে সাহিত্যিক, পৰিবেশবিদ ড° অৱনী কুমাৰ ভাগৱতী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নৰেন্দ্ৰ লহকৰ আৰু বিশিষ্ট উপন্যাসিক লীনা শৰ্মাই।

উন্মোচনী ভাষণত কনক চন্দ্ৰ শৰ্মাই পণ্ডিত গৰাকীৰ বৰ্ণিলl ব্যক্তিত্ব আৰু কৃচ্ছ্ৰসাধনাৰ শলাগ লৈ চক্ৰৱৰ্তীক সৃজনীশীল কবি পণ্ডিত বুলি অভিহিত কৰে।

মুখ্য অতিথি বিশিষ্ট কবি সাহিত্যিক অবনী ভাগৱতীয়ে সংস্কৃত সাহিত্যৰ অধ্যয়নৰ স্পৃহা বা সুবিধা নোপোৱাৰ বাবে অসমীয়া ভাষাৰ মান্যতা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

শিক্ষাবিদ ড° নৰেন্দ্ৰ লহকৰে পুৰণি পুথি সমূহৰ পাঠ উদ্ধাৰ কৰি পুথিভৰাল বা ডিজিটেল সংৰক্ষনত সংশ্লিষ্ট কৰতিপক্ষক গুৰুত্ব আৰোপ কৰিবলৈ ভাষণ প্ৰসংগত উল্লেখ কৰে।

গল্পকাৰ উপন্যাসিকা লীনা শৰ্মাই জ্ঞানবৃক্ষ গ্ৰন্থ খন এখন ইতিহাস আৰু গ্ৰন্থখন প্ৰকাশ কৰি এক মহান কৰ্ম সম্পাদন কৰা বুলি লেখক তথা উদ্যক্তা সকলক ধন্যবাদ জনায়।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেবজিত বৰাই সদৌতিকে কৃতজ্ঞতা জনায় সংস্কৃত আৰু অসমীয়া ভাষাৰ সাহিত্যিক সকলৰ লেখক কোষ পৰিবৰ্ধিত ৰূপত প্ৰকাশ কৰাৰ কথা ঘোষণা কৰে।

নলবাৰী বনগাঁওত জন্ম গ্ৰহণ কৰি সুদীৰ্ঘ চল্লিশ বছৰ ধুবুৰী হৰিসভা সংস্কৃত পাঠশালা শিক্ষা প্ৰদান কৰি 1976চনত ইহলীলা সম্বৰণ কৰা কবি, সাহিত্যক বৈকুণ্ঠ নাথ চক্ৰৱৰ্তীৰ বোৱাৰী অলকা চক্ৰৱৰ্ত্তী, সাহিত্যিক তথা জ্ঞানবৃক্ষ, গ্ৰন্থখনৰ সম্পাদক, সাহিত্যিক যোগেন্দ্ৰ নাথ শৰ্মা, লেখক, সহযোগী সম্পাদক উজ্জ্বল জ্যোতি দাস, অসম সাহিত্য সভাৰ বিত্তীয় নিধিৰ আহভায়ক গোবিন্দ কলিতা, অনুবাদ প্ৰকল্পৰ আহভায়াক হৃদয়নন্দ গগৈ, অঞ্জনা গগৈ, স্বাৰ্গজ্যতি চেতিয়া, চয়েদ মাৰুফ হুছেইন, অসম চৰকাৰৰ প্ৰাক্তন প্ৰশাসনিক প্ৰফুল্ল শৰ্মা, অসমী গগৈ, কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক সত্যনাৰায়ন শৰ্মা, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পুথিভৰালী উৎপল শৰ্মা প্ৰমুখ্যে কেবাজনো বিশিষ্ট লোক এই সভাত উপস্থিত আছিল।

উল্লেখযোগ্য যে বৈকুণ্ঠ নাথ চক্ৰৱৰ্তী অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ (১৯৭২)কবি সন্মিলনৰ সভাপতি আছিল।

শ্ৰীকৃষ্ণ লীলামৃতম, দেৱাৰ্চ্চনা পদ্ধতি, ব্ৰহ্মপুত্ৰ স্নান বিধি আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ। ১৯০০ চনত নলবাৰীত জন্মগ্ৰহণ কৰা প্ৰয়াত চক্ৰৱৰ্তীয়ে ১৯৭৬চনত কৰ্মস্থান ধুবুৰীত মৃত্যুবৰণ কৰিছিল।

আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰেয়সী ৰাওতে এটি গনেশ বন্দনা পৰিবেশন কৰাৰ লগতে গুৰু বন্দনা পৰিবেশন কৰে অলক্য শৰ্মা, ভনীতা শৰ্মা, অভিনৱ শৰ্মা আদি শিল্পীসকলে।

অনুষ্ঠানত ভাস্কৰ নগৰ উন্নয়ন সমিতিৰ সদস্য সকলে মায়াবিনী শীৰ্ষক গীতটি পৰিবেশন কৰি সদ্য প্ৰয়াত জুবিন গাৰ্গ লৈ শ্ৰদ্ধা নিবেদন কৰে।

”অ’ মোৰ আপোনাৰ দেশ” শীৰ্ষক জাতীয় সংগীতেৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!