অসমমুখ্যপৃষ্ঠাশিৰোনাম

শ্ৰীমন্ত শংকৰদেৱ ক্লাবৰ উদ্যোগত মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

Spread the love

শ্ৰীমন্ত শংকৰদেৱ নগৰ, ২৬ আগষ্টঃ শ্ৰীমন্ত শংকৰদেৱ ক্লাবে কালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি গাম্ভীৰ্যপূৰ্ণ আৰু ধৰ্মীয় ভক্তিৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ নগৰত পালন কৰে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ উদ্যানত স্থাপিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তিৰ ওচৰত ফুলৰ উছৰ্গা, ৪৫৭ গছি চাকি প্রজ্জ্বলন আৰু নাম-প্ৰসংগৰ মাধ্যমেৰে এই পৱিত্ৰ দিনটো উদযাপন কৰা হয়। অনুষ্ঠানত বক্তাসকলে মহাপুৰুষ শংকৰদেৱৰ সমাজ-সংস্কৃতি, ধৰ্মীয় পুনৰুজ্জীৱন আৰু অসমবাসীৰ মাজত ঐক্য-ভ্ৰাতৃত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ অমূল্য অবদানক গভীৰভাবে স্মৰণ কৰে। অনুষ্ঠানত বিশেষভাৱে উপস্থিত আছিল শ্ৰীমন্ত শংকৰদেৱ ক্লাবৰ মুখ্য উপদেষ্টা ৰাতুল শইকীয়া, সম্পাদক কপিল দেৱ সাহ, সভাপতি নয়ন জ্যোতি বৰা আৰু ক্লাবৰ কাৰ্যকৰী সদস্যবৃন্দ। অনুষ্ঠানৰ অন্তত উপস্থিতসকলে প্ৰসাদ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!